নলবাৰী, ১৪ আগষ্ট : আজি পালন কৰা হৈছে 'নলবাৰী জিলা দিৱস' । ৩৯ বছৰ পূৰ্বে আজিৰ দিনটোতেই নলবাৰী জিলাই লাভ কৰিছিল পূৰ্ণাংগ জিলাৰ মৰ্যাদা । এই জিলা দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলা পৰিবহণ বিভাগে লৈছে এক বিশেষ পদক্ষেপ । বুধবাৰে নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা উলিওৱা হয় এক বিশাল বাইক ৰেলী । জিলাখনত পথ সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে উলিওৱা এই বাইক ৰেলীৰ ফ্লেগ অফ কৰে জিলা উন্নয়ন আয়ুক্ত কৰ্মদেৱ ব্ৰহ্মই ।
ঘাইপথত গৰু-ছাগলী এৰাল নিদিবলৈ ৰাইজক আহ্বান :
জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথসমূহত গৰু-ছাগলী আদি এৰাল নিদিবলৈ ৰাইজক আহ্বান জনায় । জিলা পৰিবহণ বিষয়াগৰাকীয়ে কয়," জিলাখনত দৈনন্দিন এটাৰ পিছত আনটো সৰু-বৰ দুৰ্ঘটনাই বাৰুকৈয়ে ৰাইজক চিন্তিত কৰিছে ।" পৰিবহণ বিষয়াগৰাকীয়ে পুনৰ কয়," পথ দুৰ্ঘটনা ৰোধ কৰাৰ চিন্তাৰে আজিৰ এই বাইক ৰেলীয়ে ৰাইজৰ মাজত সজাগতা আনিব ।"
নলবাৰী চহৰত বাইক ৰেলী :
আনহাতে, বাইক অথবা গাড়ী চলাওতে যিসমূহ যান-বাহন আইন প্ৰযোজ্য সেই সকলো নিয়ম ৰাইজক মানি চলিবলৈ আহ্বান জনাই জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাৰ লগতে জিলা উন্নয়ন আয়ুক্ত কৰ্মদেৱ ব্ৰহ্মই । আজিৰ এই বিশাল বাইক ৰেলীটো জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা নলবাৰী চহৰ পৰিভ্ৰমণ কৰি পুনৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত সমাপ্ত কৰা হয় । উল্লেখ্য় যে এই বাইক ৰেলীটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক লোকে অংশগ্ৰহণ কৰে ।