ETV Bharat / state

লক্ষ্য যুৱপ্ৰজন্ম; অসমত কি দৰে চলিছে বিজেপিৰ সদস্যভৰ্তি অভিযান ? - Membership campaign of BJP

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 6:50 PM IST

BJP membership drive 2024: ৰাজ্যত সদস্যভর্তি অভিযান তীব্ৰতৰ কৰি তুলিছে বিজেপিয়ে । যুদ্ধংদেহী মনোভাৱেৰে সদস্যভৰ্তি অভিযানত জঁপিয়াই পৰিছে বিজেপিৰ মন্ত্ৰী-বিধায়ক তথা কৰ্মকৰ্তাসকল । সদস্যভৰ্তি অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভৱেশ কলিতাই ।

BJP's membership drive targeting youth continues
বিজেপিৰ সদস্য ভৰ্তি অভিযান (ETV Bharat Assam)

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: যুৱপ্ৰজন্মক লক্ষ্য কৰি ৰাজ্যত সদস্যভর্তি অভিযান তীব্ৰতৰ কৰি তুলিছে বিজেপিয়ে । প্ৰতিটো সমষ্টিতে সদস্যভৰ্তিৰ ক্ষেত্ৰত লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াত এতিয়া মন্ত্ৰী, বিধায়কসকলৰ লগতে দলৰ নেতাসকলৰ মাজত হাহাকাৰ লাগিছে । কলেজ, বিশ্ববিদ্যালয়লৈ গৈয়ো আনকি সদস্যভৰ্তিৰ অভিযান চলাইছে বিজেপিৰ কর্মকর্তাসকলে । এতিয়ালৈকে ৰাজ্যখনত ২৫ লাখৰো অধিক লোকে বিজেপিৰ সদস্যপদ গ্রহণ কৰিছে ।

বিজেপিৰ সদস্যভৰ্তি অভিযান (ETV Bharat)

এইক্ষেত্ৰত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত প্ৰথম স্থানত আছে কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টি । উক্ত সমষ্টিটোত ৫০ হাজাৰৰো অধিক লোকে বিজেপিৰ সদস্যতা গ্ৰহণ কৰিছে । আনহাতে এই তালিকাত দ্বিতীয় স্থানত আছে মন্ত্ৰী পীযুষ হাজৰীকাৰ জাগীৰোড সমষ্টি । জাগীৰোড সমষ্টিটো এতিয়ালৈকে বিজেপিৰ সদস্যপদ গ্রহণ কৰিছে ৪০ হাজাৰৰো অধিক লোকে । একেদৰে তালিকাৰ তৃতীয় স্থানত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিতো ৪০ হাজাৰৰো অধিক লোক বিজেপিৰ সদস্য হৈছে ।

ইয়াৰ বিপৰীতে চেঙা, জলেশ্বৰ, পকাবেতবাৰী, মন্দিৰা আদি সংখ্যালঘু অধ্যুষিত সমষ্টিত বিজেপিৰ সদস্যভর্তি একেবাৰেই হোৱা নাই । ইফালে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত এতিয়ালৈকে ৩০ হাজাৰৰ অধিক লোকে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিছে । ইফালে সদস্যভৰ্তিৰ ক্ষেত্রত প্রথম বিছটা সমষ্টিত উজনিৰ মাত্ৰ দুটা সমষ্টিৰ নামহে অন্তৰ্ভুক্ত হৈছে । উক্ত দুটা সমষ্টি হৈছে ক্ৰমে টিংখাং আৰু শদিয়া । মন্ত্ৰী বিমল বড়াৰ সমষ্টি টিংখাঙত ৪০ সহস্ৰাধিক আৰু বিধায়ক বলীন চেতিয়াৰ শদিয়া সমষ্টিত ৩০ সহস্ৰাধিক লোকে বিজেপিৰ সদস্যপদ গ্রহণ কৰিছে ।

উল্লেখ্য যে, যোৱা দুই ছেপ্টেম্বৰৰ পৰা বিজেপিয়ে অসমত সদস্যভৰ্তিৰ অভিযান আৰম্ভ কৰিছিল । অহা ২৫ ছেপ্টেম্বৰলৈকে ৰাজ্যখনত এই অভিযান চলিব । বিজেপিয়ে এইবাৰ অসমত যুৱপ্ৰজন্মক দললৈ অনাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । বিগত লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ বিভিন্ন স্থানত নতুন প্ৰজন্মৰ ভোটাৰসকলে বিজেপিক প্ৰত্যাখ্যান কৰা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিয়েই দলটোৱে এইবাৰ এই ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিছে । বিশেষকৈ উজনি অসমত যাতে দলটোৰ শক্তি বৃদ্ধি পাই তাৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য কৰি লৈছে বিজেপি দলে ।

সদস্যভৰ্তি অভিযান সন্দৰ্ভত ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া:

ৰাজ্যজুৰি চলি থকা বিজেপিৰ সদস্যভৰ্তি অভিযান সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, "সদস্যভৰ্তি অভিযান ভাল চলি আছে । বৰাক ভেলীত খুব ভাল গৈছে । গুৱাহাটীকে ধৰি সকলোতে ভাল আছে । ধুবুৰীত অলপ বেয়া আছে । বিটিচিত আমি অলপ পিছ পৰি আছোঁ । এতিয়ালৈকে ২৫ লাখ ৬৫ হাজাৰ কাৰ্যকৰ্তাৰ নবীকৰণ আৰু নতুনকৈ অন্তৰ্ভুক্তিকৰণ হৈছে ।’’

তেওঁ লগতে কয়, "এইটো ফিক্সড ডিজিটেল ডাটা । বিটিআৰটো শক্তিশালীভাৱে সদস্যতা ভৰ্তি অভিযান চলি আছে । উজনিতো সদস্যভৰ্তি অভিযান ভাল চলি আছে । টিংখাং, ডিব্ৰুগড়, লাহোৱাল, ডিগবৈ, মাৰ্ঘেৰিটা, তিনিচুকীয়া, মাহমৰা আদিত আগবাঢ়ি আছে । সদস্যতাভৰ্তি অভিযানত লাখ লাখ কাৰ্যকৰ্তা নামি পৰিছে আৰু সকলোৱে যথেষ্ট চেষ্টা কৰিছে ।"

লগতে পঢ়ক: চুমী-বিশাল সন্দৰ্ভত মন্তব্য নকৰে মুখ্যমন্ত্ৰীয়ে: অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে কেবিনেটত ল'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত - Assam CM on Online trading scam

অসমত ৮ দিনত বিজেপিত ১৬ লাখ সদস্য ভৰ্তি অতিক্রম কৰিছে : দিলীপ শইকীয়া - MP DILIP SAIKIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.