ETV Bharat / state

জেৰাৰ অন্তত হাঁহিমুখে ওলাই আহিল দেৱব্ৰত শইকীয়া - ভাৰত জোড়ো ন্যায় যাত্ৰা

CID interrogating Debabrata Saikia: ৩ ঘণ্টাৰ সোধা-পোছাৰ অন্তত যাবলৈ দিয়া হ’ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক ৷

debabrata-saikia statement on CID interrogation
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 7:46 PM IST

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

গুৱাহাটী, ৬ মাৰ্চ : চি আই ডি কাৰ্যালয়ত প্ৰায় ৩ ঘণ্টাৰ সোধা-পোছাৰ অন্তত যাবলৈ দিয়া হ’ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক । খানাপাৰাত কি কাৰণে ১৪৪ ধাৰা অৱমাননা কৰা হৈছিল, ইচ্ছা প্ৰণোদিতভাৱে কংগ্ৰেছে বেৰিকেড ভাঙিছিল নেকি আদি প্ৰশ্নৰ সন্মুখীন হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ জেৰাৰ অন্তত সাংবাদিকৰে হোৱা মন বিনিময়ৰ সময়ত দেৱব্ৰত শইকীয়াই কয়, ‘মোৰ ক’বলগীয়া কথাখিনি ক’লো । মোৰ ওপৰত দিয়া গোচৰ মোৰ ওপৰত নাখাটে । যি ধৰণৰ ব্যৱস্থা ল’ব লাগিছিল নল’লে বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি মোৰ সন্দেহ হয় । আমাক হাৰাশাস্তি কৰিবলৈ কেছ দিয়াৰ ষড়যন্ত্ৰ কৰিলে নেকি তাক লৈয়ো প্ৰশ্ন কৰিছো ।’

উল্লেখ্য যে, বিগত ২৩ জানুৱাৰীত ৰাহুল গান্ধীৰ নেতৃত্বত গুৱাহাটীৰ খানাপাৰাত ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছিল । মহানগৰ আৰক্ষীয়ে খানাপাৰাত বেৰিকেড স্থাপন কৰি ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা প্ৰদান কৰাৰ চেষ্টা কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত যোৱা কংগ্ৰেছ নেতা-কর্মীয়ে বেৰিকেড ভাঙি যাত্ৰা আগবঢ়াই নিছিল । ইয়াকে লৈ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি হয় । আৰক্ষীয়ে লাঠীচালনা কৰাত ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰসহ কেইবাজনো নেতা-কর্মী আহত হয় ।

ৰাজহুৱা সেৱকৰ আইনী আদেশ অমান্য কৰা, অনুমতিৰ চৰ্ত উলংঘা কৰা, চৰকাৰী কৰ্মচাৰীক বৈধ কৰ্তব্য পালন কৰাৰ সময়ত বাধা দিয়া আৰু চৰকাৰী চাকৰিয়ালৰ ওপৰত আক্ৰমণৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, কে.চি. বেণুগোপাল, জয়ৰাম ৰমেশ, শ্ৰীনিবাস বি ভি, কানহাইয়া কুমাৰ, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰ, ৰমেন কুমাৰ শৰ্মাৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ আৰু পিডিপিপি আইনৰ ৩ নং ধাৰাত ৫৫/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰৱৰ্তী সময়ত গোচৰটো চি আই ডিলৈ হস্তান্তৰ কৰা হয় ।

লগতে পঢ়ক : কংগ্ৰেছী নেতাক হাৰাশাস্তি কৰিব বিচাৰিছে চৰকাৰে: দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.