ৰঙিয়া, 12 ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ পিচতে ৰঙিয়াত এইবাৰ মুছলমান ধৰ্মাৱলম্বীসকলৰ ইজতেমাৰ আয়োজন কৰা হৈছে ৷ ৰঙিয়াৰ শৌলমাৰীত ইতিমধ্য়ে ইজতেমাৰ বাবে আয়োজন তুংগত উঠিছে ৷ এই ইজতেমা অনুষ্ঠানত অসমৰ 7 খন জিলাৰ লগতে শ্বিলঙৰ এখন জিলাৰ প্ৰায় 10 লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে অংশগ্ৰহণ কৰিব ।
এই অনুষ্ঠানত দিল্লীৰ নিজামুদ্দিনৰ 6 গৰাকী ধৰ্মগুৰুৰ লগতে অসমৰ কেইবাগৰাকীও ধৰ্মগুৰুৱে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ ইজতেমাত হ’বলগীয়া আলোচনা সমূহৰ ভিতৰত ধৰ্ম বিৰোধী কাৰ্য, সমাজ বিৰোধী কাৰ্য, অনৈতিক কাৰ্য, মদ, ড্ৰাগছ, নিচা জাতীয় দ্ৰব্য আদিৰ পৰা কিয় দূৰত থাকিব লাগে তাৰ ওপৰতো জ্ঞান দিব ধৰ্মগুৰুসকলে । ইফালে ইজতেমাৰ সময়ছোৱাত যানজঁটৰ সমস্যাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা ধৰ্মপ্ৰাণ ৰাইজৰ থকা আৰু খোৱাৰ লগতে সাহাৰ্যাৰ্থে সহস্ৰাধিক স্বেচ্ছাসেৱকৰ দল সাজু কৰি তোলা হৈছে ।
উল্লেখ্য যে, ইজতেমাৰ পূৰ্বে অনুষ্ঠানস্থলীত প্ৰতিদিনে সহস্ৰাধিক লোকে শ্ৰমদান কৰি আছে । অহা ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই ইজতেমাৰ অনুষ্ঠান ৷ ইজতেমাৰ বাবে ৰাইজে প্ৰায় ৬০ হাজাৰ বাঁহ, গাড়ীয়ে গাড়ীয়ে ধানৰ নৰাৰ লগতে বহুতো সামগ্ৰী আগবঢ়াইছে । প্ৰায় ৫০০ বিঘাৰ বৃহৎ পথাৰত নিৰ্মাণ কৰা হৈছে ইজতেমাৰ পেণ্ডেল । কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও, দৰং, বাক্সা আৰু আৰু শ্বিলঙৰ পৰা প্ৰায় ১০ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকে এই ধৰ্মীয় সভাখনত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । ১৫ ফেব্ৰুৱাৰীৰ দিনা ইজতেমাৰ অন্তত ১০ লক্ষাধিক লোকে বিশ্ব শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা কৰিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: অসম বাজেট ২০২৪-২৫ : কেৱল হিতাধিকাৰী সৃষ্টি কৰা বাজেট; অখিল গগৈৰ প্ৰতিক্ৰিয়া