ETV Bharat / state

বিহালীত কোনে পাব টিকট ? প্ৰাৰ্থিত্ব প্ৰদানক লৈ কংগ্ৰেছৰ আভ্যন্তৰত সংঘাত

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত অব্যাহত আছে বিহালীত ৷ কোনোৱে বিচাৰিছে জয়ন্ত বৰাক, আন কোনোৱে আকৌ বিচাৰিছে চি পি আই এম এলৰ প্ৰাৰ্থীক ৷ কোনে পাব টিকট ?

ASSAM BY POLLS 2024
প্ৰাৰ্থিত্ব প্ৰদানক লৈ কংগ্ৰেছৰ আভ্যন্তৰত সংঘাত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 6 hours ago

বিশ্বনাথ: বিহালী সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত বিপাঙত পৰিছে কংগ্ৰেছ দল । এফালে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে মাৰাথন প্ৰচাৰ চলাই আছে । আনফালে, বিৰোধী অসম সন্মিলিত মঞ্চৰ মিত্ৰদলসমূহৰ মাজত দেখা গৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক টনা-আজোৰা ।

এফালে, চি পি আই এম এল দলে আসন এৰি দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছে, আনফালে একাংশ কংগ্ৰেছ কৰ্মীয়ে সমষ্টিটো আন দলক নিদি নিজা প্ৰাৰ্থী প্ৰদান কৰিবলৈ দাবী কৰিছে । শেহতীয়াকৈ কংগ্ৰেছ দলে সদ্যবিজেপিত্যাগী নেতা জয়ন্ত বৰাক টিকট প্ৰদান কৰাৰ চৰ্চা চলাৰ লগে লগে বিশ্বনাথ জিলা কংগ্ৰেছত দেখা গৈছে তীব্ৰ বিসম্বাদ ।

প্ৰাৰ্থিত্ব প্ৰদানক লৈ কংগ্ৰেছৰ আভ্যন্তৰত সংঘাত (ETV Bharat Assam)

জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই জয়ন্ত বৰাক টিকট প্ৰদান কৰিলে মুণ্ডন প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়াৰ বিপৰীতে বিহালী সমষ্টিৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে জয়ন্ত বৰাক মুকলি সমৰ্থন আগবঢ়াই জিলা কংগ্ৰেছৰ সভাপতিগৰাকীক ভৱিষ্যতে বিহালীত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে ।

ইফালে, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে জিলা সভাপতিগৰাকীৰ নিজৰ মূৰতে চুলি নাই তেওঁ কি মুণ্ডন প্ৰতিবাদ কৰিব বুলি কটাক্ষ কৰে । জয়ন্ত বৰাক যদিহে টিকট প্ৰদান নকৰে তেন্তে সমষ্টিৰ সকলো সংখ্যালঘু লোকে আগন্তুক উপ-নিৰ্বাচনত ক‌ংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰাৰ হুংকাৰ দিয়ে তেওঁলোকে ।

সদ্য বিজেপিত্যাগী নেতা জয়ন্ত বৰাক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ চৰ্চা চলাৰ লগে লগে আজি বিয়লি প্ৰায় ৪ বজাত বিহালী বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰ চাপৰিত একাংশ কংগ্ৰেছ কৰ্মীয়ে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: কোন হ’ব বিহালীত সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী: কংগ্ৰেছক দিনটোৰ সময়সীমা চি পি আই এম এলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.