ETV Bharat / state

সৰ্বানন্দ সোণোৱালৰ অনুষ্ঠানৰ বাবেই বাতিল হ'ল বছৰেকীয়া পৰীক্ষা - Inland waterways

Yearly Examination Assam: কেন্দ্ৰীয় মন্ত্ৰীৰ অনুপস্থিতিত অনুষ্ঠিত কৰা সভাৰ বাবেই স্থগিত কৰিবলগীয়া হ’ল বছৰেকীয়া পৰীক্ষা ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শৈক্ষিক মহলত ৷ ঘটনাটো ডিব্ৰুগড়ৰ ৷

Yearly Examination Assam
চৰকাৰী সভাৰ বাবেই বাতিল হ'ল বছৰেকীয়া পৰীক্ষা
author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 5:31 PM IST

চৰকাৰী সভাৰ বাবেই বাতিল হ'ল বছৰেকীয়া পৰীক্ষা

ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী : পৰীক্ষালৈ বুলি সাজু হৈ আহিও পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে ছাত্ৰ-ছাত্ৰীয়ে ৷ কাৰণ বিদ্যালয়খনৰ খেলপথাৰলৈ মন্ত্ৰী আহিছে, ধুমধামেৰে অনুষ্ঠিত কৰিছে বৃহৎ অনুষ্ঠান ৷ উচ্চ প্ৰাবল্যৰ শব্দৰ মাজত কেনেকৈ অনুষ্ঠিত কৰিব পৰীক্ষা! কেন্দ্ৰীয় মন্ত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কৰা অনুষ্ঠানৰ বাবেই পৰীক্ষা স্থগিত ৰাখিবলগীয়া হ’ল ৷

মন্ত্ৰীৰ অনুষ্ঠানতকৈ যেন ডাঙৰ নহয় শিক্ষাৰ্থীৰ পৰীক্ষা ৷ ভাষণত শিক্ষা বিভাগৰ সংস্কাৰৰ কথা কৈ থাকে শাসকসকলে ৷ চৰকাৰৰ নিয়ম অমান্য কৰিলে বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধেও চৰকাৰে গ্ৰহণ কৰে কঠোৰ পদক্ষেপ । তেনে সময়তে ডিব্ৰুগড়ত দেখা গ’ল চৰকাৰ আৰু জিলা প্ৰশাসনৰ বিপৰীত কাণ্ড ।

মঙলবাৰৰ পৰা অৰ্থাৎ 20 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা আছিল শিক্ষা বিভাগৰে ৷ কিন্তু ডিব্ৰুগড়ৰ এই অবিবেচকী কাণ্ড‌ই স্তম্ভিত কৰি তুলিছে শৈক্ষিক মহলক ৷

ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত স্থগিত ৰখা হ’ল পৰীক্ষা ৷ উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহণ খণ্ডক উন্নয়নৰ বাবে মঙলবাৰে গুৱাহাটীৰ পাণ্ডু বন্দৰৰ পৰা ডিব্ৰুগড়ৰ বগীবিলত পেছেঞ্জাৰ কাম কাৰ্গো টাৰ্মিনেলৰ শুভাৰম্ভণি কৰা হয় । এই উপলক্ষে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত অনুষ্ঠিত কৰা বিশাল সভাত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীসহ বহু কেইজন বিধায়কৰ উপৰিও জিলা প্ৰশাসনৰ লোক ।

সেই সময়তে বিদ্যালয়খনত চলি থাকিল পাঠদান । ইফালে আজিৰে পৰা অনুষ্ঠিত হ’বলগীয়া বিদ্যালয়খনৰ বছৰেকীয়া পৰীক্ষাও স্থগিত ৰাখিবলগীয়া হ’ল উক্ত অনুষ্ঠানৰ বাবে ৷ যাৰ বাবে শৈক্ষিক বাতাবৰণ বিনষ্ট কৰি উচ্চ প্ৰাৱল্যৰ শব্দৰে এনে অনুষ্ঠান অনুষ্ঠিত কৰাক লৈ ক্ষোভিত হৈ পৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ।

উক্ত খেলপথাৰখনত জিলা প্ৰশাসনে বিভিন্ন চৰকাৰী অনুষ্ঠান অনুষ্ঠিত কৰি অহাক লৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাত বাধাৰ সৃষ্টি হৈ আহিছে বুলিও কয় শিক্ষকসকলে ৷

লগতে পঢ়ক: জোনাইত মেট্ৰিক পৰীক্ষাত স্বয়ং শিক্ষাগুৰুৱেই নামিল নকল যোগানত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.