ETV Bharat / state

নিৰ্বাচনৰ প্ৰাকক্ষণত কৰিমগঞ্জত ২২ লাখৰো অধিক নগদ ধন জব্দ - Election code violation

Election code violation: কৰিমগঞ্জ আৰক্ষীয়ে নিলামবজাৰত তালাচী চকী স্থাপন কৰিছিল । তালাচীৰ মাজতে এখন বাহনৰ পৰা ২২ লাখ ৯৫ হাজাৰ ৫০০ টকা জব্দ কৰা হয় । AS-08-A-0614 নম্বৰৰ বাহনখনো জব্দ ।

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 11:29 AM IST

Election code violation
নিৰ্বাচনৰ প্ৰাকক্ষণত কৰিমগঞ্জত ২২ লাখৰো অধিক নগদ ধন জব্দ

কৰিমগঞ্জ,১১ এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচন । প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰতিগৰাকী প্ৰাৰ্থী এতিয়া নিৰ্বাচনী প্ৰচাৰ ব্যস্ত । সমান্তৰালকৈ নিৰ্বাচনী আচৰণ বলৱৎ হোৱাৰ পিচৰে পৰা সক্ৰিয় হৈ আছে নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডসমূহ । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ফ্লায়িং স্কোৱাডে যথেষ্ট পৰিমাণৰ ধন, সুৰা আৰু ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।

তাৰ মাজতে কৰিমগঞ্জত আৰক্ষীৰ অভিযানত জব্দ ২২ লাখ ৯৫ হাজাৰ ৫০০ টকা । জিলাখনৰ নিলামবজাৰত এখন বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ ধনখিনি । জানিব পৰা মতে নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত কেউটকোনা এলেকাত আৰক্ষীয়ে AS-08-A-0614 নম্বৰৰ বাহনখনৰ পৰা জব্দ কৰে ধনখিনি ।

উল্লেখ্য যে নিলামবাজাৰত নাকা চেকিং প্ৰত্যক্ষ কৰাৰ পিচতে বাহনখনৰ চালকে পলায়নৰ চেষ্টা কৰিছিল । পিচে আৰক্ষীয়ে বাহনখনৰ খেদি যায় আৰু বাহনখনৰ লগতে চালকজনক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ৰূপাৰগুল এলেকাৰ আব্দুছ ছবুৰ নামৰ চালকজনক আটক কৰিছে । বাহনখনত তালাচী চলাই বেগ এটাৰ ভিতৰৰ পৰা ধনখিনি উদ্ধাৰ কৰা হয় ।

আৰক্ষীয়ে লগে লগে নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডক খবৰ দিয়ে আৰু সম্প্ৰতি দলটোৱে তদন্ত আৰম্ভ কৰিছে । অৱশ্যে এই ধনখিনি কি উদ্দেশ্যেৰে লৈ যোৱা হৈছিল ? ধনখিনি সন্দৰ্ভত চালকজনে নিৰ্দিষ্ট নথিপত্ৰ প্ৰকাশ কৰিব পাৰিব নে ? ধনখিনি কোনো ৰাজনৈতিক দলৰ নেকি ? আৰক্ষীৰ তদন্তত এই সকলো তথ্য পোহৰলৈ আহিব ।

লক্ষণীয়ভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ধনৰ অবৈধ লেনদেন, সুৰা বা ড্ৰাগছৰ অবৈধ সৰবৰাহ আদিৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাডে চোকা দৃষ্টি ৰাখিছে । যোৱা কিছু দিনত ফ্লায়িং স্কোৱাডে কেইবা কোটি টকা জব্দ কৰিছে ।

লগতে পঢ়ক :ৰাজ্যত সক্ৰিয় ফ্লায়িং স্কোৱাড; এই পৰ্যন্ত জব্দ 102 কোটি টকা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.