ETV Bharat / state

ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ১নং ৰাজাখানালৈ - Erosion in Jonai - EROSION IN JONAI

Rajakhana River Erosion : জোনাইৰ ৰাজাখানা নদীত ভয়ংকৰ গৰাখহনীয়া ৷ বাৰিষাৰ পূৰ্বে খহনীয়া প্ৰতিৰোধৰ আহ্বান ৰাইজৰ । গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ১নং ৰাজাখানা অঞ্চললৈ ৷ ঘৰ-বাৰী, খেতিপথাৰ, বাট-পথ আদি জাহ গৈছে ৰাজাখানা নদীৰ বুকুত ৷

RAJAKHANA RIVER EROSION
খহনীয়া প্ৰতিৰোধৰ আহ্বান ৰাইজৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 5:38 PM IST

জোনাই, 16 জুন : নদীৰ খহনীয়াই বিপদ মাতিছে ধেমাজি জিলাৰ এক বৃহত্তৰ অঞ্চললৈ ৷ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা ৰাজাখানা নদীয়ে 2005 চনৰ পৰাই অঞ্চলটোত খহনীয়াৰ সৃষ্টি কৰি আহিছে ৷ বৰ্তমানেও নদীখনে অব্যাহত ৰাখিছে ভয়ংকৰ খহনীয়া ৷ খহনীয়াত জাহ গৈছে ঘৰ-বাৰী, খেতি-পথাৰ, গছ-গছনি ৷

গৰাখহনীয়াই কঢ়িয়াইছে তীব্ৰ ভাবুকি (ETV BHARAT ASSAM)

প্ৰতিবছৰে নদীখনৰ তীব্ৰ গৰাখহনীয়াত জাহ গৈছে 1 নং ৰাজাখানা অঞ্চলৰ বহু পৰিয়ালৰ সপোনৰ ঘৰ-বাৰী ৷ সমান্তৰালকৈ নদীৰ বুকুত জাহ গৈছে খেতিপথাৰ, মূল্যবান গছ-গছনি আদি ৷ নদীখনৰ খহনীয়া এইদৰে অব্যাহত থাকিলে অচিৰেই বহু পৰিয়ালে ঘৰ-বাৰী হেৰুৱাই অঘৰী জীৱন-যাপন কৰিবলৈ বাধ্য হোৱাৰ আশংকা কৰিছে ৷

এইক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক : খহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত খান্দিলে সুঁতি - Erosion of Brahmaputra in Assam

ইফালে নিৰ্বাচনৰ সময়ত বিধায়কৰ লগতে সাংসদ তথা ৰাজনৈতিক নেতাই এই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি যায় যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিচত পাহৰি যোৱা বুলি অভিযোগ কৰিছে ৷ গতিকে অসমৰ মুখ্যমন্ত্ৰী, জলসম্পদ বিভাগৰ লগতে স্থানীয় বিধায়ক আৰু সাংসদগৰাকীক নদীখনৰ খহনীয়া ৰোধৰ বাবে শীঘ্ৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰি 1 নং ৰাজাখানা অঞ্চলৰ ৰাইজৰ মাটি-ভেটি, জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ কাতৰ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্ত এতিয়া পূৰ্বৰ বৰ্ষসমূহৰ দৰেই বান আৰু খহনীয়াৰ কবলত পৰিছে ৷ বছৰ বছৰ ধৰি ৰাইজে ভূগি অহা এই সমস্যাৰ সমাধান এতিয়াও কোনো এখন চৰকাৰে কৰিব পৰা পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক : মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ - water pipe burst

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.