ETV Bharat / state

সামাজিক মাধ্যমত পথ নিৰ্মাণত বিসংগতি-দুৰ্নীতিৰ অভিযোগ কৰাই হ’ল অপৰাধ, আৰক্ষীয়ে কৰিলে আটক - Allegations of Corruption - ALLEGATIONS OF CORRUPTION

Social media : সামাজিক মাধ্যমযোগে পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ কৰাৰ বাবেই এজন ব্যক্তিক আটক আৰক্ষীৰ ৷ পথটো নিৰ্মাণ কৰাৰ এদিনৰ পিছতেই বিভিন্ন অংশত ফাঁট মেলাৰ লগতে চকলা-চকলে ব্লেক টেপিং এৰাই গৈছে বুলি অভিযোগ কৰিছে ৰাইজে ৷

CORRUPTION IN ROAD CONSTRUCTION
পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ কৰাৰ বাবেই আটক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 9:29 PM IST

সৰুপথাৰ, 17 আগষ্ট : সামাজিক মাধ্যমত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ কৰি আৰক্ষীৰ ৰোষত পৰিল এজন ব্যক্তি ৷ সামাজিক মাধ্যমযোগে পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ কৰাৰ বাবেই ব্যক্তিজনক আটক কৰে আৰক্ষীয়ে ৷ এই ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ সৰুপথাৰত ৷

বিসংগতি-দুৰ্নীতিৰ অভিযোগ কৰাৰ বাবেই আৰক্ষীয়ে কৰিলে আটক (ETV Bharat Assam)

জানিব পৰা মতে লোক নিৰ্মাণ বিভাগৰ সৰুপথাৰস্থিত কাৰ্যালয়ৰ অন্তৰ্গত নাওজান কৈৰীগাঁও-পাণজান গড়কাপ্তানী পথটো তিনিচুকীয়াৰ BIPL নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ৷ কিন্তু পথছোৱা অতি নিম্ন মানৰ কামেৰে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পথটো নিৰ্মাণ কৰা এদিন পিচতেই বিভিন্ন অংশত ফাঁট মেলাৰ লগতে চকলা-চকলে ব্লেক টেপিং এৰাই গৈছে বুলি অভিযোগ কৰিছে ৰাইজে ৷

ৰাইজৰ অভিযোগ অনুসৰি ৰোলাৰ ব্যৱহাৰ নকৰাকৈয়ে নিৰ্মাণ হৈছে কোটিটকীয়া পথটো ৷ পথটোৰ এনে দুৰৱস্থা দেখি এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷ ইফালে আজি সামাজিক মাধ্যমযোগে সৰুপথাৰ নাওজানৰ স্থানীয় ব্ৰজেন বৰুৱা নামৰ এজন ব্যক্তিয়ে পথটো নিৰ্মাণত বিসংগতি তথা দুৰ্নীতি হৈছে বুলি অভিযোগ উত্থাপন কৰি এটা পোষ্ট দিয়ে ৷ সামাজিক মাধ্যমত এই পোষ্ট দিয়াৰ পিছতে আজি সৰুপথাৰ আৰক্ষীয়ে ব্ৰজেন বৰুৱাক অপৰাধীৰ দৰে আটক কৰি আনে আৰু লগতে আন দুজন ব্যক্তিক থানালৈ মাতি পঠায় ৷

আৰক্ষীয়ে থানালৈ লোকজনক ধৰি অনাৰ পিছতে সৰুপথাৰ থানা ঘেৰাও কৰে নাওজানবাসী ৰাইজে ৷ ইফালে ৰাজহুৱা স্বাৰ্থত এটা নিম্ন মানৰ পথ নিৰ্মাণৰ অভিযোগ কৰি সামাজিক মাধ্যমত পোষ্ট দিয়াৰ বাবেই এনেদৰে এজন ব্যক্তিক আটক কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে স্থানীয় ৰাইজে ৷ আৰক্ষীয়ে লোকজনক কিয় আটক কৰিলে লগতে এইদৰে দুৰ্নীতি-অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নাই নেকি বুলি প্ৰশ্ন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত সৰৱ আছু - AASU Protest

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.