ETV Bharat / state

সুনীল গগৈ জীয়াই আছে ! পত্নীক বৈধব্যৰ সাজ এৰিবলৈ আহ্বান সংযুক্তা পৰাশৰৰ - DHAKUAKHANA MURDER CASE

Dhakuakhana Sunil Gogoi Case : ছিন্নমুণ্ড অথবা ঘাতকৰ সন্ধান নোলোৱাৰ পিচতো চি আই ডিৰ দাবী- ঢকুৱাখনাৰ সুনীল গগৈ জীয়াই আছে ৷ এই কথাই স্বাভাৱিকতে পুনৰ ৰহস্যৰ সৃষ্টি কৰিছে সমগ্ৰ ঘটনাটোত ৷ চি আই ডিক উভতি ধৰি পত্নীয়ে ক’লে- স্বামী জীয়াই আছে যদি প্ৰমাণ দিয়ক ৷ চাওক সবিশেষ খবৰ...

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 9:12 PM IST

DHAKUAKHANA MURDER CASE
সুনীল গগৈৰ বাসগৃহত চি আই ডি (ETV Bharat Assam)

লখিমপুৰ, 9 জুলাই : সুনীল গগৈ জীয়াই আছে ! এই কথাষাৰ শুনিলে আপুনিও হয়তো উচপ খাই উঠিব ৷ পিছে এই কথা আমি কোৱা নাই ৷ চি আই ডি ৰ সঞ্চালক সংযুক্তা পৰাশৰেহে কৰিছে এই দাবী ৷ ঢকুৱাখনাৰ ৰহস্যজনক সুনীল গগৈ কাণ্ডৰ 40 দিন উকলাৰ পিচত কাহিনীত সংযোজিত হৈছে আন এক টুইষ্ট ৷

সুনীল গগৈৰ পত্নীক জেৰা চি আই ডিৰ (ETV Bharat Assam)

ৰহস্যজনকভাৱে এই ঘটনাৰ 40 দিনৰ পিচতো সন্ধান নোলাল ছিন্নমুণ্ড অথবা ঘাতকৰ ৷ আৰক্ষীয়ে সুনীল গগৈক খবৰ দিয়াৰ বিনিময়ত পুৰস্কাৰো ঘোষণা কৰিছিল ৷ কিন্তু খবৰহে একো লাভ কৰা নহ’ল ৷ অসম আৰক্ষীয়ে আৰম্ভ কৰা এই ঘটনাৰ প্ৰাথমিক তদন্তৰ অন্তত মকৰাজালৰ দৰে পেছ থকা এই কাণ্ডৰ সমাধান কৰিবলৈ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল চি আই ডিক ৷ কিন্তু দিন উকলি যোৱাৰ লগে লগে এই কাণ্ডত অধিক ৰহস্য ঘনীভূত হ’বলৈ ধৰিলে ৷ মঙলবাৰে ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ বাসগৃহত উপস্থিত হয় চি আই ডি-ৰ সঞ্চালক সংযুক্তা পৰাশৰ ৷

লগতে পঢ়ক: সুনীল গগৈ নে জাহাংগীৰ হুছেইন- অৰ্ধদগ্ধ মৃতদেহটো কাৰ আছিল ? - SUNIL GOGOI MURDER CASE

তদন্তকাৰী শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে সুনীল গগৈৰ পত্নীয়ে বিধৱাৰ সাজ পৰিধান কৰি থকা প্ৰত্যক্ষ কৰি ব্যক্ত কৰে এক চাঞ্চল্যকৰ মন্তব্য ৷ শীৰ্ষ আৰক্ষী বিষয়া পৰাশৰৰ মতে, সুনীল গগৈ বৰ্তমানেও জীৱিত অৱস্থাত আছে ৷ গতিকে গগৈৰ পত্নী পুষ্পা গগৈয়ে বৈধ্যৱৰ সাজ পৰিহাৰ কৰা উচিত ৷ তদুপৰি পূৰ্বে উদ্ধাৰ হোৱা মৃতদেহটো জাহাংগীৰৰ বুলি সুনীল গগৈৰ পৰিয়ালৰ আগত ষ্পষ্ট কৰে চি আই ডিৰ সঞ্চালকগৰাকীয়ে ৷

লগতে পঢ়ক: ঢকুৱাখনাকাণ্ডৰ তদন্তৰ দায়িত্ব চি আই ডিলৈ হস্তান্তৰ : জনালে জি পি সিঙে - Dhakuakhana murder case

শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ এনে প্ৰশ্নত উভতি ধৰিলে সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে ৷ তেওঁ চি আই ডিৰ সঞ্চালকগৰাকীক ওলোটাই প্ৰশ্ন কৰি স্বামী যদি জীয়াই আছে, তেন্তে প্ৰমাণ দিবলৈ দাবী কৰে ৷ স্বামীৰ জীয়াই থকাৰ পৰ্যাপ্ত প্ৰমাণ অবিহনে পৰিয়ালটোৱে কেনেকৈ সুনীল গগৈ জীয়াই থকাতো বিশ্বাসত ল’ব সেই সন্দৰ্ভতো গগৈৰ পত্নীয়ে আৰক্ষী বিষয়াগৰাকীক প্ৰশ্ন কৰে ৷

উল্লেখ্য যে, ডি এন এ পৰীক্ষাৰ পাচত পুষ্পা গগৈক ঢকুৱাখনা থানাত মাৰাথন জেৰা চলাইছিল আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো তেওঁক কেইবাদিনো জেৰা কৰা হৈছিল ৷ ইয়াৰ মাজতে এই গোচৰটো উচিত তদন্তৰ খাতিৰত চি আই ডিলৈ হস্তান্তৰ কৰা হয় ৷ কেইদিনমানৰ পূৰ্বে ঢকুৱাখনাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে সাক্ষাতো কৰিছিল ৷

লগতে পঢ়ক: সুনীল গগৈৰ পত্নী-পুত্ৰক মাৰাথন জেৰা : তথাপিও সুনীল গগৈৰ নাই কোনো শুংসূত্ৰ - Dhakuakhana murder case

মুখ্যমন্ত্ৰীগৰাকীয়ে সুনীল গগৈ সন্দৰ্ভত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়াৰ লগতে পৰিয়ালটোৱে ইচ্ছা কৰিলে হায়দৰাবাদলৈ গৈ ডি এন এ পৰীক্ষাৰ তথ্য-পাতি চৰকাৰী খৰচত চাব পাৰিব বুলি কৈছিল ৷ ইয়াৰ পাচতে মঙলবাৰে চি আই ডিৰ সঞ্চালকগৰাকীয়ে সুনীল গগৈৰ ঘৰত উপস্থিত হৈ পুষ্পা গগৈক সুনীল গগৈ জীয়াই থকা বুলি পুনৰবাৰ কয় ৷ মঙলবাৰে সুনীল গগৈৰ সন্দৰ্ভত প্ৰায় আধাঘণ্টা ধৰি পত্নীক সোধ-পোছ কৰে চি আই ডিৰ সঞ্চালক সংযুক্তা পৰাশৰে ৷

লগতে পঢ়ক: সুনীল গগৈ নহয়, মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে আছিল - Dhakuakhana Murder Case

জাহাংগীৰ হত্যাৰ ন্যায় বিচাৰি ধুবুৰী আৰক্ষী অধীক্ষক সাক্ষাৎ পৰিয়ালৰ - Jahangir Hussain murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.