ETV Bharat / state

মাগুৰমাৰী বিলত CSR প্ৰকল্পৰ বিৰোধিতাৰে মাজুলীয়ালৰ প্ৰতিবাদ - Majuli CSR project - MAJULI CSR PROJECT

Majuli local people protest : শীঘ্ৰেই মাজুলীত নিৰ্মাণ হ’ব ক'ল ইণ্ডিয়াৰ এটা CSR প্ৰকল্প ৷ এই প্ৰকল্প নিৰ্মাণ হ’লে মাজুলীৰ জৈৱ বৈচিত্ৰ ধ্বংস হ’ব পাৰে ৷ যাৰ বিৰোধিতাৰে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷

মাগুৰমাৰী বিলত CSR প্ৰকল্পৰ বিৰোধিতাৰে মাজুলীয়ালৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 10:06 AM IST

মাগুৰমাৰী বিলত CSR প্ৰকল্পৰ বিৰোধিতাৰে মাজুলীয়ালৰ প্ৰতিবাদ

মাজুলী, ২৬ মাৰ্চ : মাজুলীৰ দক্ষিণপাট সত্ৰৰ সমীপত থকা মাগুৰমাৰী বিলত নিৰ্মাণ কৰা হ’ব ক'ল ইণ্ডিয়াৰ ১৬ কোটি টকীয়া এটা চি এছ আৰ (CSR) প্ৰকল্প ৷ এই প্ৰকল্প নিৰ্মাণ হ’লে ধ্বংস হ’ব পাৰে মাজুলীৰ জৈৱ বৈচিত্ৰ ৷ কিয়নো মাগুৰমাৰী বিলত এই প্ৰকল্প নিৰ্মাণ হ’লে বিলখনত স্থানীয় হাজাৰ হাজাৰ মাছ-কাছ মৃত্যু মুখত পৰিব ৷

লগতে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণতো বাধা আহি পৰিব ৷ এই শংকাত এতিয়া শংকিত মাজুলীয়াল ৷ সেয়ে CSR প্ৰকল্প নিৰ্মাণৰ বিৰোধিতাৰে মাজুলীৰ দক্ষিণপাট কুমাৰ গাঁও আৰু চুমৈমাৰি গাঁৱৰ একাংশ ৰাইজে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ ।

এই প্ৰকল্প নিৰ্মাণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মাজুলীবাসীয়ে কয়, ‘‘এই প্ৰকল্প নিৰ্মাণ হ’লে ধ্বংস হ’ব মাগুৰমাৰী বিলৰ জৈৱ বৈচিত্ৰ । বিনষ্ট হ’ব নদীদ্বীপ মাজুলীৰ প্ৰাকৃতিক পৰিৱেশো ৷ সেয়ে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰা কোনো আঁচনি ৰূপায়ণ কৰিবলৈ নিদিয়ে মাজুলীৰ ৰাইজে’’ । আনকি ৰাইজে ঐতিহাসিক বিল সংৰক্ষণৰ হেতুকে প্ৰাণ দিম, কিন্তু বিল নিদিও বুলিও মন্তব্য কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, ১৬ কোটি টকা ব্যয় সাপেক্ষে ক'ল ইণ্ডিয়াই চি এছ আৰ ফাণ্ডেৰে নিৰ্মাণ কৰিব বিচাৰিছে এটা কৃত্ৰিম প্ৰকল্প । এজন ঠিকাদাৰে ব্যক্তিগত মুনাফাৰ বাবে হাতত লৈছে এই বৃহৎ প্ৰকল্পটো । এই অভিযোগ মাজুলীৰ স্থানীয় ৰাইজৰ ৷ সেয়ে প্ৰাকৃতিকভাৱে সৃষ্ট এই ঐতিহাসিক মাগুৰমাৰী বিলখন কোনো কাৰণতে ধ্বংস কৰিবলৈ দিয়া নহ’ব বুলি আজিও নিজৰ স্থিতিত অটল আছে মাজুলীৰ একাংশ ৰাইজ ।

সত্ৰীয়া স‌ংস্কৃতিৰ লগতে মাজুলীৰ জৈৱ বৈচিত্ৰই আকৰ্ষণ কৰে বিদেশী পৰ্যটকক । সেয়ে কৃত্ৰিম প্ৰকল্পৰ ইয়াত প্ৰয়োজন নাই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী ৰাইজে ।

জানিব পৰা মতে, মাগুৰমাৰী বিলৰ জলাশয় বৃহৎ মথাউৰীৰে ঘেৰী পকীঘৰ নিৰ্মাণ কৰা হ’ব ৷ লগতে গৰুৰ গাহৰি, ছাগলী ফাৰ্ম আৰু মৎস্য উৎপাদনৰ বাবে পুখুৰী নিৰ্মাণ হ’ব ৷ এই সকলোবোৰ এই প্ৰকল্পতে অন্তনিৰ্হিত হৈ আছে । সেয়ে শংকিত ৰাইজে এই প্ৰকল্প বন্ধ কৰিবলৈ জিলা প্ৰশাসন আৰু বিধায়কক বহুবাৰ দাবী জনাই আহিছিল ৷ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আজি ভৰ দৌল: লোকাৰণ্য বৰপেটা সত্ৰ চৌহদ - BARPETA SATRA BHOR DOUL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.