ETV Bharat / state

যোৰহাটৰ পূজা মণ্ডপত শোভাবৰ্ধন কৰিছে দিল্লীৰ অক্ষৰধাম মন্দিৰে

Durga Puja in Jorhat : মহিষমৰ্দিনীৰ পূজা-অৰ্চনাৰ বাবে সাজু হৈ উঠিছে ৰাজ্যবাসী । যোৰহাটো তাৰ ব্যতিক্ৰম নহয় ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Durga Puja in Jorhat
যোৰহাটৰ পূজা মণ্ডপত দিল্লীৰ অক্ষৰধাম মন্দিৰ (ETV Bharat Assam)

যোৰহাট, ৭ অক্টোবৰ : মাজত মাথোঁ এটা দিন । দেৱী দুৰ্গাৰ বন্দনাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে দুৰ্গা দেৱীৰ ভক্তসকলে । ইয়াৰ মাজতে সাজু হৈ উঠিছে আটকধুনীয়া পূজা মণ্ডপবোৰো । বিভিন্ন বিষয়বস্তু লৈ ৰাজ্যৰ বিভিন্ন স্থানত পূজা সমিতিবোৰে ভক্তিৰসৰ সমান্তৰালকৈ নয়নাভিৰাম পূজা মণ্ডপেৰে চমক সৃষ্টিৰ বাবে অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে । ব্যতিক্ৰম নহয় যোৰহাটো । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো যোৰহাটৰ বিভিন্ন স্থানত বিভিন্ন ব্যতিক্ৰমী বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপসমূহ ।

দিল্লীৰ যমুনা নদীৰ পাৰত অৱস্থিত দেশৰ অন্যতম মহিমামণ্ডিত উপাসনাস্থলী অক্ষৰধাম । এই অক্ষৰধাম মন্দিৰ কেৱল দেশতে নহয়, বিদেশতো সুপৰিচিত । এই মন্দিৰ দেশী-বিদেশী সকলো লোকৰে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু । সকলোৰে ইচ্ছা থাকে অক্ষৰধাম মন্দিৰত এবাৰ প্ৰৱেশ কৰি আশিস ল'বলৈ । কিন্তু হয়তো সকলোৰে ভাগ্যত সেই সুবিধা নিমিলে ।

যোৰহাটৰ পূজা মণ্ডপত শোভাবৰ্ধন কৰিছে দিল্লীৰ অক্ষৰধাম মন্দিৰে (ETV Bharat Assam)

পিচে এইবাৰ তাৰ চাক্ষুস অভিজ্ঞতা লাভ কৰিব যোৰহাটবাসীয়ে । কিয়নো যোৰহাটত নিৰ্মাণ কৰি উলিওৱা হৈছে দিল্লীৰ বিখ্যাত অক্ষৰধাম মন্দিৰৰ আৰ্হিত এটা পূজা মণ্ডপ । এতিয়া যোৰহাটত সাজু হৈ উঠিছে এই অক্ষৰধাম মন্দিৰৰ ৰূপত পূজা মণ্ডপ ।

যোৰহাট টাউন ৰে'লৱে ষ্টেচনৰ অস্থায়ী পূজা মণ্ডপস্থলীত সাজি উলিওৱা হৈছে এই অক্ষৰধাম মন্দিৰৰ আৰ্হি । অক্ষৰধাম মন্দিৰৰ আৰ্হিত সাজি উলিওৱা পূজা মণ্ডপত যোৰহাট টাউন ৰে'লৱে ষ্টেচন পূজা সমিতিয়ে এইবাৰ ৭৭ সংখ্যক শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰিছে ।

উল্লেখ্য, অক্ষৰধামৰ আৰ্হিত পূজা মণ্ডপটো তৈয়াৰ কৰিবলৈ সকলোৱে দিনে-নিশাই অহৰ্নিশে কামত নিয়োজিত হৈ পৰিছে । আনহাতে, অক্ষৰধামৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণৰ লগতে পূজা সমিতিখনে মহিলা সবলীকৰণৰ দৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপো গ্ৰহণ কৰিছে ।

ইতিমধ্যে উক্ত পূজা সমিতিখনে দৰিদ্ৰ লোকসকলৰ মাজত বস্ত্ৰদান কৰিছে । মহাৰজত জয়ন্তী অতিক্ৰম কৰা উক্ত পূজাস্থলীত এইবাৰ মুখ্য আকৰ্ষণ আলিপুদুৱাৰৰ পৰা আমন্ত্ৰণ জনোৱা ঢাক শিল্পীৰ দল । উল্লেখ্য যে যোৱা বছৰ যোৰহাট টাউন ৰে'লৱে ষ্টেচন পূজা সমিতিয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ সাজু কৰি উলিয়াইছিল । ইফালে পূজাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে ।

লগতে পঢ়ক :শিশুসকলৰ বাবে বিশেষ হ'ব গুৱাহাটীৰ এটা পূজা মণ্ডপ ! - Guwahati Unique Puja Pandal
লগতে পঢ়ক :মহানগৰীত চীনৰ গ্লাছৰ হোটেল, ৬৫ ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.