ডিব্ৰুগড়, ২ ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া ব্যাপক চৰ্চিত বিষয়টো হ'ল ষ্টক মাৰ্কেটত বিনিয়োগ । শেহতীয়াকৈ একাংশই ষ্টক মাৰ্কেটত বিনিয়োগ কৰি অধিক লাভবান হোৱাৰ আশাৰে ধন বিনিয়োগ কৰিছিল যদিও হেৰুৱাবলগীয় হৈছে গাঁঠিৰ ধন । কেইটামান দিনৰ পূৰ্বে DB Stockৰ নামত কোটি কোটি টকা লুটি নিয়া দীপাংকৰ বৰ্মন নামৰ এজনৰ কাহিনী পোহৰলৈ অহাৰ পাছতে ব্যাপক চৰ্চালৈ আহিছিল ডিব্ৰুগড়ৰ বিশাল ফুকন ।
অতি কম বয়সৰ ব্যৱসায়ী প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনৰ বিষয়ে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন অভিযোগ দিছিল । ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হোৱা পাছতেই নিজৰ সামাজিক মাধ্যমত নিজৰ স্পষ্টীকৰণ দিছিল অভিযুক্ত বিশাল ফুকনে । কিন্তু আজি অৰ্থাৎ সোমবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা ধনকুবেৰ বিশাল ফুকনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে ।
বহু সময় ডিব্ৰুগড়ৰ সদৰ আৰক্ষী দলে প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ৫০৩ নম্বৰ ফ্লেটত ভিতৰতে জেৰা চলাইছিল বিশালক । ইয়াৰ পাচতে ডিব্ৰুগড়ৰ সদৰ থানালৈ লৈ যায় অভিযুক্ত বিশাল ফুকনক । আৰক্ষীয়ে কাৰ অভিযোগৰ ভিত্তিত বিশালক আটক কৰিছে সেই কথা জানিবলৈ দিয়া নাই যদিও সন্ধিয়াৰে পৰা বিশাল ফুকনে থকা প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ৫০৩ নম্বৰ ফ্লেটত আৰক্ষীয়ে চলাই আছে অভিযান । কোনো লোককে ভিতৰলৈ সোমাবলৈ দিয়া নাই ।
ৰাজ্যত যিহেতু ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত বহু লোক প্ৰৱঞ্চনাৰ বলি হৈছে, এইক্ষেত্ৰত অসম আৰক্ষীৰ কঠোৰ হোৱাৰ ইংগিত দিছিল DB Stockৰ নামত দীপাংকৰ বৰ্মনে কোটি টকা লুটি নিয়াৰ কাহিনী পোহৰলৈ অহাৰ পাছতে । তেনেস্থলত ব্যাপক চৰ্চাত থকা ডিব্ৰুগড়ৰ বিশাল ফুকনৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাকৈ তদন্ত আৰম্ভ কৰাৰ সম্ভাৱনা আছে । আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সমগ্ৰ ঘটনাক লৈ মুখ খুলিলে সকলো কথা পোহৰলৈ আহিব ।
ষ্টক মাৰ্কেটত বিনিয়োগ কৰি কোটিপতি হোৱা বিশাল ফুকনক আৰক্ষীয়ে আটক কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । জানিব পৰা অনুসৰি কম বয়সতে ষ্টক মাৰ্কেটত বিনিয়োগ কৰি অতি বিলাসী জীৱন কটোৱা বিশাল ফুকনৰ সৈতে বহু অসমীয়া ছবি জগতৰ লগতে সাংস্কৃতিক জগতৰ নামজ্বলা লোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে । কোনে কিমান ধন বিশাল ফুকনক দি ষ্টক মাৰ্কেটত বিনিয়োগ কৰিছিল সেয়া এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।
লগতে পঢ়ক: ডি বি ষ্টকত সাঁচতীয়া ধন থৈ হাহাকাৰ বিনিয়োগকাৰীৰ : থানাত ভিৰ বাঢ়িছে গ্ৰাহকৰ - DB STOCK BROKING CASE