ETV Bharat / state

যেন ওৰকে নপৰে মাজুলীবাসীৰ সমস্যাৰ - BRAHMAPUTRA WATER LEVEL

ফেৰী চলাচলৰ সমস্যা বৰ্তমানো অন্ত পৰা নাই মাজুলীত । শুকাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । অফলামুখত ফেৰী চপাবলৈ অসুবিধাত পৰিছে ফেৰী চালক ।

Ferry service suspended at Aphalamukh-Nimati ghat due to drying up of Brahmaputra water
যেন ওৰকে নপৰে মাজুলীবাসীৰ সমস্যাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 6:29 PM IST

মাজুলী: মাজুলীবাসীৰ সন্মুখত আন এক সমস্যা । অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ । কমলাবাৰী-নিমাতী ঘাটৰ পাছত আফলামুখ-নিমাতী ঘাটৰ মাজত জাহাজ চলাচলত আহিছে সমস্যা । দৈনিক হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ।

ব্ৰহ্মপুত্ৰ নদীত পানী হ্ৰাস পোৱাৰ বাবে নিমাতী ঘাটৰ পৰা আফলামুখ লৈ আহিলে অফলামুখত ফেৰী চপাবলৈ অসুবিধাত পৰিছে ফেৰীৰ চালকসকল । ইফালে নিমাতী ঘাটৰ সন্মুখত বালিচৰ হোৱাৰ ফলত জাহাজ চলাচলত অসুবিধাৰ সন্মুখীন হোৱা বুলি ব্যক্ত কৰে জাহাজচালকৰ লগতে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ।

যেন ওৰকে নপৰে মাজুলীবাসীৰ সমস্যাৰ (ETV Bharat Assam)

ইফালে ফেৰী চলাচল কৰা চেনেলসমূহত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ যি পৰিমাণ সেই অনুপাতে অধিক বোজা লৈ ফেৰী চলাচল কৰিব নোৱাৰি বুলি জানিবলৈ দিয়ে ফেৰী চালকসকলে । যাৰ ফলত আগন্তুক ৰাস পালনামত চাৰিচকীয়া আৰু দুচকীয়া বাহন জাহাজত যে সীমিত সংখ্যকহে পাৰ কৰিব পৰা হ'ব তাক অনুমান কৰিব পাৰি । অন্যহাতে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি বৰ্তমান স্থানৰ পৰা অফলামুখ ঘাটতো জলস্তৰ হ্ৰাস পোৱাৰ বাবে দুই এদিনতে আন ঠাইলৈ স্থানান্তৰিত কৰাৰ কথা জানিবলৈ দিয়ে ।

আনহাতে কেইবাটাও দিন কমলাবাৰী নিমাতিৰ মাজত ফেৰী চলাচল বন্ধ থকাৰ পাছত পুনৰ ফেৰী সেৱা আৰম্ভ হৈছে যদিও কমলাবাৰী ঘাটত বৰ্তমানেও বন্ধ আছে চৰকাৰী জাহাজ চলাচল । এনে পৰিস্থিতিত চিন্তিত হৈ পৰিছে মাজুলীবাসীৰ লগতে মাজুলীলৈ সততে যাতায়ত কৰা ৰাইজ । উল্লেখ্য যে ৰাজ্য চৰকাৰৰ জল পৰিবহণ মন্ত্ৰী কেশৱ মহন্তয়ো পৰিস্থিতিৰ বুজ লৈ বিশেষ ড্ৰেজাৰৰ সহায়ত বালি খান্দি জলপথ মুকলি কৰাৰো পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰিছিল । পিচে সেয়া কিমান ফলপ্ৰসু হ'ব সেয়া হ'ব সময়ত লক্ষ্যণীয় ।

লগতে পঢ়ক: কিয় বন্ধ হ'ল কমলাবাৰী-নিমাতী পাৰঘাট ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.