ETV Bharat / state

পঢ়াৰ বোজা সহ্য কৰিব নোৱাৰি চৰমপন্থা ল'লে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই - STUDENT COMMITED SUICIDE

Jorhat Suicide Case : এজন ফুলকুমলীয়া ছাত্ৰই কিয় ল'লে জীৱনৰ চৰম সিদ্ধান্ত ? হতাশা নে অধিক চাপৰ বাবে কৰিলে আত্মহত্য়া ?

Jorhat Tragic incident
যোৰহাটত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ আত্মহত্য়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 5:01 PM IST

যোৰহাট: চাৰিটা শব্দ লিখা এখন পত্ৰ । পত্ৰখনতেই আছে এজন পুত্ৰই পিতৃ-মাতৃলৈ লিখা জীৱনৰ অন্তিম চাৰিটা শব্দ । পিতৃ-মাতৃৰ ওচৰৰ পৰা চিৰবিদায় লোৱাৰ এই শব্দকেইটা কিমান হৃদয় বিদাৰক হ'ব পাৰে এবাৰ কল্পনা কৰকচোন ! পিতৃ-মাতৃলৈ লিখা এই পত্ৰখনৰ পিচতেই সংসাৰৰ পৰা অজান দেশলৈ গুচি গ'ল এজন ফুলকুমলীয়া ছাত্ৰ । হঠাতেই যেন পিতৃ-মাতৃয়ে নভবা কথাটো সংঘটিত হ'ল । এই পত্ৰখনত লিখা আছিল-'মাম্মী,পাপা বাই বাই'।

অংকুৰিত হৈ কলিতেই মৰহি গ'ল এটি উজ্জ্বল সম্ভাৱনা । অত্যধিক পঢ়াৰ বোজা সহিব নোৱাৰি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ এজনে গ্ৰহণ কৰিলে চৰমপন্থা !

এই ঘটনাটো সংঘটিত হৈছে শৈক্ষিক নগৰীৰূপে পৰিচিত যোৰহাটত । যোৰহাটৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান ডনবস্ক' লিচুবাৰী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰই অত্যাধিক পঢ়াৰ বোজা সহিব নোৱাৰিলে । ফলত মাতৃৰ চাদৰৰ আচলৰে ডিঙত ফাচ লগাই সামৰিলে জীবন নাটৰ এই চমু অধ্যায় ।

পঢ়াৰ ক্ষেত্ৰত চাপ আছিল

বিদ্যালয়তো অতি নম্ৰ আছিল ছাত্ৰজন । সকলো সময়তে নম্ৰভাৱে শিক্ষক-শিক্ষয়ত্ৰীৰ ওচৰলৈ অহা ছাত্ৰজনৰ এই সিদ্ধান্তত হতভম্ব বিদ্যালয়ৰ শিক্ষকৰ লগতে আন সকলো । এই প্ৰসংগত ছাত্ৰজনৰ পিতৃয়ে কয়," বিগত কিছুদিন ধৰি মোৰ ল'ৰাটোৱে পঢ়াৰ ক্ষেত্ৰত চাপ পোৱা বুলি কৈ আছিল । পৰীক্ষা আহিছে বাবে পঢ়া-শুনাত অধিক চাপ পৰা বাবেই হয়তো এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ।" এই কাৰণেই সন্তানে চৰম সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি কয় যে তেওঁৰ সন্তানৰ কাৰো সৈতে কাজিয়া লগা নাছিল ।

লগতে পঢ়ক:মাতৃলৈ আবেগ ভৰা পত্ৰ লিখি চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ আত্মহত্য়া - Youth Commited Suicide

‘‘স্বামীৰ লগতে সৎকাৰ কৰিব মোক’’...এইদৰে লিখি আত্মহত্যা এজন বায়ুসেনা বিষয়াৰ পত্নী তথা এগৰাকী আৰ্মি কেপ্টেইনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.