ETV Bharat / state

ছিন্নমুণ্ডই আনিলে সুনীল গগৈকাণ্ডত টুইষ্ট: ৰহস্যভেদ কেতিয়া ? - DHAKUAKHANA MYSTERIOUS MURDER

ৰাজ্য কঁপোৱা ঢকুৱাখনাৰ হত্যাকাণ্ডৰ আজিও ওৰ নপৰিল ৰহস্য । শেহতীয়াকৈ এটা ছিন্নমুণ্ড উদ্ধাৰ হোৱাৰ পাছত পুনৰ ঘটনাটোৰ তদন্তত নামিছে চি আই ডি ।

DHAKUAKHANA MYSTERIOUS MURDER
ঢকুৱাখনাৰ হত্যাকাণ্ডৰ ৰহস্যভেদ কেতিয়া ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2024, 10:53 PM IST

লখিমপুৰ: ঢকুৱাখনাৰ সুনীল গগৈকাণ্ডৰ পুনৰ তদন্ত চলাইছে চি আই ডিয়ে । এতিয়াও ৰহস্য ভেদ হোৱা নাই এই হত্যাকাণ্ডটোৰ ৷ যোৱা জুন মাহত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ চাঞ্চল্য কিছুদিন শাম কাটি থকাৰ পাছত যোৱা শনিবাৰে হত্যাকাণ্ডস্থলীৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ শিঙিয়া দলঙৰ তলত এটা ছিন্নমুণ্ড উদ্ধাৰ হয় ৷ তাৰ পাছতেই পুনৰ তৎপৰতা বাঢ়ে আৰক্ষী তথা তদন্তকাৰী সংস্থাৰ ।

এটা বস্তাৰ ভিতৰত পলিথিনত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা ছিন্নমুণ্ডটো সংগ্ৰহ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত সোমবাৰে চি আই ডিৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পুনৰ তদন্ত আৰম্ভ কৰে । দলটোৱে হত্যাকাণ্ডস্থলীৰ লগতে ছিন্নমুণ্ড উদ্ধাৰ হোৱা স্থানত তন্নতন্নকৈ পৰীক্ষা চলায় । মুণ্ডটো উদ্ধাৰ কৰা মাছমৰীয়াকো সোধা-পোছা কৰে দলটোৱে ।

ঢকুৱাখনাৰ হত্যাকাণ্ডৰ ৰহস্যভেদ কেতিয়া ? (ETV Bharat)

উল্লেখ্য যোৱা শনিবাৰে ঢকুৱাখনাৰ শিঙিয়া দলঙৰ তলত উদ্ধাৰ হৈছিল এটা ছিন্ন নৰমুণ্ড । কেইজনমান মাছমৰীয়াই খেৱালী জাল মাৰি থাকোতে জালত এটা বস্তা উঠে ৷ বস্তাটোৰ ভিতৰত পলিথিনেৰে মেৰিওৱা ছিন্নমুণ্ডটোৰ লগতে প্ৰায় ১৫ কেজি ওজনৰ এটা শিল আৰু ব্ৰাছ, সৰু এটা তেলৰ বটল উদ্ধাৰ হয় । এটা তাবিজো উদ্ধাৰ হয় মুণ্ডটোৰ সৈতে । মাছমৰীয়া কেইজনে লগে লগে খবৰ দিয়ে আৰক্ষীক ৷

ঘটনাৰ খবৰ পাই আৰক্ষীৰ এটা দলে আহি ছিন্নমুণ্ডটো সংগ্ৰহ কৰে । ছিন্নমুণ্ডটো উদ্ধাৰৰ লগে লগে চৌদিশে পুনৰ চাঞ্চল্যৰ সৃষ্টি হয় । কিয়নো ছিন্নমুণ্ডৰ সন্ধানত আৰক্ষীয়ে ঢকুৱাখনাৰ চৌদিশে চলাথ কৰিছিল ৷ প্ৰথম সুনীল গগৈক হত্যা কৰি মুণ্ড কাটি নিয়া বুলি প্ৰচাৰ চলিছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে সুনীল গগৈৰ অধীনত জলজীৱন মিছনত কাম কৰা মিস্ত্ৰী জাহাংগীৰকহে হত্যা কৰি বুলি ঘোষণা কৰিছিল ।

ক্ৰমে ঘটনাটোৰ চাঞ্চল্য মাৰ যোৱাৰ সময়তে শনিবাৰে ছিন্নমুণ্ডটো উদ্ধাৰ হোৱাত পুনৰ চৰ্চালৈ আহে ঘটনাটো । ছিন্নমুণ্ডটোৰ লগতে উদ্ধাৰ হোৱা সামগ্রীখিনি সুনীল গগৈৰ নহয় বুলি ইতিমধ্যে তেওঁৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । তেনেহ’লে জাহাংগীৰৰ হ’ব পাৰে নেকি ছিন্নমুণ্ডটো ? নে আন কাৰোবাৰহে এই ছিন্নমুণ্ডটো । সেয়া এক উত্তৰবিহীন প্ৰশ্ন ।

সুনীল গগৈৰ পত্নীয়ে এই ঘটনাৰ ৰহস্য ভেদ কৰি নিৰুদ্দিষ্ট স্বামীৰ সন্ধান উলিয়াবলৈ পুনৰ আহ্বান জনাইছে । চি আই ডিৰ দলে তদন্ত কৰিছে যদিও একো প্ৰকাশ কৰা নাই । ছিন্নমুণ্ডটোৰ ফৰেনচিক পৰীক্ষাৰ অন্ততহে এই ৰহস্য ভেদ হ’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: সুনীল গগৈকাণ্ডত নতুন মোৰ, ঘৰৰ কাষতে উদ্ধাৰ হোৱা ছিন্নমুণ্ডটো কাৰ ?

ঢকুৱাখনাত উদ্ধাৰ হোৱা ছিন্নমুণ্ড প্ৰকৃততে কাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.