ETV Bharat / state

নগাঁৱত চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল; গ্ৰেপ্তাৰ 5 চাইবাৰ অপৰাধী - Cyber criminal arrested

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:35 AM IST

Assam Police against cyber criminal: মহাৰাষ্ট্ৰৰ চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল এতিয়া অসমত । মহাৰাষ্ট্ৰৰ চাইবাৰ অপৰাধ শিপাইছে এতিয়া নগাঁৱলৈকে । নগাঁও আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে চাইবাৰ অপৰাধৰ ভয়ংকৰ তথ্য ।

Maharashtra cyber criminal trapped by Nagaon police
নগাঁও আৰক্ষীৰ জালত মহাৰষ্ট্ৰৰ চাইবাৰ অপৰাধী (ETV Bharat Assam)

নগাঁও,২১ জুলাই: অসমত জাল মেলিছে মহাৰাষ্ট্ৰৰ চাইবাৰ অপৰাধীয়ে । বিভিন্ন প্ৰান্তৰ চাইবাৰ অপৰাধীৰ সহায়ত অসমত ভয়ংকৰ জাল পেলাইছে মহাৰাষ্ট্ৰৰ চাইবাৰ অপৰাধী চক্ৰই । চাইবাৰ অপৰাধী শিপাইছে এতিয়া নগাঁৱলৈকে । স্থানীয় চাইবাৰ অপৰাধীৰ সহায়ত বহুজনক জালত পেলোৱাৰ পৰিকল্পনা কৰিছে এই অপৰাধী চক্ৰই । কিন্তু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বৰ নগাঁও আৰক্ষীৰ তৎপৰতাত পৰিকল্পনা কৰোঁতেই জালত পৰে চাইবাৰ অপৰাধীৰ এটা মাষ্টাৰ গেং ।

চাইবাৰ অপৰাধী চক্ৰৰ এক গোপন তথ্য লাভ কৰি নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিগত দুই-তিনিদিন ধৰি আৰম্ভ কৰা এক অভিযানত লাভ কৰে বৃহৎ সফলতা । নগাঁও আৰক্ষীৰ দলটোৱে প্ৰথমে গুৱাহাটীত অভিযান চলাই নগাঁৱৰ নুৰুল ইছলাম শেখ, মহাৰাষ্ট্ৰৰ আকাশ মাগ্ৰে আৰু আদিল শেখক আটক কৰিবলৈ সক্ষম হয় ।

শনিবাৰে পুৱতি নিশাই গুৱাহাটীৰ পৰা তিনি চাইবাৰ অপৰাধীক আটক কৰাৰ পাচত নগাঁৱতো চাইবাৰ অপৰাধী চক্ৰটোৰ আন সদস্যৰ সন্ধানত অভিযান চলাই আৰক্ষীৰ দলটোৱে । নগাঁৱত আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত বৰপেটাৰ শ্বাহিন শ্বাহ আলম আৰু ফুৰকান আলী নামৰ আন দুই সদস্যকো আটক কৰিবলৈ সক্ষম হয় ।

চাইবাৰ অপৰাধ সংঘটিত কৰি সহজতে বিভিন্নজনৰ একাউণ্ট খালী কৰি দিয়া পাঁচজনীয়া চক্ৰটোৰ পৰা আৰক্ষীৰ দলটোৱে কেইবাটাও ম’বাইল ফোন, ATM CARD সহ কেইবাখনো বেংক পাছবুক জব্দ কৰিবলৈয়ো সক্ষম হয় । ইতিমধ্যে মহাৰাষ্ট্ৰৰ দুই চাইবাৰ অপৰাধীসহ নগাঁৱত গ্ৰেপ্তাৰ ৫ টা চাইবাৰ অপৰাধীক জেৰাৰ অন্তত শনিবাৰে বিয়লি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক: মিছন চাইবাৰ অপৰাধী : পুনৰ 12 টা অপৰাধীক গ্ৰেপ্তাৰ - cyber criminal in morigaon

একে নিশাই 14 টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ - CYBER CRIMINAL ARRESTED

হোৱাটছ এপ ভিডিঅ’ কলৰ বাবেই 19.23 লাখ টকা হেৰুৱালে এজন লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.