ETV Bharat / state

বসন্তৰ সুবাস বিলাইছে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা মাধৈ-মালতীয়ে - madhai malati flowers preserved - MADHAI MALATI FLOWERS PRESERVED

Madhoi Maloti flower : ব'হাগৰ বতৰা লৈ বসন্তৰ সুবাস বিলাইছে মাধৈ-মালতী ফুলে । মৰাণৰ দিখাৰী নেপালী গাঁৱত সংৰক্ষণ হৈছে হেৰাই যাবলৈ ধৰা মাধৈ-মালতী ফুল ।

Flower selfie point in Moran
মাধৈ-মালতী ফুল
author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 10:52 AM IST

মাধৈ-মালতী ফুল

মৰাণ, ২৩ মাৰ্চ : প্ৰকৃতিয়ে বৰণ সলাই ন ৰূপ লৈ অসমীয়াৰ চেনেহৰ ব'হাগ আকৌ আহি পাবৰ হ'ল । গছ বিৰিখে কোমল কুঁহিপাত মেলি জাননী দিছে ব'হাগৰ বতৰা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কপৌ-কেতেকীৰ দৰে ব'হাগৰ বতৰা লৈ বসন্তৰ সুবাস বিলাইছে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা মাধৈ-মালতী ফুলে ।

ব'হাগৰ বতৰত ভিন ভিন জাতৰ কপৌ ফুলে বৰদৈচিলা হৈ উৰিব খোজা নাচনীৰ নেঘেৰী খোপা শুৱনি কৰিলেও বসন্তৰ সৈতে অতীজৰে পৰাই নিবিড় সম্পৰ্ক আছে মাধৈ-মালতী ফুলৰ । কিন্তু বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত যেন ক্ৰমান্বয়ে দুৰ্লভ হৈ পৰিছে বসন্তৰ সুবাস বিলাই ফুৰা মাধৈ-মালতী ফুল ।

তেনে সময়ত দেখা পোৱা গ'ল ডিব্ৰুগড় জিলাৰ মৰাণ দিখাৰী নেপালী গাঁৱত সংৰক্ষণ কৰা হেৰাই যাবলৈ ধৰা মাধৈ-মালতী ফুল । তাহানি দিনৰ পৰাই বিহুনামত স্থান লাভ কৰা মাধৈ-মালতী ফুল চ'ত মাহৰ আৰম্ভণিৰ পৰাই ফুলিবলৈ আৰম্ভ কৰে । এইবিধ ফুলে ব'হাগৰ শেষৰ লৈকে ফুলি সুবাস বিলাই ।

মৰাণৰ দিখাৰী নেপালী গাঁৱত সন্ধিৰাম চাংমাই পৰিয়ালে দুজোপা গছ সংৰক্ষণ কৰি ৰাখিছে । কেৱল দুজোপা ফুলি থকা মাধৈ-মালতী ফুলে সমগ্ৰ গাঁওখনতেই মিঠা সুবাস বিলাইছে । ডিব্ৰুগড় জিলাৰ মৰাণ দিখাৰী নেপালী গাঁৱত সংৰক্ষণ কৰা হেৰাই যাবলৈ ধৰা মাধৈ-মালতী ফুল চাবলৈ এতিয়া বহু দূৰ দূৰিৰ পৰা অহা লোকে ভিৰ কৰে ।

বহুতে আকৌ চেল্ফী উঠিবলৈকে এই ফুলৰ ওচৰত থিয় দিছে । কোনোৱে আকৌ গাইছে-

মাধৈ মালতী ফুল ডালতে শুকায়,

বান্ধৈ নাহৰ ফুলে আমোল মোলাই....।

লগতে পঢ়ক : হাজিৰা কৰি পোৱা টকাৰেই ফুলৰ পুলি কিনি সাজিছে বাগিচা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.