ETV Bharat / state

আলফা(স্বা)ৰ বিস্ফোৰণৰ পৰিকল্পনা বিফল: অসমৰ বিকাশৰ স্বাৰ্থত পৰেশ বৰুৱালৈ পুনৰ শান্তিৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ - ULFA I Bomb plans failed

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 6:57 PM IST

CM Himanta reacts on ULFA I bomb plans: ‘‘বহু বছৰৰ মূৰত অসমখনে অলপমান বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে । আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অনুৰোধ কৰিম যাতে কোনো কাৰণতে আমি অসমত এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে যাৰ দ্বাৰা বিনিয়োগৰ পৰিৱেশটো নোহোৱা হৈ যায় ।’’- আলফা(স্বাঃ)ৰ বিস্ফোৰণৰ পৰিকল্পনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য ৷

CM Himanta reacts on ULFA I bomb plans
পৰেশ বৰুৱালৈ পুনৰ শান্তিৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ (Assam CM X handle)

গুৱাহাটী, ১৫ আগষ্ট: আলফা স্বাধীনে বোমা সংস্থাপন কৰা ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মাধ্যমৰ আগত আলফা (স্বাঃ)ৰ বোমা সংস্থাপনৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত স্বাধীনতা দিৱস উপলক্ষ্যে বোমা দি থোৱা বুলি তেওঁলোকে কৈছে । কালি ভিডিঅ'ত আছিল যে ৬ বজাৰ পৰা ১২ বজাৰ ভিতৰত বোমা ফুটিব । আজি কোৱা হ'ল যে কাৰিকৰী কাৰণত বোমা ফুটা নাই আৰু পুলিচে বোমাসমূহ উদ্ধাৰ কৰিব লাগে । পুলিচে বোমা পাইছে নে নাই পোৱা সেই বিষয়ে পুলিচে ক'ব । মই মাত্ৰ এটাই অনুৰোধ কৰিম যে টাটাই অসমত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছে । অসমলৈ আৰু বহুত বিনিয়োগ আহিব । বহু বছৰৰ মূৰত অসমখনে অলপমান বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে । মই বোমা আছে নাই সেই বিতৰ্কত নগৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অনুৰোধ কৰিম যাতে কোনো কাৰণতে আমি অসমত এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে যাৰ দ্বাৰা বিনিয়োগৰ পৰিৱেশটো নোহোৱা হৈ যায় ।’’

পৰেশ বৰুৱালৈ পুনৰ শান্তিৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘অসমত প্ৰায় ১৪ লাখ নিবনুৱা যুৱক-যুৱতী আছে । যদি উদ্যোগ নাহে আমাৰ অসমৰ যুৱকসকলে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশত ছিকিউৰিটি গাৰ্ড হৈ গুচি যায় । যদি অসমৰ যুৱকে অসমত নাথাকে তেন্তে আমি কাক লৈ অসমখনক উন্নত কৰিম বা স্বাধীন কৰিম । তাৰটো কোনো অৰ্থই নাই । সেইকাৰণে মই আশা কৰিম যে অসমত যাতে কোনো ধৰণে বিনিয়োগকাৰী সকলে চিন্তা কৰিব লগা তথা বাহিৰত চেকা লগা কোনো কাম যাতে নকৰো । সদায় আলাপ আলোচনাৰ মাজেৰে সমস্যাবোৰ সমাধান কৰাৰ বাবে মই আগ্ৰহী । আগতেও মই আলোচনাৰ কথা কৈছো আৰু আজিও পুনৰ দোহাৰিছো । পৰেশ বৰুৱাক বিনম্ৰতাৰে অনুৰোধ কৰিছো অসমত কোনো কাৰণতে আমি বিকাশৰ ধাৰাটোক ম্লান পৰিব নিদিও ।’’

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত ধাৰাবাহিক বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰিছিল আলফা স্বাধীনে । কিন্তু কিবা কাৰিকৰী কাৰণত বিস্ফোৰিত নহ'ল বোমা কেইটা । সেই কথা আলফা স্বাধীনে বিবৃত্তি যোগে সংবাদ মাধ্যমক সদৰী কৰাৰ পাছতে অসম আৰক্ষীৰ মাজত হুৱাদুৱা লাগে । লগে লগে বোমা উদ্ধাৰৰ বাবে আলফা স্বাধীনে নিৰ্দিষ্ট কৰি দিয়া স্থানত আৰক্ষীয়ে চলাই ব্যাপক অভিযান ।

গুৱাহাটীৰ আঠটা স্থানত বোমা সংস্থাপন কৰাৰ কথা আলফা স্বাধীনে সদৰী কৰিছিল । আৰক্ষীয়ে আঠটা স্থানতে অভিযান চলাই যদিও দুটা স্থানত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গুৱাহাটী আৰক্ষী আয়ুক্তই জনোৱা মতে উদ্ধাৰ হোৱা বোমাসদৃশ সামগ্ৰীখিনি বোমা হয় নে নহয় সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই । পৰীক্ষাৰ পাছতেহে জানিব পৰা যাব ।

গুৱাহাটীৰ বাহিৰে শিৱসাগৰ, নগাঁও, নলবাৰী আৰু লখিমপুৰত উদ্ধাৰ কৰা হৈছে বোমাসদৃশ সামগ্ৰী ৷ ইতিমধ্যে বোমা বিশেষজ্ঞই এইসমূহ নিষ্ক্ৰিয় কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ২৫ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বা)ৰ: উপযুক্ত তদন্তৰ নিশ্চয়তা দিলে ডিজিপি জি পি সিঙে - bomb plan by ULFA I

বোমাৰ সন্ধানত তৎপৰ আৰক্ষী: গুৱাহাটীৰ দিছপুৰ আৰু শৰণীয়াত অভিযান - 78th Independence day

লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা - ULFA I bomb plans

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.