ETV Bharat / state

দেওবাৰে দিনৰ 2.17 বজাত স্কেন হৈছিল প্ৰশ্নকাকত; চিমেন চাপৰিৰ এজনক আটক - ADRE Question Paper Leak

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 9:56 PM IST

Updated : Sep 16, 2024, 10:10 PM IST

ADRE 2024 Paper Leak: পানী নসৰকা সুৰক্ষা ব্যৱস্থাৰ পাচতো দেওবাৰে অনুষ্ঠিত হোৱা ADRE ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে আটক কৰা হৈছে এজনক ৷ কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডিজিপিৰ ৷

ADRE 2024 Paper Leak
দেওবাৰে দিনৰ 2.17 বজাত স্কেন হৈছিল প্ৰশ্নকাকত (ETV Bharat)

নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ: নিছিদ্ৰ নিৰাপত্তাৰ মাজেৰে দেওবাৰে অৰ্থাৎ 15 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা ৷ মুঠ ৩১২৭ টা পদৰ বিপৰীতে অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ১১,২৩,২০৪ গৰাকী পৰীক্ষাৰ্থী ৷ এক পানী নসৰকা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে এই পৰীক্ষা অনুষ্ঠিত কৰা বুলি দাবী কৰিছিল চৰকাৰী পক্ষই ৷ স্বচ্ছ পদ্ধতিৰে বিসংগতিবিহীন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷ কিন্তু তাৰ মাজতেই পোহৰলৈ আহিল এক অনাকাংক্ষিত খবৰ, ভাইৰেল হ’ল পৰীক্ষাৰ প্ৰশ্নকাকত ৷

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কেইটামান পোষ্টে উদঙাই দিলে এই বিষয়টো ৷ তাৰ পিচতেই অনুসন্ধান চলাই আৰক্ষীয়ে পোহৰলৈ আনিলে প্ৰশ্নকাকত ভাইৰেলৰ কেন্দ্ৰবিন্দু ৷ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে সামাজিক মাধ্যম X ত এক পোষ্টযোগে উল্লেখ কৰিছে যে ধেমাজিৰ চিমেন চাপৰিৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা ভাইৰেল হৈছিল এই প্ৰশ্নকাকত ৷

ডিজিপিয়ে কি কয় ?

‘‘সামাজিক মাধ্যমত ADRE ৰ প্ৰশ্নকাকত আপলোডৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ধৰা পৰিছে যে যিখন ব্যৱহৃত প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈছে, সেইখন আছিল ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰত ব্যৱহৃত ৷ ধেমাজি আৰক্ষীয়ে অনুসন্ধানত পোহৰলৈ আনিছে যে এই প্ৰশ্নকাকতৰ ফটো তুলিছিল মংগল সিং বসুমতাৰী নামৰ এজন ব্যক্তিয়ে ৷ ছেবাৰ দ্বাৰা পৰীক্ষাকেন্দ্ৰটোত ফটোগ্ৰাফাৰ হিচাপে নিয়োগ কৰা হৈছিল ব্যক্তিজনক ৷’’

‘‘ফটোগ্ৰাফী কৰা হৈছিল 1.30 বজাত পৰীক্ষা শেষ হোৱাৰ ঠিক পিচত ৷ তেওঁক ইতিমধ্যে আটক কৰা হৈছে আৰু তেওঁ স্বীকাৰ কৰিছে যে পৰীক্ষা অন্ত পৰাৰ পিচত তেওঁ এই ফটো তুলিছিল ৷ অধিক তদন্তৰ বাবে তেওঁৰ ম’বাইল ফোন জব্দ কৰা হৈছে ৷ প্ৰশ্নকাকতৰ ফটো তোলাৰ পিচত তেওঁ সেই ফটো কেবাগৰাকীও ব্যক্তি বিশেষলৈ প্ৰেৰণ কৰিছিল ৷ অধিক ব্যৱস্থা গ্ৰহণৰ বাবে সেই ব্যক্তি কেইজনৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে ৷ পৰীক্ষা প্ৰক্ৰিয়াক বিঘ্নিত কৰাৰ বাবে চলোৱা এই ষড়যন্ত্ৰৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে ৷’’ পোষ্টটোত জি পি সিঙে লগতে কয় ৷

আন এটা পোষ্টত ডিজিপিগৰাকীয়ে কয়, ‘‘ADRE পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত আপলোড কৰা ঘটনাৰ প্ৰাথমিক কাৰিকৰী পৰীক্ষাত এই কথা ধৰা পৰিছে যে প্ৰশ্নকাকতখন স্কেন কৰা হৈছিল 15 ছেপ্টেম্বৰৰ 2.17 বজাত আৰু বিতৰণ কৰা হৈছিল নিৰ্দিষ্ট কেইগৰাকীমান ব্যক্তিক ৷ আৰক্ষীয়ে ষড়যন্ত্ৰ আৰু ষড়যন্ত্ৰকাৰীক চিনাক্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷’’

নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ পিচতো কাকত ফাদিল

দেওবাৰে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ক্ষেত্ৰতো সম্পূৰ্ণ সাৱধানতা তথা নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷ পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰায় 100 মিটাৰ আঁতৰতে আৰক্ষীৰ দ্বাৰা তন্নতন্নকৈ তালাচী চলোৱা হৈছিল প্ৰতিগৰাকী প্ৰাৰ্থীক ৷ পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ পৰিসীমাৰ ভিতৰত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল প্ৰাৰ্থীৰ অভিভাৱকৰ ৷ প্ৰাৰ্থীয়ে লগত কলম, পেঞ্চিল, ৰবৰ, এডমিট কাৰ্ড, আই ডি কাৰ্ড, এটিএম, সামান্য নগদ ধনহে লৈ যাব পাৰিছিল পৰীক্ষাগৃহৰ ভিতৰলৈ ৷ নিষিদ্ধ কৰা হৈছিল ম’বাইল, স্মাৰ্ট ৱাটছ, মাইক্ৰ’ফোন, কেলকুলেটৰ, ব্লুটুথ ডিভাইচ আদি সামগ্ৰী ৷ তদুপৰি পুৱা 10 বজাৰ পৰা দুপৰীয়া 1.30 বজালৈ ৰাজ্যজুৰি ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল ৷

আনকি পৰীক্ষা নিৰীক্ষকৰ দায়িত্বত থকাসকলৰ লগতে আন কৰ্মচাৰীকো ম’বাইলৰ লগতে আন যোগাযোগ কৰিব পৰা সামগ্ৰী নিবলৈ দিয়া হোৱা নাছিল ৷ মুঠতে সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল পৰীক্ষাৰ বাবে ৷ পৰীক্ষাৰ্থীসকলক পৰীক্ষাৰ অন্তত প্ৰশ্নকাকতো লগত আনিবলৈ দিয়া হোৱা নাছিল ৷ কিন্তু তাৰ পাচতো এইদৰে প্ৰশ্নকাকত ভাইৰলে হৈ পৰা কাৰ্যই সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন তুলিছে ৷ বিভিন্নজনে সামাজিক মাধ্যমযোগে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰাও দেখা গৈছে ৷

লগতে পঢ়ক: ফেচবুকৰ প্ৰফাইলে প্ৰফাইলে এখন প্ৰশ্নকাকত, ADREৰ প্ৰশ্নকাকত বুলি অভিযোগ - ADRE 2024

বহু চৰ্চিত নিবনুৱা সমস্যাৰ মাজতে অসমত সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা; এটা পদৰ বিপৰীতে অৱতীৰ্ণ গড়ে ৩৬০ গৰাকী প্ৰাৰ্থী - ADRE 2024

Last Updated : Sep 16, 2024, 10:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.