ETV Bharat / state

ভাৰতৰ টি-২০ বিশ্বকাপৰ খিতাপত দখলৰ আনন্দত যোৰহাটৰ ৰাজপথত বিজয় উৎসৱ - T20 WORLD CUP 2024

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 1:03 PM IST

T 20 World Cup : ভাৰত জয়ী হোৱাৰ পিচতে মাজনিশা ক্ৰিকেট অনুৰাগীৰ ফটকা ফুটাই আনন্দ প্ৰকাশ । মাজনিশা যোৰহাটত ভাৰতীয় সমৰ্থকৰ আৱতৰীয়া দীপাৱালী ।

T 20 World Cup
ক্ৰিকেট অনুৰাগীৰ ফটকা ফুটাই আনন্দ (ETV BHARAT ASSAM)

যোৰহাট, ৩০ জুন : আই চি চি টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭ ৰাণত জয়লাভ কৰাৰ পিচতেই দেশজুৰি বৈছে আনন্দৰ জোৱাৰ । সুদীৰ্ঘ ১৭ বছৰীয়া প্ৰতীক্ষাৰ অন্ত পেলাই ৰোহিত বাহিনীয়ে আই চি চি টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল কৰিলে । এই বিজয়ৰ আনন্দত মতলীয়া হ'ল যোৰহাটবাসীও ।

ৰোমাঞ্চকৰ যুঁজখনত ১৭৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্রিকাই ২০ অভাৰত ৮ উইকেটত ১৬৯ ৰাণ সংগ্ৰহ কৰাৰ লগে লগে যোৰহাটৰ ৰাজপথলৈ মাজনিশা ওলাই আহিল শ শ ভাৰতীয় দলটোৰ সমৰ্থক তথা ক্ৰীড়ানুৰাগী । শতাধিক ৰাইজে যোৰহাটৰ ৰাজপথলৈ ওলাই আহি পালন কৰিলে এই বিজয় উৎসৱ ।

পুৱতি নিশালৈ দূৰণিৰ পৰা ভাহি আহিল আতচবাজীৰ শব্দ । শনিবাৰৰ দিনটো দেশবাসীৰ বাবে আছিল এক ঐতিহাসিক দিন । এই দিনটো সোণালী আখেৰে লিপিবদ্ধ হ'ল । ৰোহিত বাহিনীয়ে দেশবাসীক গৌৰৱান্বিত কৰা ক্ষণটোক অধিক মাত্ৰা প্ৰদানৰ বাবে যোৰহাটৰ ৰাইজে নিশা ৰাজপথলৈ ওলাই আহি 'বন্দে মাতৰম্', 'বিৰাট কোহলি-ৰোহিত শৰ্মা' ধ্বনি দি পৰিৱেশ অধিক আকৰ্ষণীয় কৰি তোলে ।

লগতে পঢ়ক : টীম ইণ্ডিয়াৰ জয়ত উৎফুল্লিত বলীউডৰ চেলিব্ৰিটিসকল; জনালে অভিনন্দন - T20 WORLD CUP 2024

ক্ৰীড়াপ্ৰেমী ৰাইজে ৰাজপথত আতচবাজী ফুটোৱাৰ লগতে নগৰখনৰ মাজেৰে সমদল উলিয়ায় । যোৰহাট নগৰত পুৱা ভাগলকৈ আতচবাজী ফুটাই আনন্দ কৰা দেখা গ’ল ।

উলেখ্য যে, ৰোহিত শৰ্মাৰ অধিনায়কত্বত টি-২০ বিশ্বকাপত ভাৰতে দখল কৰা এইটো দ্বিতীয়টো খিতাপ । ২০০৭ চনৰ টি-২০ বিশ্বকাপত মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতক প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰাবলৈ সক্ষম হৈছিল । আকৌ এবাৰ ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপ ২০২৪ৰ চেম্পিয়ন হ'ল ।

লগতে পঢ়ক:১৭ বছৰৰ পাচত ICC T20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ - T20 WORLD CUP 2024

ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জনাই মহানগৰীত আৱতৰীয়া দীপাৱলী - T20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.