ETV Bharat / state

বিৰোধীয়ে একত্ৰিতভাবে সদন ত্যাগ কৰাক লৈ কিয় সৰৱ হ’ল মন্ত্ৰী পীযুষ হাজৰীকা? - Garukhuti Agriculture Project

Assam Assembly 2024: গৰুখুঁটি প্ৰকল্প সন্দৰ্ভত বিৰোধীয়ে একত্ৰিতভাবে সদন ত্যাগ কৰা প্ৰসংগত বিৰোধীক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাৰ চোকা সমালোচনা ৷ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফে একেলগে নিৰ্বাচন খেলিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰী হাজৰিকাই ৷ গৰুখুঁটি প্ৰকল্প কেতিয়াও বিফল হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত দাবী হাজৰীকাৰ ৷

Minister Piyush Hazarika slams Congress regarding Garukhuti Project
বিৰোধীয়ে একত্ৰিতভাবে সদন ত্যাগক লৈ কিয় সৰৱ হ’ল মন্ত্ৰী পীয়ুষ হাজৰীকা?
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 2:01 PM IST

বিৰোধীয়ে একত্ৰিতভাবে সদন ত্যাগক লৈ কিয় সৰৱ হ’ল মন্ত্ৰী পীয়ুষ হাজৰীকা?

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী: গৰুখুঁটি প্ৰকল্পৰ বিফলতাৰ প্ৰসংগ উত্থাপন কৰি বুধবাৰে বিৰোধীয়ে একত্ৰিতভাবে সদন ত্যাগ কৰে ৷ এই প্ৰসংগত সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰীকা । মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ, এআইইউডিএফ আৰু অখিল গগৈয়ে গৰুখুঁটি প্ৰকল্পক লৈ একেলগে সদন ত্যাগৰ আঁৰত ৰাজনৈতিক বুজা-পৰাৰ সম্ভাৱনা দেখিছে ।

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফে একেলগে নিৰ্বাচন খেলিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি মন্ত্ৰী হাজৰিকাই কয়, “বিগত নিৰ্বাচনত অসমত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা আছিল ৷ ইয়াৰ আগতেও মিত্ৰতা আছিল ৷ তেতিয়া শ্বেড’ মিত্ৰতা আছিল । কিন্তু ইলেকচনত হৰাৰ পিচত কংগ্ৰেছ-এআইইউডিএফে পৰস্পৰে পৰস্পৰক বেয়া বেয়াকৈ গালি পাৰিলে ৷ কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনতো মিত্ৰতা হ’ল ৷ নিৰ্বাচনৰ পিচতো গালি গালাজ দুয়োটা দলৰ ৷”

এআইইউডিএফ আৰু কংগ্ৰেছৰ লগতে অখিল গগৈকো সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “বিধানসভাত আজি AIUDF ৰ বিধায়কে গৰুখুঁঁটি প্ৰকল্পৰ প্ৰশ্ন আনিলে ৷ জঁপিয়াই পৰিল অখিল গগৈ, কংগ্ৰেছহে । বাহিৰত AIUDF ক অখিল গগৈ, কংগ্ৰেছ আৰু CPIM য়ে সাম্প্ৰদায়িক বুলি গালি-গালাজ কৰে ৷ কোনোবাই প্ৰশ্ন কৰিলে আৰু বিধানসভাৰ ৱাক ৱাউট কৰিলে প্ৰথমে কংগ্ৰেছ ৷ ভাত ৰান্ধিলে কোনোবাই খালে কোনোবাই ৷”

কংগ্ৰেছত যদুকূল ধ্বংসৰ আখৰা চলিছে বুলি মন্ত্ৰী হাজৰীকাই দাবী তুলি যদুকূল ধ্বংস হোৱাৰ দৰে কংগ্ৰেছ দলো নিঃশেষ হৈ পৰিব বুলি ভৱিষ্যদ্বাণী কৰে ৷ লগতে হাজৰীকাই গৰুখুঁটি প্ৰকল্প কেতিয়াও বিফল হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি গৰুখুঁটি প্ৰকল্প দীৰ্ঘম্যাদী প্ৰকল্প বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

লগতে পঢ়ক: গৰুখুঁটি প্ৰকল্পক লৈ বিৰোধীৰ সদন ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.