ETV Bharat / state

বান-খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কংগ্ৰেছৰ গাত দোষ জাপি নিজৰ ব্যৰ্থতা ঢকাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ: প্ৰদ্যুৎ বৰদলৈ - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 8:13 AM IST

PRADYUT BORDOLOI PRESS MEET: অসমৰ বান সমস্যাক লৈ সৰৱ সাংসদ প্ৰদ্যুৎ বৰদলৈ । খহনীয়াৰ বিষয়ক সংবিধানৰ সপ্তম সূচীত অন্তৰ্ভুক্ত কৰাৰো দাবী কৰিব সাংসদগৰাকীয়ে ।

PRADYUT BORDOLOI PRESS MEET
সাংসদ প্ৰদ্যুৎ বৰদলৈ (ETV BHARAT ASSAM)

নগাঁও, ১০ জুলাই : ৰাজ্যৰ বান আৰু খহনীয়াৰ সমস্যাক লৈ সৰৱ হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ । বান-খহনীয়া সমস্যা সমাধানৰ বাবে সংসদত সাংসদগৰাকীয়ে তিনিটা দাবী উত্থাপন কৰিব । মঙলবাৰে নগাঁৱত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে সাংসদগদৰাকীয়ে । সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বান আৰু খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে । সেইবাবে অসমৰ বান আৰু খহনীয়াৰ বিষয়কেইটা সংবিধানৰ সমৱৰ্তী কাৰ্যসূচীলৈ অনাৰ দাবী উত্থাপন কৰিব সাংসদ বৰদলৈয়ে ।

সাংসদ প্ৰদ্যুৎ বৰদলৈ (ETV BHARAT ASSAM)

খহনীয়াৰ বিষয়ক সংবিধানৰ সপ্তম সূচীত অন্তৰ্ভুক্ত কৰাৰো দাবী কৰিব বুলি মন্তব্য় কৰে সাংসদগৰাকীয়ে । তদুপৰি মথাউৰি সংবৰ্ধন তথা চোৱাচিতা কৰিবৰ বাবে 'নদী খহনীয়া আৰু মথাউৰি ব্যৱস্থাপনা কৰ্তৃপক্ষ' গঠন কৰাৰো দাবী কৰিব সাংসদ বৰলদৈয়ে । তদুপৰি নদী উপত্যকাৰ জলসম্পদৰ বহুখলপীয়া ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ অৰুণাচলকো সামৰি বহু চৰ্চিত ব্ৰহ্মপুত্ৰ নদী উপত্যকা প্ৰাধিকৰণ গঠনৰো দাবী জনাব বুলি কয় সাংসদগৰাকীয়ে ।

নগাঁৱৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত প্ৰদ্যুৎ বৰদলৈয়ে লগতে উল্লেখ কৰে যে এই প্ৰাধিকৰণে অসমত চলি থকা বছৰজোৰা খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা লোৱাত সহায় কৰিব । আনহাতে, কলং বোৱতী কৰা প্ৰসংগত তেওঁ কয়, "কলংপৰীয়া কবি দেৱকান্ত বৰুৱাৰ কবিতা পঢ়িয়েই আমি ডাঙৰ হৈছো । গতিকে কলংখনৰ শীৰ্ণ কায়া, কলংখন স্তব্ধ হোৱাটো আমি কোনেও নিবিচাৰো । কলংখন জীপাল হোৱাটোও বিচাৰোঁ যদিও অধ্যয়ন নকৰাকৈ, চিন্তা চৰ্চা নকৰাকৈ বা বিশেষজ্ঞসকলৰ লগত আলোচনা নকৰাকৈ ব্ৰহ্মপুত্ৰৰ লগত সংযোগ কৰিবলৈ গৈ খাল খান্দি ঘৰিয়াল চপাই ল'ব নালাগে ।" পানী নিয়ন্ত্ৰণ কৰা কাৰ্য বিজ্ঞান সন্মতভাৱে কৰাৰো পোষকতা কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক:আৰ্তজনৰ কাষত থিয় দিবলৈ নেতা-কৰ্মীৰ প্ৰতি আহ্বান কংগ্ৰেছৰ - Assam Flood 2024

হাতীমূৰা বান্ধটোৰ ওপৰত কাৰিকৰী তদন্তৰো দাবী জনায় সাংসদগৰাকীয়ে । ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰকে জগৰীয়া কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি সাংসদ বৰদলৈয়ে কয়, "২০১৬ চনৰ পৰা বিজেপি অসমত শাসনত আছে । বান অসমৰ নতুন সমস্যা নহয় । প্ৰায় প্ৰতি বছৰে বান আহে । কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বহু দুৰ্বল মথাউৰি চিনাক্ত কৰি ইয়াক সংবৰ্ধনৰ চেষ্টা কৰা হৈছিল ।" বিজেপিয়ে তেওঁলোকৰ প্ৰায় ১০ বছৰত দুৰ্বল মথাউৰি সংবৰ্ধনৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিলে সাংসদগৰাকীয়ে । এতিয়া নিজৰ দুৰ্বলতা ঢাকিবলৈ কংগ্ৰেছৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা কৰা বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে । উক্ত সংবাদমেলত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াও উপস্থিত থাকে ।

লগতে পঢ়ক:বানবিধ্বস্ত অসমৰ হৈ দিল্লীত মাত মাতিব কোনে ? ৰাহুল গান্ধীয়েই এতিয়া ভৰসা অসম প্ৰদেশ কংগ্ৰেছৰ... - RAHUL GANDHI NE VISIT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.