ETV Bharat / state

চাকৰিৰ সাক্ষাৎকাৰ আছিল পুৱা 9.30 বজাত, ডাকোৱালে চিঠি দিলেগৈ 10 বজাত: প্ৰাৰ্থীয়ে হেৰুৱালে সুযোগ - late delivery of calling letter

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 8:25 AM IST

candidate misses out job interview: ডাক বিভাগৰ বিৰুদ্ধে উত্থাপিত হেমাহিৰ অভিযোগ আপুনি বহুত শুনিছে ৷ কেতিয়াবা যদি সময়ত চিঠি বা আন সামগ্ৰী বিতৰণ নহয়, আন কেতিয়াবা আকৌ আদ বাটতেই অন্তৰ্ধান হয় কোনেৱে কাৰোবালৈ প্ৰেৰণ কৰা পত্ৰ বা সামগ্ৰী আদি ৷ ডাক বিভাগৰ বাবেই চাকৰিৰ সাক্ষাৎকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে এগৰাকী প্ৰাৰ্থীৰ অভিভাৱকে ৷ কি হৈছিল প্ৰকৃততে ? সবিশেষ পঢ়ক...

late delivery of calling letter
ডাক বিভাগৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ (ETV Bharat)

মৰাণ, 11 ছেপ্টেম্বৰ: আপুনি বাৰু মানস ৰবীনৰ ‘লেফাফা’ নামৰ ভিচিডিখন চাইছে নে ? সেই যে এজন পিয়নে এলাহে নিবিলোৱাকৈ লুকুৱাই ৰাখিছিল বহু চিঠি ৷ যি ভুলৰ বাবে বহুতৰে জীৱনৰ গতি সলনি হৈ গৈছিল ৷ সেয়া আছিল ৰীলৰ কাহিনী ৷ পিচে এইবাৰ বাস্তৱ ক্ষেত্ৰত সংঘটিত হৈছে অনুৰূপ এক ঘটনা ৷ ডাকঘৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এগৰাকী চাকৰি প্ৰাৰ্থী সাক্ষাৎকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে ৷ প্ৰায় এসপ্তাহ পূৰ্বেই ডাকঘৰ আহি পোৱা সাক্ষাৎকাৰৰ চিঠিখন সময়মতে পিয়নে প্ৰাৰ্থীগৰাকীৰ হাতত তুলি নিদিয়াৰ বাবেই তেওঁ সাক্ষাৎকাৰৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ তুলিছে ৷ ক’ত সংঘটিত হৈছে এই ঘটনা ? জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলক নিজৰ কৰ্ম-সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হ'বলৈ সদায়েই আহ্বান জনাই আহিছে । ইতিমধ্য ৰাজ্য চৰকাৰে শিক্ষা বিভাগকে ধৰি বহুকেইটা বিভাগত কৰ্মচাৰীসকলৰ কাৰ্যালয়ত উপস্থিতি নিয়মীয়াকৰণৰ বাবে অনলাইন ব্যৱস্থা কৰিছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ কৰ্ম-সংস্কৃতি দৃঢ় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও আজিও যেন নিজৰ দায়িত্ব পালনত দায়বদ্ধ নহয় একাংশ । ফলত তাৰ পৰিণাম ভুগিব লগা হৈছে সাধাৰণ ৰাইজে ।

চৰাইদেউ জিলাত ডাক বিভাগৰ কৰ্মচাৰীৰ হেমাহিৰ বাবেই চাকৰিৰ সাক্ষাৎকাৰৰ পৰা এগৰাকী যুৱতী বঞ্চিত হোৱাৰ অভিযোগ উঠিছে । সাক্ষাৎকাৰ পত্ৰ এসপ্তাহ পূৰ্বেই ডাকঘৰ আহি পোৱাৰ পাচতো প্ৰাৰ্থীগৰাকীয়ে সময়মতে লাভ নকৰিলে পত্ৰখন । প্ৰাৰ্থীগৰাকীৰ অভিভাৱকে জানিবলৈ দিয়া অনুসৰি ডিগবৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে যোৱা 9 ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এটা সাক্ষাৎকাৰ । এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰেৰণ কৰা পত্ৰখন যোৱা ২ ছেপ্টেম্বৰতে চৰাইদেউ চফ্ৰাই ডাকঘৰ আহি পায়হি । কিন্তু পত্ৰখন চফ্ৰাই ডাকঘৰৰ পৰা পাঁচ কিলোমিটাৰ আঁতৰৰ বনমালী শাখা ডাকঘৰ পাওঁতে সময় লাগিল সাতদিন ।

সেই অনুসৰি 9 ছেপ্টেম্বৰৰ পুৱা 9.30 বজাত প্ৰাৰ্থীগৰাকী সাক্ষাৎকাৰৰ বাবে ডিগবৈ মহাবিদ্যালয়ত উপস্থিত হ’ব লাগিছিল যদিও তেওঁ পত্ৰখন লাভ কৰে সেইদিনা দহ বজাতহে ৷ যাৰ ফলত 9 ছেপ্টেম্বৰত অনুষ্ঠিত সাক্ষাৎকাৰত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হয় প্ৰাৰ্থীগৰাকী । ডাক বিভাগৰ এই আজৱ কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে প্ৰাৰ্থীগৰাকীৰ পৰিয়াল ।

ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে ডাক বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰি কৰ্তব্যত হেমাহী কৰা কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ছাত্ৰীগৰাকীৰ পিতৃয়ে । চৰাইদেউৰ চফ্ৰাই ডাকঘৰত উপস্থিত হৈ যুৱতীগৰাকীৰ পিতৃয়ে ক্ষোভ প্ৰকাশ কৰে ডাক কৰ্মচাৰীৰ বিৰুদ্ধে ।

ভুক্তভোগী প্ৰাৰ্থীগৰাকীৰ পিতৃৰ ভাষ্য আছিল এনেধৰণ- ‘‘ডাক বিভাগৰ হেমাহীৰ বাবেই বহু নিবনুৱাৰ অসুবিধা হৈছে । তেওঁলোকে সময় মতে চিঠিবিলাক বিতৰণ নকৰে । এই ঘটনা মোৰ ছোৱালীৰ লগতে সংঘটিত হ'ল । সোমবাৰে মোৰ ছোৱালীজনীৰ সাক্ষাৎকাৰ আছিল ডিগবৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগত । 9.30 বজাত আছিল সাক্ষাৎকাৰ, কিন্তু ডাক কৰ্মচাৰীয়ে চিঠি দিছে 10 বজাত । এতিয়া 10 বজাত চিঠি পোৱাত চৰাইদেউৰ পৰা ডিগবৈলৈ যাব নোৱাৰি সাক্ষাৎকাৰত অংশগ্ৰহণ কৰাৰ পৰা মোৰ ছোৱালী বঞ্চিত হ'ল । এই ঘটনাৰ পাছত মোৰ ছোৱালী মানসিকভাৱে ভাগি পৰিছে ।’’

‘‘ডাক কৰ্মচাৰীৰ হেমাহীৰ বাবেই এই ঘটনা হৈছে । 2 তাৰিখেই ডিব্ৰুগড়ৰ পৰা আহি চফ্ৰাই ডাকঘৰ পাইছিল চিঠিখন । কিন্তু চফ্ৰাইৰ পৰা বনমালী ডাকঘৰ আৰু তাৰ পৰা প্ৰায় 200 মিটাৰ দূৰত থকা মোৰ ঘৰ পাবলৈ সময় লাগিল 7 দিন ৷ ঠিকনাত মোৰ ফোন নং আছিল যদিও পিয়নে ফোন নকৰিলে ৷’’ তেওঁ লগতে কয় ৷ ভৱিষ্যতে যাতে এনে ঘটনা নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডাক বিভাগক অভিযোগ দাখিল কৰা বুলি জনালে ভুক্তভোগী প্ৰাৰ্থীগৰাকীৰ পিতৃয়ে ।

লগতে পঢ়ক: গুৱাহাটীৰ পৰা ডাকযোগে মহাৰাষ্ট্ৰলৈ ড্ৰাগছৰ সৰবৰাহ - Drugs smuggling

ৰাজপথৰ পৰা হেৰাই গৈছে ৰঙা বাছ, ভাঙি পৰিছে পৰিবহন নিগমৰ কাৰ্যালয় - Assam State Transport Corporation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.