ETV Bharat / state

উৰণসেতুৰ নিৰ্মাণকাৰ্যৰ ফলত গুৱাহাটীত অভাৱনীয় যানজঁট

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 11:01 PM IST

Traffic jam in Guwahati: উৰণসেতু নির্মাণৰ কাম-কাজ চলাই থকাৰ বাবে তীব্ৰ যানজঁট গুৱাহাটীত । মালিগাঁও, কামাখ্যা গেট, ভূতনাথ, ভৰলুমুখ, পাণবজাৰ, ফাচীবজাৰত মঙলবাৰে সৃষ্টি হয় তীব্ৰ যানজঁটৰ ।

Traffic jam in Guwahati
গুৱাহাটীত যানজঁট

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী: মহানগৰীত তীব্ৰ যানজঁট । মহানগৰীৰ মালিগাঁও, কামাখ্যা গেট, ভূতনাথ, ভৰলুমুখ, পাণবজাৰ, ফাচীবজাৰত মঙলবাৰে তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।

লোকনির্মাণ বিভাগে এম জি ৰোডৰ ভূতনাথৰ পৰা মাছখোৱাৰ ভিতৰত নদীৰ পাৰেৰে উৰণসেতু নির্মাণৰ কাম-কাজ চলাই থকাৰ বাবে এই তীব্ৰ যানজঁটৰ সৃষ্টি হয় । পথটোৰ নিৰ্মাণকাৰ্য চলি থকাৰ বাবে মহাত্মা গান্ধী পথৰ ভুতনাথৰ পৰা শান্তিপুৰ পেন্ট্ৰ’ল পাম্পলৈ এটা দিশ বন্ধ কৰি পথটোৰ এটা ফালে গাড়ীসমূহ অহা-যোৱা কৰিবলৈ দিয়াত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে ।

পাণবজাৰৰ পৰা জালুকবাৰী অভিমুখে যোৱা পথটোত পাণবজাৰৰপৰা কামাখ্যা গেটলৈ তীব্ৰ যানজঁট হৈছে । আনহাতে জালুকবাৰীৰ পৰা ভৰলুমুখৰ দিশৰ পথটো মালিগাঁৱৰ পৰা ভূতনাথলৈ তীব্ৰ যানজঁট হৈছে । অহা 5 দিন এনেদৰে পথটোৰে যাতায়ত কৰিব লাগিব ।

উল্লেখ্য যে ,গুৱাহাটীৰ এম জি ৰোডৰ সমীপেৰে এখন নতুন উৰণসেতু নির্মাণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত পথটোৰে যান-বাহন চলাচলত বাধা আৰোপ কৰা হৈছে । এই বাধা সোমবাৰে নিশাৰে পৰা প্ৰযোজ্য হৈছে বুলি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এখন পত্ৰযোগে জনাইছে ।

উক্ত পত্ৰ মতে লোকনির্মাণ বিভাগে এম জি ৰোডৰ ভূতনাথৰ পৰা মাছখোৱাৰ ভিতৰত এই উৰণসেতু নির্মাণৰ কাম-কাজ চলাই আছে । ইয়াৰ পৰিপ্ৰেক্ষিতত পথটোৰ কেবাটাও স্থান আৱৰিব লগা হৈছে । সেয়ে যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্তগৰাকীয়ে ।

একেখন পত্ৰতে যাত্ৰী-পথচাৰীৰ সুবিধাৰ্থে অন্য পথৰ ব্যৱস্থা কৰাৰ কথাও কোৱা হৈছে । উল্লেখ্য যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ এফাল চলিত মাহৰ শেষত মুকলিৰ সম্ভাৱনা আছে । উক্ত দলংখনত সংযোগৰ বাবে ভূতনাথ-মাছখোৱাৰ মাজত এম জি ৰোডৰ দাঁতিত চলিছে উৰণসেতুৰ নিৰ্মাণ ।

লগতে পঢ়ক: সৰ্বভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষৰ প্লাষ্টিক বৰ্জন সজাগতা ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.