ডিব্ৰুগড়: ৰাজ্য চৰকাৰৰ কাম-কাজ খৰতকীয়া কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ পৰাই তদাৰক কৰিছে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ কাম-কাজ । ডিব্ৰুগড়ৰ মাইজানত থকা জলসম্পদ বিভাগৰ অতিথিশালাটো নিৰ্মাণ কৰি উলিওৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ সচিবালয়ত উজনি অসমৰ ৯খন জিলাৰ কাম-কাজ দ্ৰুতগতিত কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে । তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলী, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটকে কৰি প্ৰায় ৯ খন জিলাৰ কাম-কাজ ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয় পৰাই তদাৰক কৰিছে মুখ্যমন্ত্ৰীয়ে ।
এডভান্টেজ আছাম কাৰ্যসূচীৰ বাবে বিদেশ ভ্ৰমণত থকা মুখ্যমন্ত্ৰীয়ে শনিবাৰৰ পৰা উন্নয়নৰ বাৰ্তা লৈ তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ সচিবালয়ত থাকিব । তিনিটা দিন কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ৰাজহুৱা অনুষ্ঠান, সমষ্টি উন্নয়নৰ খতিয়ান ল'ব মুখ্যমন্ত্ৰীয়ে । বিশেষকৈ ২৬ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব । তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীসমূহক লৈ ডিব্ৰুগড় প্ৰশাসন তৎপৰ হোৱাৰ লগতে ডিব্ৰুগড়ৰ সচিবালয়ত তৎপৰতা বৃদ্ধি পাইছে দায়িত্বত থকা বিষয়াসকলৰ ।
কি কি কাৰ্যসূচী থাকিব মুখ্যমন্ত্ৰীৰ তিনিদিনীয়া ভ্ৰমণত :
বিদেশ ভ্ৰমণ সামৰি তিনিদিনীয়া কাৰ্যসূচীৰে আজি ডিব্ৰুগড়লৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে সন্ধিয়া ডিব্ৰুগড়ত মোহনবাৰী বিমানবন্দৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ মিনি সচিবালয়লত তিনিচুকীয়াৰ ডুমডুমা সমজিলাৰ পৰ্যালোচনা বৈঠকত মিলিত হ’ব । ২৬ জানুৱাৰীত ডিব্ৰুগড়ৰ সচিবালয়ত পুৱাই গছপুলি ৰোপণ কৰিব মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পাছতে তেওঁ থানা চাৰিআলিত গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ পাছত খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাই ৰাজ্যবাসীক সম্বোধন কৰিব ।
গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ পাছতে সচিবালয়ত নাহৰকটীয়া সমজিলাৰ পৰ্যালোচনা বৈঠকত অংশ ল’ব । ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে পল্টনবজাৰ নামঘৰত অখণ্ড ভাগৱত পাঠ কাৰ্যসূচীত অংশ লৈ মানকটা পথত ৪ খনকৈ উৰণসেতুৰ আধাৰশিলা স্থাপন কৰিব । এই কাৰ্যসূচীৰ পাছতে টেঙাখাতত অনুষ্ঠিত হৈ থকা টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে । ২৭ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ সচিবালয়ত জোনাই সমজিলাৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ আনন্দালয় ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে উৰুৱাব গণৰাজ্য দিৱসৰ পতাকা :
স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ এইবাৰ ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব । এইবাৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰিব । ইতিমধ্যে সম্পূৰ্ণ সাজু কৰা হৈছে খনিকৰ খেলপথাৰ । গণৰাজ্য দিৱসৰ কাৰ্যসূচীক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ।
মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উৰুওৱাৰ বিপৰীতে ৰাজ্যপালে গুৱাহাটীত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব । অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা খনিকৰ খেলপথাৰতে যিহেতু মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পতাকা উৰুৱাব সেই বাবে নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰি তুলিছে আৰক্ষীয়ে । ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি আৰক্ষী আৰু সেনাৰ শীৰ্ষ বিষয়াই বুজ লৈছে নিৰাপত্তা ব্যৱস্থাৰ সকলো দিশ ।
গণৰাজ্যৰ দিৱসক লৈ কঠোৰ নিৰ্দেশনা ডিব্ৰুগড় প্ৰশাসনৰ :
- ৰাজ্য চৰকাৰে ডিব্ৰুগড়ৰ খনিকৰ পেৰেড গ্ৰাউণ্ডত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলগীয়া গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উৰুৱাব । সেয়ে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ পথ নিৰ্দেশনা জাৰি কৰিছে ।
- বৰবৰুৱা, চাবুৱা, জকাই চাৰিআলিৰ ফালৰ পৰা খনিকৰ চাৰিআলি অভিমুখে পুৱা ৫ বজাৰ পৰা মাজনিশা ১২ বজালৈ অহা সকলো ধৰণৰ গধুৰ বাহনৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । খনিকৰ পেৰেড খেলপথাৰত থকা ভি আই পি পাৰ্কিং স্থানৰ ভিতৰত কেৱল ৰঙা ৰঙৰ পাছৰ বাহনহে প্ৰৱেশ কৰিব পাৰিব । সেউজীয়া ৰঙৰ পাছৰ বাহনসমূহ খনিকৰ ফিল্ডৰ মূল প্ৰৱেশদ্বাৰত যাত্ৰীক নমাই খনিকৰ পাৰ্কৰ পিছফালৰ ফিল্ডত ৰখাব লাগিব ।
- আমন্ত্ৰিত, বিষয়া আৰু সংবাদ মাধ্যমৰ কৰ্মীৰ বাহনৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা খনিকৰ পাৰ্কৰ পিছফালৰ ফিল্ডত কৰা হৈছে । আনহাতে চাবুৱা, বৰবৰুৱা আৰু জকাই চাৰিআলিৰ ফালৰ পৰা আহিবলগীয়া বাছ আৰু যাত্ৰীসকলে মানকটা পূজা খেলপথাৰত গাড়ী ৰখাব পাৰিব ।
- গণৰাজ্য দিৱসৰ দিনটোত ৰাষ্ট্ৰীয় ঘাইপথ (NH15)ৰ বাওঁফালৰ খনিকৰ চাৰিআলি আৰু বকপৰা চাৰিআলিত পুৱা ৫ বজাৰ পৰা বিয়লি ৩ বজালৈ কোনো প্ৰৱেশ কৰিব নোৱাৰিব । অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁফালটো যাতায়তৰ বাবে মুকলি কৰি ৰখা হ'ব বুলি জানিবলৈ দিছে প্ৰশাসনে ।
লগতে পঢ়ক: কোন মন্ত্ৰীয়ে, ক’ত ’25 গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ?