ETV Bharat / state

শোণিতপুৰৰ বাতাচিপুৰত উদ্ধাৰ বুজন পৰিমাণৰ সক্ৰিয় বিস্ফোৰক সামগ্ৰী - GRENADES RECOVERED IN SONITPUR

শোণিতপুৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ জিলাখনৰ বাতাচিপুৰত গ্ৰেণেডৰ লগতে বহু সক্ৰিয় বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছে ।

Huge amount of Grenades and explosives recovered in Batachipur Sonitpur district
শোণিতপুৰৰ বাতাচিপুৰত বুজন পৰিমাণৰ সক্ৰিয় বিস্ফোৰক সামগ্ৰী উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 12:22 PM IST

তেজপুৰ : এক গোপন সূত্ৰৰ খবৰৰ আধাৰত শোণিতপুৰ আৰক্ষীয়ে ঢেকীয়াজুলীৰ বাতাচিপুৰত এক অভিযান চলায় ৷ অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ সহযোগত শোণিতপুৰ আৰক্ষীয়ে অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত এলেকাত চলোৱা এক অভিযানত দলটোৱে যথেষ্ট সংখ্যক বিস্ফোৰক সামগ্ৰী আৰু গ্ৰেণেড উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মাধুৰীমা দাসে শুক্ৰবাৰে সংবাদ মাধ্যমৰ আগত কয়, "সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৫ টা হেণ্ড গ্ৰেণেড আৰু ৫ টা ডিটনেটৰ উদ্ধাৰ কৰা হয় । এই সামগ্ৰীসমূহ এটা প্লাষ্টিকৰ বেগত মেৰিয়াই গাঁত খান্দি পুঁতি থৈছিল ।’’

Huge amount of Grenades and explosives recovered in Batachipur Sonitpur district
শোণিতপুৰৰ বাতাচিপুৰত বুজন পৰিমাণৰ সক্ৰিয় বিস্ফোৰক সামগ্ৰী উদ্ধাৰ (ETV Bharat Assam)

তেওঁ লগতে কয় যে এক বিশেষ অনুসন্ধানৰ দ্বাৰা বাতাচিপুৰৰ সন্দেহজনক স্থানত আৰক্ষীয়ে ঠাইডোখৰ খন্দাৰ পাচত ৩৬ মডেলৰ পাঁচটা হেণ্ড গ্ৰেণেড আৰু ডিটনেটৰসমূহ সক্ৰিয় অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই বাতাচিপুৰতে চলিত বৰ্ষৰ আগষ্ট মাহতো শোণিতপুৰ আৰক্ষীয়ে চীনত নিৰ্মিত ৫ টা হেণ্ড গ্ৰেণেড, ৫ টা হস্ত নিৰ্মিত গ্ৰেণেড আৰু ৫ ডাল ডিটনেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

বিস্ফোৰক সামগ্ৰী উদ্ধাৰ (ETV Bharat Assam)

উল্লেখযোগ্য যে, ঢেকীয়াজুলীৰ এই বাতাচিপুৰত বিগত সময়চোৱাত উগ্ৰপন্থী সংগঠনৰ ঘাটি আছিল । বিশেষকৈ এন ডি এফ বিৰ বহুকেইটা শিবিৰ আছিল এই বাতাচিপুৰত । পৰৱৰ্তী সময়ত সেনা বাহিনী, বিভিন্ন সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই শিবিৰসমূহ উৎখাত কৰিছিল ।

আনহাতে আজি আৰক্ষীয়ে উদ্ধাৰ কৰা বিস্ফোৰক সামগ্ৰীসমূহ প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত ঢেকীয়াজুলি থানালৈ আনি সুৰক্ষিত জিম্মাত ৰখা হয় বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক দাসে জনায় ।

লগতে পঢ়ক : জেহাদীৰ বৃহৎ নেটৱৰ্কৰ বিৰুদ্ধে অপাৰেচন প্ৰঘাত; দেশৰ তিনি স্থানৰ পৰা গ্ৰেপ্তাৰ ৮ টাকৈ জেহাদী

লগতে পঢ়ক : হাতী-মানুহৰ সংঘাত নিৰাময়ৰ প্ৰচেষ্টা কৰবেট ফাউণ্ডেশ‍্যনৰ - The Corbett Foundation

লগতে পঢ়ক : বোমাৰ আতংক: মৰাণৰ খটখটিত দুটাকৈ সেউজীয়া ৰঙৰ বটল গ্ৰেণেড উদ্ধাৰ - Grenades recovered

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.