মাজুলী: মাজুলী জেংৰাইমুখ গাঁও পঞ্চায়তে লাভ কৰিলে ৰাষ্ট্ৰীয় বঁটা । এইবছৰৰ দীনদয়াল উপাধ্যায় সততা বিকাশ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় জেংৰাইমুখ গাঁও পঞ্চায়তে । শিশু অনুকূল শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় পঞ্চায়তখনে ।
১১ ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে । শনিবাৰে মাজুলীৰ কমলাবাৰী ঘাটত বিপুল আদৰণি জনোৱা হয় দিল্লীৰ পৰা ৰাষ্ট্ৰীয় বঁটা লৈ উপস্থিত হোৱা উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াগৰাকীৰ লগতে জেংৰাইমুখ গাঁও পঞ্চায়তৰ সচিব আৰু সভানেত্ৰীক ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা জেংৰাই গাঁও পঞ্চায়তৰ হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জলী আৰু অতিৰিক্ত আয়ুক্ত জয়ন্ত গোস্বামীয়ে এই বঁটা গ্ৰহণ কৰিছিল । শনিবাৰে এই বঁটা লৈ মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হোৱা দলটোক বিপুল আদৰণি জনাই জেংৰাইমুখ গাঁও পঞ্চায়তৰ ৰাইজে । কমলাবাৰী ঘাটত উপস্থিত হৈ আবেগিক হৈ পৰে উজনি মাজুলীৰ খণ্ড উন্নয়ন বিষয়াগৰাকী ।
তেওঁ কয়,"মাজুলীবাসীৰ বাবে আজি এটা গৌৰৱৰ দিন । ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাটো ইমান সহজ নহয় । পঞ্চায়তৰ সকলো কৰ্মচাৰীৰ প্ৰচেষ্টাৰ বাবে এনেকুৱা এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ । আহি থকা দিনত পঞ্চায়তসমূহৰ আন আন শিতানত ভালকৈ কাম কৰিবলৈ চেষ্টা কৰিম যাতে আহি থকা দিনত আন আন সুবিধা লাভ কৰিবলৈ সক্ষম হওঁ ।" ইফালে দিল্লীৰ পৰা ৰাষ্ট্ৰীয় বঁটা লৈ উপস্থিত হোৱা উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াগৰাকীৰ লগতে জেংৰাইমুখ গাঁও পঞ্চায়তৰ সচিব আৰু সভানেত্ৰীক বিশাল বাইক ৰেলীৰে আদৰি নিয়া হয় কমলাবাৰী ঘাটৰ পৰা জেংৰাইমুখ পঞ্চায়তলৈ ।