ETV Bharat / state

গীতিকবিৰ সোণালীপামত আজি কোনো নাই : এগৰাকী আইতাই সযতনে ৰাখিছে সম্পদ - Parvati Prasad Baruva

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 8:14 PM IST

Death anniversary of Parvati Prasad Baruva : এসময়ত আছিল সৃষ্টিৰ আখলঘৰ ৷ এতিয়া কাঁহ পৰি জীণ যায় ঘৰখনত ৷ ভূপেন হাজৰিকা আৰু বহুজন ৷ কোন অহা নাছিল ঘৰখনৰ বিশেষ কোঠাটোলৈ ! এতিয়া আহে কেৱল এগৰাকী আইতা ৷

Death anniversary of Parvati Prasad Baruva
গীতিকবিৰ সোণালীপামত আজি কোনো নাই (ETV Bharat Assam)

ডিব্ৰুগড়, 7 জুন: আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস । অসমীয়া গীতি-কাব্য সাহিত্যৰ অতি চিনাকি নাম পাৰ্বতি প্ৰসাদ বৰুৱা । অসমীয়া গীতি-কাব্য সাহিত্যত অমূল্য অৱদান আগবঢ়াই গৈছে এইগৰাকী বিশাল প্ৰতিভাসম্পন্ন ব্যক্তিয়ে ।

১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌপাৰৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে কৰ্মসূত্ৰে সোণাৰিৰ স্থায়ী বাসিন্দা হৈ জীৱনৰ সৰহখিনি কাল সোণাৰিতে কটাইছিল । ঐতিহাসিক চৰাইদেউৰ সোণাৰিত আজিও গীতিকবিৰ স্মৃতি বিৰাজমান ।

১৯৬৪ চনৰ ৭ জুনত নিয়তিয়ে কাঢ়ি নিলে গীতিকবি গৰাকীক । পাৰ্বতি প্ৰসাদ বৰুৱাৰ সৃষ্টিৰাজিৰ চৰ্চা লৈ আজি সাংস্কৃতিক আৰু সাহিত্যৰ পৃথিৱী‌খন আগবঢ়িছে । প্ৰতিজন সংস্কৃতিৱান অসমীয়াই তেওঁৰ সৃষ্টিৰাজিক লৈ যেন আজি সাংস্কৃতিক ক্ষেত্ৰত বিচৰণ কৰিব খুজিছে । গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ কালজয়ী গীতৰ সৃষ্টিয়ে অসমীয়া গীতি-সাহিত্য তথা সংগীত জগতক সমৃদ্ধ কৰি থৈ গৈছে । গীতিকবিৰ কবিতা, গীত, নাটক, চলচ্চিত্ৰ প্ৰতিটো প্ৰজন্মৰ বাবে চিৰস্মৰণীয় হৈ ৰৈছে ।

উল্লেখযোগ্য যে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি জীপাল কৰি ৰাখিছে সোণাৰিৰ সোণালীপামে । সোণাৰিৰ সোণালীপামৰ নিগাজী ঘৰত বহিয়েই পাৰ্বতি প্ৰসাদ বৰুৱাই ৰচনা কৰিছিল জীৱনৰ চিৰসেউজ বহু গীত আৰু বহু কবিতা ৷ কিন্তু আজি নিস্তব্ধতাই আৱৰি আছে গীতিকবিৰ স্মৃতিবোৰক । সোণালীপামৰ চৌহদত এতিয়া নিজান, নিমাওমাও পৰিৱেশ ।

তথ্য অনুসৰি চতুৰ্থখন অসমীয়া বোলছবি 'ৰূপহী'ৰো স্ৰষ্টা গীতিকবিগৰাকীৰ সোণাৰিৰ সোণালীপাম এতিয়া চানমণি গোৱালা নামৰ এগৰাকী আইতাই চোৱাচিতা কৰি আহিছে । তেওঁৰ বিচনা, কিতাপ, বহা আৰামী চকীৰ পৰা সকলো বস্তু ঘৰখনত সুন্দৰকৈ ৰাখিছে পৰিচাৰিকাগৰাকীয়ে ।

মাজে সময়ে বিভিন্ন তথ্য সংগ্ৰহৰ বাবে দুই এজন আহে ঘৰখনলৈ । মৃত্যু দিৱস, জন্ম দিৱসত অনুষ্ঠান প্ৰতিষ্ঠানে সমাধিস্থলীত বন্তি জ্বলায় । ইয়াৰ পিচতো নিস্তব্ধতাই আৱৰি আছে গীতিকবিৰ স্মৃতিবোৰক । সোণালীপামক সংৰক্ষণৰ বাবে দীৰ্ঘদিন সচেতন ৰাইজে চৰকাৰক দাবী কৰি আহিছে যদিও সেয়া হৈ উঠা নাই ।

সোণাৰিৰ সোণালীপামৰ নিগাজী ঘৰত থাকিয়েই নিভাঁজ অসমীয়া থলুৱা শব্দৰ গাঁথনি, থলুৱা সুৰ প্ৰয়োগেৰে ৰচনা কৰিছিল চিৰসেউজ গীত আৰু কবিতাসমূহ । কিন্তু গীতিকবিৰ স্মৃতিবোৰ কেতিয়া সংৰক্ষণ হ'ব নতুন যুগৰ বাবে ? আনহাতে সোণাৰিৰ বিভিন্ন অনুষ্ঠানৰ লগতে সোণাৰিৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আজি স্মৃতি দিৱস পালন কৰা হয় ।

লগতে পঢ়ক: অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৩৫ সংখ্যক জন্মজয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.