ETV Bharat / state

ভূপেন বৰাই সৎ সাহসেৰে এতিয়াও বেলেগ দললৈ নাযাওঁ বুলি ক’ব পৰা নাই : জয়ন্ত মল্ল বৰুৱা - Lok Sabha Elections

Death anniversary of Kailash Malla Baruah : নলবাৰীত আয়োজন শিক্ষক-সাহিত্যিক সাংবাদিক কৈলাস মল্ল বৰুৱাৰ স্মৃতিচাৰণ সভা । এই সভাত অংশ লৈ ভূপেন বৰাক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰে প্ৰয়াত কৈলাশ মল্ল বৰুৱাৰ পুত্ৰ জয়ন্ত মল্ল বৰুৱাই ৷

ভূপেন বৰাই সৎ সাহসেৰে এতিয়াও বেলেগ দললৈ নাযাওঁ বুলি ক’ব পৰা নাই : জয়ন্ত মল্ল বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 2:29 PM IST

ভূপেন বৰাই সৎ সাহসেৰে এতিয়াও বেলেগ দললৈ নাযাওঁ বুলি ক’ব পৰা নাই : জয়ন্ত মল্ল বৰুৱা

নলবাৰী , ২৮ মাৰ্চ : ‘‘ভূপেন বৰাই সৎ সাহসেৰে এতিয়াও ক’ব পৰা নাই যে মই জীয়াই থকালৈকে কংগ্ৰেছ দলতে থাকিম ! বেলেগ দললৈ নাযাওঁ ! তেওঁ বিজেপিলৈ যোৱাৰ ৰাস্তা বিচাৰি আছে ।’’ ভূপেন বৰাক উদ্দেশ্যি এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । লগতে ভূপেন বৰাক জ’কাৰ আখ্যা দিয়ে মন্ত্ৰী বৰুৱাই ।

তেওঁ কয়, ‘‘এখন চাৰ্কাছত যেনেকৈ জ’কাৰ নহ’লে চাৰ্কাছখনত হাঁহিৰ খোৰাক নজন্মে, তেনেদৰে ৰাজনীতিৰ চাৰ্কাছত ভূপেন বৰাও এজন জ’কাৰ ৷ ভূপেন বৰাই মাজে মাজে সংবাদ মাধ্যমৰ জৰিয়তে ভূমুকি মাৰি জ’কাৰৰ দৰে মনোৰঞ্জন দিয়ে । বৰাই কেতিয়াও মুখ্য ভূমিকা ল’ব নোৱাৰে’’ ৷

উল্লেখ্য যে, বুধবাৰে বিয়লি নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যিক পেঞ্চনাৰ, কৃতি শিক্ষক-সাংবাদিক কৈলাস মল্ল বৰুৱাৰ দ্বাদশ বাৰ্ষিক স্মৃতিচাৰণ সভা আৰু বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত সভাপতিত্বত কৰে জিলা সাহিত্য সভাৰ সভানেত্ৰী ড৹ লীনা ডেকাই ৷ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানত "সাংস্কৃতিক সচেতনতা আৰু অসমীয়া জাতি" শীৰ্ষক বিষয়বস্তুৰ ওপৰত বক্তব্য প্ৰদান কৰে ৰাজ্যৰ বিশিষ্ট নিৱন্ধকাৰ, সাহিত্যিক ময়ূৰ বৰাই ।

অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে প্ৰয়াত কৈলাস মল্ল বৰুৱাৰ পুত্ৰ তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । আনহাতে এই কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰয়াত বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সহধৰ্মিণী কামিনী বৰুৱাই আৰু বন্তি প্ৰজ্জ্বলন কৰে বোৱাৰী জুলি ডেকা বৰুৱাৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তিয়ে ।

নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমানাথ বৰুৱাই উদ্বোধন কৰা এই সভাত কেবাজনো বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত কৈলাস মল্ল বৰুৱাৰ স্মৃতিচাৰণ কৰে । আনহাতে, উক্ত অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত প্ৰয়াত পিতৃ কৈলাস মল্ল বৰুৱাক সুঁৱৰি মত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক, নিবন্ধকাৰ ময়ূৰ বৰায়েও যথেষ্ট সুখ অনুভৱ কৰে ।

লগতে পঢ়ক :ভূপেন বৰাই বিজেপিত যোগদান কৰিবলৈ ঠেং দাঙি আছে : জয়ন্ত মল্লবৰুৱা - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.