ETV Bharat / state

জখলাবন্ধাৰ হেমপ্ৰভাৰ দোকানত চাহৰ জুতি ল'লে স্বাস্থ্যমন্ত্ৰীয়ে - Subhadras Spiral Potato - SUBHADRAS SPIRAL POTATO

Keshab Mahanta visits Subhadra's Shop : মুখ্যমন্ত্ৰীৰ দ্বাৰা সামাজিক মাধ্যমত চৰ্চিত হোৱা হেমপ্ৰভাৰ বিপণিত চাহৰ জুতি ল'লে স্বাস্থ্যমন্ত্ৰীয়ে ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিপণিখনৰ স্বত্বাধিকাৰী যুৱতীগৰাকীৰ পঢ়া-শুনাৰ খবৰ লোৱাৰ লগতে সম্ভাব্য সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মহন্তই ৷

SUBHADRAS SPIRAL POTATO
জখলবন্ধাত স্বাস্থ্যমন্ত্ৰী (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 10:30 PM IST

কলিয়াবৰ, 17 জুন: সোঁতৰ লগত উটি যাবলৈ প্ৰস্তুত নোহোৱা ছোৱালীজনীৰ দোকানত চাহৰ জুতি ল'লে স্বাস্থ্যমন্ত্ৰীয়ে । ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চিত হোৱা কলিয়াবৰৰ এইগৰাকী যুৱতীৰ নাম হৈছে হেমপ্ৰভা বিশ্বাস । বিহুনাচৰ বিশ্ব অভিলেখ গঢ়ি পোৱা মাননিৰে চাহৰ দোকান খুলি মাতৃলৈ সহায়ৰ হাত আগবঢ়োৱা হেমপ্ৰভাৰ ব্যতিক্ৰমী চিন্তাৰ খবৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

হেমপ্ৰভাক সাম্ভাব্য সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান (Etv Bharat Assam)

হেমপ্ৰভাৰ স্বাৱলম্বিতাৰ বাতৰি পাই সামাজিক মাধ্যমৰ জৰিয়তে সুখানুভূতি প্ৰকাশ কৰাৰ পাচত সোমবাৰে সন্ধ্যা মাতৃ-কন্যাৰ চাহৰ বিপণিত উপস্থিত হৈ একাপ গৰম চাহৰ জুতি ল’লে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । হেমপ্ৰভাৰ এই পদক্ষেপৰ বাবে মন্ত্ৰীগৰাকীয়ে এখন গামোচা পিন্ধাই উৎসাহ দি যুৱতীগৰাকীৰ সৈতে মত বিনিময়ো কৰে ।

লগতে পঢ়ক: মৰমৰ প্ৰতিদান হিচাপে জখলাবন্ধাৰ হেমপ্ৰভাই মাতৃৰ নামত আৰম্ভ কৰিলে স্পাইৰেল পটেট’ৰ বিপণী - Subhadras Spiral Potato

তদুপৰি বিপণিখনৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰে আলোচনা কৰিব বুলি যুৱতীগৰাকীক জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । কলিয়াবৰ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ পঢ়া-শুনাৰ বিষয়েও খা-খবৰ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । তদুপৰি এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিও দিয়ে ।

উল্লেখ্য যে, ২০২৩ চনৰ এপ্ৰিল মাহত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা বিহুনাচৰ বিশ্ব অভিলেখ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল কলিয়াবৰ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী হেমপ্ৰভা বিশ্বাসে । তাৰ পৰা লাভ কৰা 35,000 টকাৰে এখন চাহ-তামোলৰ বিপণি খুলি দি মাতৃক সহায় কৰাৰ লগতে কিছু সকাহো দিছে হেমপ্ৰভাই ।

লগতে পঢ়ক: মাইক্ৰ’ছফ্টৰ চি ই অ’ বিল গেটছে সাক্ষাৎ কৰিলে নাগপুৰৰ ডলী চাইৱালাক

ব্যক্তিগত অভাৱ পূৰণ কৰাৰ পৰিৱৰ্তে মাতৃৰ নামত যুৱতীগৰাকীয়ে খুলি দিছিল সুভদ্ৰাজ স্পাইৰেল পটেট' নামৰ চাহৰ বিপণিখন । পঢ়া-শুনাৰ লগতে জখলাবন্ধাত চাহ, তামোল-পাণৰ বিপণি খুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বিহুৱতী যুৱতীগৰাকীয়ে ৷

লগতে পঢ়ক: ডলী চাহৱালাৰ দোকানত চাহৰ জুতি ল’লে মুখ্যমন্ত্ৰীয়ে - DOLLY CHAIWALA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.