ETV Bharat / state

ছাগলীয়ে মাতিব, বাঘ আহি পিঞ্জৰাত সোমাব : আশাত বন্দী বন বিভাগ - Tiger Terror in Kaliabor

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 9:57 PM IST

Cage set up in Kaliabor : বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ কলিয়াবত যুদ্ধংদেহী তৎপৰতা বন বিভাগৰ ৷ সুপৰিকল্পিতভাৱে স্থাপন কৰা হৈছে পিঞ্জৰা ৷ পিঞ্জৰাটোত থোৱা ছাগলীয়ে মাতিলেই বাঘ আহি জালত সোমাব বুলি আশা ৷

TIGER TERROR IN KALIABOR
বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ কলিয়াবত যুদ্ধংদেহী তৎপৰতা বন বিভাগৰ (ETV Bharat Assam)

কলিয়াবৰ, 31 আগষ্ট : কলিয়াবৰৰ তিনিখন গাঁৱত সন্ত্ৰাস চলাই আছে এটা ঢেকীয়াপতীয়া বাঘে ৷ বাঘটোক বন্দী কৰিবলৈ শনিবাৰে বন বিভাগে পিঞ্জৰা স্থাপন কৰে । কলিয়াবৰৰ কামাখ্যা গাঁৱৰ চিত্ৰনলা বাগিচাত বনৰজাক বন্দী কৰিবলৈ বন বিভাগে স্থাপন কৰিছে পিঞ্জৰাটো ৷

‘‘আমাৰ ইয়াত বাঘ বহু বছৰৰ পৰাই অহা-যোৱা কৰি থাকে । কামাখ্যা মন্দিৰ আছে বাবে বাঘ থাকেই । বাঘৰ লগত আমাৰ শত্ৰুতা নাই, সেইবাবে বাঘে আজিলৈকে কোনো মানুহক আক্ৰমণ কৰা নাই । মইতো সন্মুখৰ পৰা কেবাৰো বাঘ দেখিছো । বাটত অহা-যোৱা কৰোতেও বাঘ দেখিছো ৰাস্তাত, ক্ষতি কৰা নাই । কেৱল আহাৰৰ বাবে চিকাৰ কৰিছে পশুধন ।’’- এই মন্তব্য কামাখ্যা গাঁৱৰ নিবাসী প্ৰশান্ত পাঠকৰ ।

পাঠকৰ চিত্ৰনলা বাগিচাতে আজি বাঘ ধৰিবলৈ পিঞ্জৰা স্থাপন কৰিছে বন বিভাগে ৷ পিঞ্জৰা স্থাপন কৰি অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাট কামাখ্যা মন্দিৰত চাকি-বন্তি আগবঢ়াই সেৱা লয় বন বিভাগে । শিলঘাট-কামাখ্যা পাহাৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচা, নাম কামাখ্যা, কামাখ্যা আৰু সোণাৰী গাঁৱত দুটাকৈ প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি পশুধন নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ।

বন বিভাগে পিঞ্জৰাত বাঘৰ চিকাৰৰ বাবে ৰাখিছে এটা ছাগলী । ছাগলীৰ মাত শুনি বাঘ কাষ চাপি আহি পিঞ্জৰাবদ্ধ হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে । কিন্তু ছাগলীটো বাঘে ধৰিব নোৱৰাকৈ এখন লোহাৰ জপনা লগোৱা হৈছে পিঞ্জৰাত । এতিয়া বাঘ আহি পিঞ্জৰাত সোমাই নে নাই সেয়া সময়তহে জানিব পৰা যাব । তথাপি স্থানীয় ৰাইজৰ লগতে বন বিভাগৰো আশা- বনৰজা পিঞ্জৰাত বন্দী হ’ব, বাঘৰ সন্ত্ৰাসৰ পৰা মুক্ত হ’ব ।

লগতে পঢ়ক : বনৰজাক বলে পৰা নাই কোনেও: ড্ৰোণ কেমেৰাৰে নিৰীক্ষণহে চলিছে

বাঘৰ আতংকই খেদিছে এটা অঞ্চলক : হাতীমূৰাত অৱস্থান তিনিটাকৈ বাঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.