ETV Bharat / state

বাৰুকৈয়ে পূজা লাগিছে মুখ্যমন্ত্ৰীৰ : তিনিদিনত ৫১ খন

CM Himanta Biswa Sarma: তিনিদিনত ৫১ খন পূজাথলী দৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । হেলিকপ্টাৰেৰে গৈ কোকৰাঝাৰত পূজা চালেগৈ মুখ্যমন্ত্ৰী শৰ্মাই ।

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 5:58 PM IST

CM Himanta Biswa Sarma visited puja pandals in different parts of state
বাৰুকৈয়ে পূজা লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

কোকৰাঝাৰ,১১ অক্টোবৰ: বাৰুকৈয়ে পূজা লাগিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাত । ষষ্ঠী আৰু সপ্তমীৰ দুদিন মিলাই ৪০ খন পূজা দৰ্শন মুখ্যমন্ত্ৰীগৰাকীৰ । শুকুৰবাৰে অৰ্থাৎ অষ্টমী আৰু নৱমীৰ দিনাও ১১ খন পূজা দৰ্শন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ শুকুৰবাৰ দিনটোক ধৰি এইবাৰ তিনিদিনত মুঠ ৫০ খনৰো অধিক পূজাথলী দৰ্শন হ’ব মুখ্যমন্ত্ৰীৰ । আজি অষ্টমী আৰু নৱমীৰ পূজাৰ দিনা বি টি আৰৰ প্ৰশাসনীয় প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ নগৰৰ কেইবাখনো দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনাৰ্থে পুৱাই গৈ উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

পুৱাই গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে কোকৰাঝাৰৰত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা । তাৰ পৰা পোনে পোনে গৈ কোকৰাঝাৰ বড়ো বজাৰত থকা পূজাৰ মণ্ডপত দেৱী দৰ্শন কৰি আশীৰ্বাদ লোৱাৰ পাছত তেওঁ সংবাদ মাধ্যমৰ জড়িয়তে ৰাজ্যবাসীলৈ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,“মুখ্যমন্ত্ৰী এজনে গুৱাহাটীতে নাথাকি সকলো ঠাইৰ ৰাইজৰ সৈতে একাত্ম হ'লে ৰাইজে ভাল পায় । মই অসমৰ সকলো ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো ।” কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ পূজাথলী দৰ্শনত সংগ দিয়ে বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

কোকৰাঝাৰত পূজাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়,“যোৱা লোকসভা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলো যে মই কোকৰাঝাৰতো পূজা চাবলৈ আহিম । সেই অনুসৰি মই কোকৰাঝাৰত মা দুৰ্গাৰ আশিস ল'বলৈ উপস্থিত হৈছো । কোকৰাঝাৰৰ পূজালৈ আহি আধ্যাত্মিক শান্তি পালো । মা দুৰ্গাই সকলোকে যাতে সমন্বয়ৰ বান্ধোনেৰে বান্ধি ৰাখে আৰু সকলোকে আশীৰ্বাদ দিয়ে তাৰ বাবে প্ৰাৰ্থনা কৰিছো ৷”

তেওঁ লগতে কয়,“এখন ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে যোৱা বছৰকেইটা কেৱল গুৱাহাটীতে আৱদ্ধ নাথাকি অসমৰ বিভিন্ন প্ৰান্তলৈ নিৰৱচ্ছিন্নভাৱে গৈ ৰাইজৰ মাজলৈ আহি আছো । কেতিয়াবা যদি বৰাকলৈ পূজা চাবলৈ গৈছো, আন কেতিয়াবা নগাঁও, হোজাই, লামডিঙলৈ গৈছো । সেইদৰে এইবাৰ কোকৰাঝাৰলৈ আহিছো ।”

কোকৰাঝাৰত মুখ্যমন্ত্ৰী শৰ্মাই ডিপো ৰোডৰ পূজা মণ্ডপ, গৌৰ নগৰৰ পূজা মণ্ডপ, শান্তিনগৰ সাৰ্বজননীন পূজা আৰু সুভাষপল্লীৰ পূজা মণ্ডপো দৰ্শন কৰে । এইদৰে কোকৰাঝাৰত মুঠ পাঁচখনকৈ পূজা মণ্ডপ দৰ্শন কৰি মুখ্যমন্ত্ৰী ৰাওনা হয় চিৰাং জিলাৰ বাসুগাঁৱলৈ । কোকৰাঝাৰত ৫ খন পূজাথলী দৰ্শন কৰাৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত ৩ খন, বাসুগাঁৱত ৩ খনকৈ পূজা চোৱাৰ কথা সদৰী কৰে ।

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী বঙাইগাঁৱত উপস্থিত হয় আৰু তাৰ পৰা চিৰাং জিলাৰ বিজনীলৈ যায় । বিজনীৰ নৱনিৰ্মিত ঐতিহাসিক লক্ষ্মী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে । দিনজোৰা কাৰ্যসূচীৰ অন্তত সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰীয়ে বিজনীৰ পৰা স্থলপথেৰে গুৱাহাটীলৈ যাত্ৰা কৰিব ।

উল্লেখযোগ্য যে বুধবাৰে ষষ্ঠীৰ দিনা গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত মুঠ ১৪ খন পূজাথলীত দেৱী দৰ্শন কৰাৰ বিপৰীতে বৃহস্পতিবাৰে সপ্তমীৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ জালুকবাৰী সমষ্টিৰ তিনিটাকৈ ৱাৰ্ডৰ ২৬ খন পূজাথলী দৰ্শন কৰে ।

লগতে পঢ়ক: মণ্ডপে মণ্ডপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা, দুদিনত দুকুৰি

ৰাইজক পূজাথলীৰ পৰাই আধ্যাত্মিক হ'বলৈ আহ্বান হিতেন্দ্ৰ নাথ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.