ETV Bharat / state

ডাম্বেল-বাৰ্বেল দাঙি মহাদেৱ ডেকাৰ সৈতে শৰীৰচৰ্চাত ব্যস্ত মন্ত্ৰী অতুল বৰা - Minister Atul Bora - MINISTER ATUL BORA

Minister Atul Bora in Kazirnaga : বাৰ্বেল-ডাম্বেল দেখি ৰ’বই নোৱাৰিলে মন্ত্ৰী অতুল বৰা ৷ মহাদেৱ ডেকাক কাষতে ৰাখি ডাম্বেল-বাৰ্বেল দাঙি কিছু সময় ব্যায়ামো কৰিলে এসময়ৰ বিশ্ববিদ্যালয়ৰ ভাৰোত্তোলক মন্ত্ৰী বৰাই ৷

Minister Atul Bora in Kazirnaga
শৰীৰ চৰ্চাত ব্যস্ত মন্ত্ৰী অতুল বৰা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 8:32 PM IST

কাজিৰঙা, 13 জুলাই : ৰাজনীতি অথবা খেতি পথাৰত নহয়, এইবাৰ ব্যায়ামাগাৰত দেখা গ’ল মন্ত্ৰী অতুল বৰাক ৷ ব্যায়ামাগাৰত বাৰ্বেল-ডাম্বেল দেখি ৰ’বই নোৱাৰিলে মন্ত্ৰী বৰা ৷ তাতে কাষতে মিঃ ইউনিভাৰ্ছ তথা শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাক কাষত পাই আত্মহাৰা হ’ল মন্ত্ৰীগৰাকী ৷ মহাদেৱ ডেকাক কাষতে ৰাখি ডাম্বেল-বাৰ্বেল দাঙি কিছু সময় ব্যায়ামো কৰিলে এসময়ত বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত শৰীৰচৰ্চাত সুনাম কঢ়িওৱা মন্ত্ৰী অতুল বৰাই ৷ শনিবাৰে কাজিৰঙাত এটা ব্যায়ামাগাৰ তথা জীম মুকলি অনুষ্ঠানত প্ৰখ্যাত শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাৰ সৈতে মন্ত্ৰী অতুল বৰাক এইদৰে দেখা গ’ল ৷

এইবাৰ ব্যায়ামাগাৰত মন্ত্ৰী অতুল বৰা (ETV BHARAT ASSAM)

'কাজিৰঙা ফিটনেছ হাব' নামৰ নতুনকৈ আৰম্ভ হোৱা এটা জিমত মহাদেৱ ডেকাৰ লগতে অতুল বৰাক ব্যস্ত হোৱা দেখা গ’ল শৰীৰচৰ্চাত ৷ মহাদেৱ ডেকাই যদি নিজৰ সুঠাম শৰীৰ প্ৰদৰ্শন কৰিছে, তাৰ বিপৰীতে মন্ত্ৰী অতুল বৰাই কোট-বুট পিন্ধিয়েই কৰিছে ব্যায়াম ৷ কাষতে ৰৈ মিঃ ইউনিভাৰ্ছ মহাদেৱ ডেকাই মন্ত্ৰী অতুল বৰাক উৎসাহিত কৰি দিলে হাততালি ৷ এসময়ৰ বিশ্ববিদ্যালয়ৰ ভাৰোত্তোলক তথা শৰীৰ চৰ্চাবিদ মন্ত্ৰী বৰায়ো হাঁহি হাঁহি, মহাদেৱ ডেকাৰ লগতে বাৰ্বেল দাঙি কৰিলে কিছু ব্যায়াম ৷

উল্লেখ্য যে, কাজিৰঙাত আজিৰে পৰা আৰম্ভ কৰা হৈছে এটা ফিটনেছ ক্লাব ৷ এই ফিটনেছ ক্লাৱ মুকলি অনুষ্ঠানত উপস্থিত হয় শৰীৰচৰ্চাবিদ মহাদেৱ ডেকা আৰু মন্ত্ৰী অতুল বৰা ৷ 2009 বৰ্ষতেই মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখল কৰা মহাদেৱ ডেকাই কাজিৰঙাত উপস্থিত হৈ প্ৰদৰ্শন কৰে নিজৰ শৰীৰ ৷ 57 বছৰ বয়সতো চফল ডেকা হৈ থকা শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাই কাজিৰঙাত মন্ত্ৰী অতুল বৰাৰ সৈত মুকলি কৰে এই ফিটনেছ ক্লাব ৷ কাজিৰঙা ফিটনেছ হাব নামৰ ক্লাবটো মুকলি কৰি মহাদেৱ ডেকাই কয় যে, শৰীৰচৰ্চাৰ বাবে কোনো বয়স নাথাকে ৷ সকলো বয়সৰ লোকে শৰীৰচৰ্চা কৰা উচিত ৷ যেনেকৈ পুৱা ব্ৰাছ কৰাটো প্ৰতিগৰাকী ব্যক্তিৰ এটা অলিখিত নিয়ম, ঠিক তেনেকৈ নিয়মিত শৰীৰৰ ব্যায়াম কৰাটোও প্ৰয়োজন ৷ কাৰণ, শৰীৰ ঠিকে থাকিলেহে মন, মগজু, বুদ্ধি সকলো ঠিকে থাকিব বুলি তেওঁ মন্তব্য কৰে ৷ লগতে নৱ-প্ৰজন্মক প্ৰতিদিনে শৰীৰচৰ্চা কৰিবলৈ তেওঁ আহ্বান জনায় ৷

ইফালে এই অনুষ্ঠানত বৰ্তমানৰ অসম চৰকাৰৰ কৃষিমন্ত্ৰী তথা এসময়ৰ বিশ্ববিদ্যালয়ৰ ভাৰোত্তোলক অতুল বৰা উপস্থিত থাকি নতুনকৈ আৰম্ভ হোৱা এই অত্যাধুনিক মাল্টি জিমত কিছু সময় শৰীৰচৰ্চা কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : বোকাখাতৰ বান বিধস্ত বংকোৱালবাসীৰ কাষত কৃষিমন্ত্ৰী অতুল বৰা - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.