গুৱাহাটী,৫ মে': নিৰ্বাচনী প্ৰচাৰৰ দেওবাৰে অন্তিম দিনা প্ৰতিকূল বতৰৰ মাজতে বিশাল ৰোড শ্ব'ৰে গুৱাহাটী মহানগৰীত শক্তি প্ৰদৰ্শন কৰে কংগ্ৰেছ দলে । কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত গুৱাহাটীৰ জি এছ ৰোডত উলিওৱা হয় এক বিশাল ৰোড শ্ব' । বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ হৈ গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ এই বিশাল ৰোড শ্ব'ৰ আয়োজন কৰা হয় ।
বিজেপিৰ পাছতে দেওবাৰে কংগ্ৰেছে জি এছ ৰোডত শক্তি প্ৰদৰ্শন কৰে । গীত-মাত, গায়ন-বায়ন তথা সাংস্কৃতিক শোভাযাত্রাৰে উলিওৱা ৰোড শ্ব'ৰ শুভাৰম্ভ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে । ভাষণত জীতেন্দ্ৰ সিঙে কয় যে এই নিৰ্বাচন জনতাৰ নিৰ্বাচন । গুৱাহাটীবাসীৰ মীৰা বৰঠাকুৰ গোস্বামীৰ ওপৰত পূৰ্ণ আস্থা আৰু সমৰ্থন আছে বুলি উল্লেখ কৰি জীতেন্দ্ৰ সিঙে কয় যে গুৱাহাটীত জংঘলৰাজ চলি আছে ।
ভূ-মাফিয়াৰ প্ৰসংগ উল্লেখ কৰি জীতেন্দ্ৰ সিঙে কয় যে য'তেই ভূমি দেখা পাই তাতেই হিমন্ত বিশ্ব শৰ্মাৰ টীম জপিয়াই পৰে । জীতেন্দ্ৰ সিঙে লগতে গুৱাহাটী মহানগৰীৰ কৃত্রিম বানপানীৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ প্ৰসংগ উল্লেখ কৰে । কৰ লগাই চৰকাৰখনে জনতাৰ জেপ খালী কৰি দিয়া বুলি সদৰী কৰি জীতেন্দ্ৰ সিঙে কয় যে পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলৰ কথা চৰকাৰখনে চিন্তা নকৰে । জীতেন্দ্ৰ সিঙে ৰাইজক ভাৰতীয় সংবিধান ৰক্ষা কৰাৰ বাবে শপত লোৱাৰ কথা সদৰি কৰে ।
উল্লেখ্য যে মীৰা বৰঠাকুৰ গোস্বামীয়ে হাতত ভাৰতীয় সংবিধানখন লৈ এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে । তেওঁ সংবিধান ৰক্ষাৰ স্বাৰ্থত সকলোকে বিবেক ভোট দিয়াৰ বাবে আহ্বান জনায় । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে মীৰা বৰঠাকুৰ গোস্বামী কেৱল কংগ্ৰেছৰ প্ৰাৰ্থী নহয় সমগ্ৰ গুৱাহাটীবাসীৰ সবল কণ্ঠ । বিজেপিৰ প্ৰাৰ্থীগৰাকীক ভোট দিলে মুখ্যমন্ত্রীয়ে ভিটামিন পাব বুলি মুখ্যমন্ত্রীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয় যে কৰ বৃদ্ধি কৰি সাধাৰণ জনতাৰ সকলো ভিটামিন বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্রীয়ে শেষ কৰি দিলে ।
ভূপেন বৰাই মীৰা বৰঠাকুৰ গোস্বামীক ভোট দিয়াৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনায় । ৰোড শ্ব'ৰ পূৰ্বে কংগ্ৰেছ নেতা তথা কণ্ঠশিল্পী অজয় ফুকনে 'আকৌ এবাৰ নালাগে মোদী চৰকাৰ' শীৰ্ষক গীতেৰে পৰিৱেশ জীপাল কৰি তোলে । ৰোড শ্ব'ত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্রী হেমপ্ৰভা শইকীয়া, বিধায়িকা ৰ'জলীনা তিৰ্কী, বিধায়িকা নন্দিতা দাসকে ধৰি কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গুৱাহাটীত বিশাল বাইক ৰেলী - Lok Sabha Election 2024