তেজপুৰ, ১১ অক্টোবৰ : আজি মহানৱমী । সমগ্ৰ ৰাজ্যতে মা দুৰ্গাৰ পূজা-আৰাধনা অব্যাহত আছে । উত্তৰ অসমৰ অন্যতম শক্তিপীঠ তেজপুৰৰ মা ভৈৰৱী মন্দিৰত পৰম্পৰা অনুযায়ী চলি আছে মাৰ নৱমী পূজা । দূৰ দূৰণিৰ ভক্তই পুৱাৰে পৰা ভিৰ কৰিছেহি ভৈৰৱী মন্দিৰ বা মাইথানত । তেজপুৰৰ ঐতিহাসিক এই মাইথানত ৩০ বছৰৰ বিৰতিৰ পিছত এইবাৰ দুৰ্গা পূজাৰ নৱমীত হ’ব ম’হ বলি ৷
উল্লেখ্য যে বলি-বিধানেৰে পূজা অনুষ্ঠিত হোৱা তেজপুৰৰ এই শক্তিপীঠত দুৰ্গা পূজাৰ সময়ত বহুসংখ্যক পঠা ছাগলী, হাঁহ, পাৰ আদি বলি দিয়া হয় ৷
ভৈৰৱী মন্দিৰৰ ইতিবৃত্ত
তেজপুৰ চহৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দক্ষিণ-পূব কোণত অৱস্থিত ভৈৰৱী দেৱালয় । হিন্দুসকলৰ ৫১ খন পবিত্ৰ পীঠস্থানৰ ভিতৰত এইখন এখন । এসময়ত ভৰলী নৈৰ পাৰত আৰু বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰত আছে পৌৰাণিক যুগৰ দেৱীকূট পৰ্বত । ইয়াতে হেনো সতীৰ শৱদেহৰ পদযুগল পৰিছিল । কালিকা পুৰাণে এই বিষয়ে কৈছে, "দেৱীকূটে পাদ যুগ্মং প্ৰথমং ন্যাপতংক্ষিতৌ ।"
তেজপুৰৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী শান্তনু বৰুৱাই ই টিভি ভাৰতক জনাই, "প্ৰতিখন দেৱীপীঠৰ সৈতে এখন ভৈৰৱ বা শিৱস্থান সংযুক্ত হৈ থাকে । যেনেকৈ কামাখ্যাৰ ভৈৰৱ উমানন্দ, তেনেকৈ ভৈৰৱীৰ ভৈৰৱ হৈছে মহা ভৈৰৱ । মন্দিৰৰ পূজা-পাতল আদি বামুণগাঁৱৰ বৰঠাকুৰ পৰিয়ালৰ লোকে পৰিচালনা কৰি আহিছে । মন্দিৰৰ থাপনাত দশভূজা ভৈৰৱীৰ অষ্টধাতুৰ মূৰ্তি আছে ।"
তেওঁ লগতে কয়, "অতীজত মন্দিৰলৈ আহিবলৈ বাট-পথ নাছিল । আছিল হাবিতলীয়া দুৰ্গম । বাঘে, ঘোঙে ভৰা হাবিৰ মাজৰ লুংলুঙীয়া পথ । ইয়াৰ বাবে অৱশ্যে কোনোদিনে পুৰোহিতে ভয় কৰিবলগা হোৱা নাছিল । পুৰোহিতে পুৱাবেলা আহি থানত দেৱীক স্নান কৰাই আৰু যথাবিহিত পূজা কৰিহে আহাৰ গ্ৰহণ কৰিছিল । সেই আহাৰ দুপৰবেলা পুৰোহিতৰ পত্নীয়ে নিজে আনিছিল আৰু ওভতি যাওঁতে দুয়ো একেলগে উভতিছিল ।"
বৰুৱাই কয়, "এবাৰ পূজা-পাতলৰ অন্তত যথাসময়ত পুৰোহিতৰ পত্নী আহি নোপোৱাত ভোকত পুৰোহিত শুই পৰিল । তেনেতে তেওঁ সামাজিকত দেখিলে দেৱীক । দেৱীয়ে কলে, 'তই অকলে অকলে মোৰ সমুখতে খোৱা-বোৱা কৰ, মোক হ'লে নিদিয় ! আজিৰে পৰা তোৰ ভাগৰ অলপ মোকো দিবি ।' সেইদিনাৰে পৰা পুৰোহিতে নিজে খোৱাৰ আগেয়ে দেৱীক আগবঢ়াইহে তেওঁ খাইছিল ।"
এনে বহু শ্ৰুতিমধুৰ কাহিনীৰে ভৈৰৱী দেৱীক লৈ ক'ত যে কিমান কথা ! যিবোৰ গভীৰ বিশ্বাস আৰু শ্ৰদ্ধাৰে প্ৰগাঢ় সম্পৰ্ক লৈ ভক্তিৰসলৈ পৰিণত হৈছে । মহাভাগা নামে পূজ্য এই থানৰ বহুতো অলৌকিক কথাই আজিও অজস্ৰজন ভক্তক ভক্তিৰ ৰসেৰে আপ্লুত কৰি আহিছে ।
প্ৰবাদ আছে যে বহু বছৰ আগেয়ে গৰখীয়া বাৰিকৰ ল'ৰাবোৰে গৰু চৰায় ফুৰোতে এঠাইত খেলা-ধূলা কৰিছিল । এদিন তেওঁলোকে বিৰিণা পাতকে তৰোৱালৰূপে কল্পনা কৰি খেলি আছিল । বিৰিণা পাতৰ দুয়োকাষ বৰ চোকা । অসাৱধান হৈ চুলে হাত কটাৰ ভয় ! খেলৰ মাজতে এজনে ক'লে, "তই এতিয়া মূৰটো পাত মই তোক বলি দিম !" এইবুলি ধেমালিতে এজনে লগৰজনক বলি দিবলৈ বুলি ডিঙিত বিৰিণা পাতৰ ৰেপ দিওঁতেই সঁচাকৈয়ে ডিঙি কটা গৈ ল'ৰাটো বলি গ'ল । এই কথাত সকলো ভয়ত কপি উঠিল !
ইফালে নিশা দেৱীয়ে গাঁৱৰ মানুহক সপোনত দেখা দি ক'লে, "মই কাষতে আছোঁ। মোক বলি লাগে ।" ফলত গাঁৱৰ মানুহে উপায় নোপোৱা হৈ পাল পাতি প্ৰতিঘৰৰ পৰা এজনকৈ বলি যাবলৈ প্ৰস্তুত হ'ল । ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিল ! দেৱীয়ে এই কথা জানিব পাৰি পুনৰ ক'লে, "মোক নোম থকা জীৱ বলি দিলেও হ'ব ।"
সেইদিন ধৰি আজিলৈকে দেৱীৰ ওচৰত মানুহৰ সলনি হাঁহ, পাৰ, ছাগলী, ম'হ আদি বলি-বিধানৰূপে চলি আছে । আনহাতে, বাৰিকৰ ঘৰৰ নাম অনুসৰি সেই ঠাইৰ নাম বাৰিকা চুক হয় আৰু আজি বাৰিকা চুবুৰী বুলি জনা যায় । আনহাতে, মৰা ভৰলী সুঁতিৰ পূব পাৰে খেলা-ধূলা কৰা বাৰিকৰ ল'ৰাহঁতৰ ঠাইখনেই নৰবলি পাহাৰ । এটা সৰু টিলা যদিও আজি সি সংৰক্ষণৰ অভাৱত জনবসতিপূৰ্ণ এলেকা হ'ল ।
শান্তনু বৰুৱাই আৰু কয়, " প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰে কামাখ্যা দেৱীৰ নৃত্য উপভোগ কৰিব বিচৰাৰ দৰে এই মন্দিৰতো দেৱীয়ে নৃত্য কৰিছিল আৰু তাক ৰজাই চাব বিচাছিল বুলি প্ৰবাদ আছে । কথাটো এনে ধৰণৰ । ভৈৰৱী দেৱীৰ পুৰোহিতৰ মন্ত্ৰধ্বনিত মুগ্ধ হৈ দেৱীয়ে হেনো মন্ত্ৰৰ তালে তালে নৃত্য কৰিছিল । এই কথা ইকাণ-সিকাণ হৈ ৰজাৰ কাণত পৰাত ৰজাই সত্যাসত্যৰ বুজ ল'লে । শেষত প্ৰজা হৈ ৰজাক এনে কথা নজনোৱাৰ অপৰাধত পুৰোহিতক ৰজাই দোষী সাব্যস্ত কৰিলে । শেষত ৰজাৰ আদেশ পালন কৰিবলৈ পুৰোহিতক বাধ্য কৰোৱা হ'ল আৰু ৰজাক দেৱীৰ নৃত্য দেখুৱাবৰ বাবে বাধ্য কৰোৱা হ'ল ।"
তেওঁ লগতে কয়, "সেইমতে এদিন পূজা চলি থকা অৱস্থাত পুৰোহিতৰ মন্ত্ৰধ্বনিৰ তালত দেৱীয়ে নৃত্য কৰিলে যদিও দেৱীৰ অগোচৰে ৰজাই দুৱাৰৰ ফুটাৰে নৃত্য উপভোগ কৰাৰ কথা জানিব পাৰি দেৱী কূপিত হ'ল আৰু ক'লে, 'মই আৰু ইয়াত এটি মুহূৰ্তও নাথাকো, মাত্ৰ পূজাৰ সময়তহে থাকিম ৷ গতিকে মোৰ শৰাই, ভোগ আৰু বলিৰ তেজ আদি জলত দিবি । মই জলত থাকিম' বুলি ভৈৰৱী দেৱী অন্তৰ্ধান হ'ল ! সেইদিনাৰে পৰা দেৱালয়ৰ দেউৰীসকলে গোঁসানীৰ নামত উৎসৰ্গিত ভোগ, নৈবেদ্য আৰু বলিৰ তেজ আদি কাপোৰেৰে ঢাকি পবিত্ৰভাৱে নদীত দিয়াৰ পাছতহে ভক্তই প্ৰসাদ গ্ৰহণ কৰা নিয়ম চলি আহিছে ।"
আমি যাক 'দেৱী' বা 'মা' বুলি শ্ৰদ্ধা-ভক্তি কৰো, সেয়াই আদ্যশক্তি গোঁসানী । মঠ, মন্দিৰ, দৌল, দেৱালয়, থান আদিত হোৱা সকলো দেৱী পূজাৰ গুৰিতে আছে এই শক্তি । তেওঁ ইমান প্ৰাচীন আৰু সকলো বস্তুৰ আধাৰ যে তেৱেঁই আদ্য । সেয়েহে দেৱী ভাগৱতে কৈছে, "যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা ।" অৰ্থাৎ জীৱ জড়িত সকলো বস্তুতে ব্যপ্ত হৈ থকা এই শক্তি দুৰ্গা শক্তি বা দেৱী শক্তি ।
পোনতে দুৰ্গা পূজা মানে দশভূজা দুৰ্গামূৰ্তিহে পূজিত হৈছিল । পাছলৈ সিংহ বাহিনীৰে পূজিতা হ'ল । তাৰো পাছত বঙ্গদেশৰ সামন্ত ৰজা কৃষ্ণ চন্দ্ৰই পোন প্ৰথমবাৰৰ বাবে দেৱী দুৰ্গাৰ লগতে লক্ষী, পৰ্বতীয়া, গণেশ আৰু কাৰ্তিকৰ মূৰ্তিও সংলগ্ন কৰি দেখনিয়াৰ কৰি তুলিলে । বৰ্তমান আমি দেখা দুৰ্গা প্ৰতিমা এইৰূপেই কল্পিত ।
উল্লেখ্য যে দেৱী দুৰ্গাক শস্যৰ দেৱীহেন জ্ঞান কৰি শাকম্ভৰী ৰূপেও পূজা কৰা হয় । এয়া দেখাতেই আদিম যুগৰ কৃষি পৰম্পৰাৰে সংযোগ হোৱা অন্য এক ভক্তিৰসৰ ধাৰণা ।