ETV Bharat / state

বনকৰা কিশোৰীক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ দম্পতী - Child Labour Torture In Guwahati

Couple detain : পুনৰ মহানগৰীত বনকৰা কিশোৰীক নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে ৷ বনকৰা কিশোৰীক নিৰ্যাতন চলাই ইতিমধ্যে আজাৰা আৰক্ষীৰ জালত পৰিছে ঢকুৱাখনাৰ এটা দম্পতী ৷

বনকৰা কিশোৰীক নিৰ্যাতন কৰি ৰঙাঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ দম্পত্তী

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 2:56 PM IST

মিৰ্জা, 7 মাৰ্চ : গুৱাহাটী মহানগৰীত পুনৰ অঘটন ৷ পুনৰ পোহৰলৈ আহিছে বনকৰা কিশোৰীক নিৰ্যাতন কৰা আন এক ঘটনা । ইতিমধ্যে আজাৰা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে লখিমপুৰ ঢকুৱাখনাৰ এজন লোক ৷ ধৃত লোকজনৰ নাম ৰাজেশ কোঁৱৰ । লখিমপুৰ ঢকুৱাখনাৰ ৰাজেশ কোঁৱৰ বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ডেকাপাৰাত ভাৰাতীয়া হিচাপে আছিল ।

বনকৰা কিশোৰীক নিৰ্যাতন কৰি ৰঙাঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ দম্পত্তী
অভিযুক্ত ৰাজেশ কোঁৱৰ

জানিব পৰা মতে, চৈধ্য মহীয়া সন্তানৰ পিতৃ অভিযুক্ত ৰাজেশ কোঁৱৰ ৷ ৰাজেশৰ পত্নী বৰঝাৰ বিমান বন্দৰত কৰ্মৰত । সেয়ে কৰ্মসূত্ৰে ৰাজেশ আৰু তেওঁৰ পত্নী ডেকাপাৰাত ভাৰাতীয়া হিচাপে বাস কৰিছিল । এগৰাকী বাৰ বছৰীয়া কিশোৰীক বনকৰা হিচাবে ৰাজেশে ভাৰাঘৰতে ৰাখিছিল ৷

অভিযোগ অনুসৰি, দম্পতীটোৱে সৰু সৰু কথাতে মাজে মাজে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল বনকৰা 12 বছৰীয়া ভুক্তভোগী কিশোৰীগৰাকীক । এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে । সেয়ে কিছুদিন পূৰ্বে স্থানীয় ৰাইজে বৰঝাৰ আৰক্ষী চকীত বনকৰা কিশোৰীগৰাকীক চলোৱা অত্যাচাৰ সন্দৰ্ভত অৱগত কৰে ৷

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিতে বৰঝাৰ আৰক্ষীয়ে বুধবাৰে নিশা আটক কৰে অভিযুক্ত ৰাজেশ কোঁৱৰক ৷ আনকি উক্ত স্থানৰ পৰা বাৰ বছৰীয়া কিশোৰীগৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ।

সম্প্ৰতি আজাৰা আৰক্ষী থানাতে ৰখা হৈছে লখিমপুৰ ঢকুৱাখনাৰ অভিযুক্ত ৰাজেশ কোঁৱৰক । বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযুগতে বৃহস্পতিবাৰে ৰাজেশ কোঁৱৰৰ পত্নীকো আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : কা আহিলে ভোট নিদিব, ময়ো নিদিও : জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.