যোৰহাট,২২ জুলাই : আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত ৰাজ্যিক বিজেপি ৷ ইজনৰ পিচত সিজন জ্য়েষ্ঠ বিজেপি নেতাই দল ত্যাগ কৰিব বুলি ৰাজনৈতিক মহলত চলিছে সৰৱ চৰ্চা ৷ বিজেপিত চলি থকা আভ্যন্তৰীণ সংঘাত তথা বিসম্বাদক লৈ ৰাজ্য়ৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতেই এইবাৰ আন এগৰাকী শক্তিশালী নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে মুকলিকৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ । বিজেপিত তৃণমূল কৰ্মীসকল বৰ্তমান ক্ষুব্ধ হৈ থকা বুলি মন্তব্য় কৰাৰ পিচতেই এতিয়া এইগৰাকী নেতাই কোন দিশে গতি কৰিবলৈ ভিতৰি ভিতৰি পাং পাতিছে তাক লৈও যোৰহাটত চলিছে সৰৱ আলোচনা ।
কেইদিনমান পূৰ্বেই উজনি অসমত কেইবাগৰাকীও বিজেপি নেতাই দলত্য়াগ কৰাৰ পিচত দলটোৰ শক্তিশালী নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে গেৰুৱা বসন এৰিব নেকি তাক লৈ গুণগথা চলিছে । তেওঁ শীঘ্ৰে যোগদান কৰিব নেকি কংগ্ৰেছত ! যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ জয়ী হোৱাৰ লগে লগে উজনিত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি । সেয়েহে বৰ্তমান বিজেপিৰ পৰা কংগ্ৰেছ দললৈ আহিবলগীয়া নেতাৰ তালিকাখনো ক্ৰমান্বয়ে দীঘলীয়া হৈ আহিছে । সেই সময়তেই ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে ।
যোৰহাট জিলা বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান ৰাজ্যিক বিজেপিৰ বাণিজ্য কোষৰ সহ আহ্বায়ক ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে এইবাৰ টীয়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সোমবাৰে সংবাদমাধ্য়মৰ আগত প্ৰকশ কৰে । অৱশ্য়ে তেওঁ কোন দলৰ পৰা এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা প্ৰকাশৰ পৰা আঁতৰি থাকে । শুভকাংক্ষীসকলে যি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পৰামৰ্শ আগবঢ়াই তেওঁ সেইমতেই আগবাঢ়িব বুলি মন্তব্য় কৰে ।
অৱশ্য়ে ৰাজ্যিক বিজেপিৰ বাণিজ্য কোষৰ সহ-আহ্বায়ক ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে বৰ্তমানলৈকে বিজেপি দলৰ সদস্য় হৈ থকা বুলি মন্তব্য় কৰি কয়," মই এতিয়ালৈকে বিজেপিতেই আছো । ভৱিষ্য়তে কোনটো দলত থাকিম সেয়া মোৰ শুভকাংক্ষীসকলেহে নিৰ্ণয় কৰিব ।" ইপিনে, তেওঁ এইবাৰ টীয়কৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলিও চৰ্চা লাভ কৰিছে ।