ETV Bharat / state

চৰকাৰী কাৰ্যালয়ৰ পৰা চান্দা সংগ্ৰহৰ কথা স্বীকাৰ কাছাৰৰ কংগ্ৰেছ নেতাৰ - Congress Donation Collection

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 12:16 PM IST

Congress Donation Collection in Cachar : চৰকাৰী কাৰ্যালয়ৰ পৰা চান্দা সংগ্ৰহ কংগ্ৰেছ নেতাৰ । নিজমুখে স্বীকাৰ কৰিলে কাছাৰৰ উদাৰবন্দ ব্লক কংগ্ৰেছ সভাপতি পুলক ৰয়ে ।

Congress Donation Collection in Cachar
চান্দা সংগ্ৰহৰ কথা স্বীকাৰ কাছাৰৰ কংগ্ৰেছ নেতাৰ (ETV Bharat Assam)

শিলচৰ, ১ আগষ্ট : চৰকাৰী কাৰ্যালয়ৰ পৰা কংগ্ৰেছৰ চান্দা সংগ্ৰহৰ বাতৰিৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কাছাৰৰ কংগ্ৰেছ নেতাৰ । সংবাদ মাধ্যমত চান্দা সংগ্ৰহৰ বাতৰি প্ৰচাৰ হোৱাৰ পাচত চান্দা গ্ৰহণৰ কথা নিজমুখে স্বীকাৰ কাছাৰৰ উদাৰবন্দ ব্লক কংগ্ৰেছৰ সভাপতি পুলক ৰয়ৰ ।

কংগ্ৰেছ নেতা পুলক ৰয়ৰ সংবাদমেল (ETV Bharat Assam)

উদাৰবন্দ ব্লক কংগ্ৰেছ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি ব্লক কংগ্ৰেছৰ সভাপতি পুলক ৰয়ে কয়, "আমি চান্দা লোৱাটো সত্য । কিন্তু জোৰজবৰদস্তি মই চান্দা সংগ্ৰহ কৰা নাই । এজন চৰকাৰী বিষয়াৰ ওচৰলৈ মই গৈছিলোঁ ৷ বিষয়াজনে চান্দাৰ বাবে মোৰ পৰা এখন লিখিত পত্ৰ বিচাৰিছিল । সেয়ে মোৰ পেডত এখন আবেদন-পত্ৰ লিখি দিছিলোঁ ।"

আত্মপক্ষ সমৰ্থন কৰি কাছাৰৰ কংগ্ৰেছ নেতাজনে লগতে কয়, "মই নিজ ইচ্ছামতে তেওঁলোকক বৰঙণি আগবঢ়াবলৈ অনুৰোধ জনাইছিলোঁ । কিন্তু কোনো জোৰজবৰদস্তি কৰি চান্দা সংগ্ৰহ কৰা নাই ।"

উল্লেখ্য যে কাছাৰৰ উদাৰবন্দত সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ কাৰ্যসূচীৰ নামত চৰকাৰী কাৰ্যালয়ৰ পৰা অবৈধভাৱে চান্দা সংগ্ৰহ কৰিছিল উদাৰবন্দ ব্লক কংগ্ৰেছৰ সভাপতি পুলক ৰয়ে । এই দুগৰাকী কংগ্ৰেছ সাংসদৰ অনুষ্ঠানৰ নামত বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ পৰা চান্দা সংগ্ৰহ কৰিছিল উদাৰবন্দ ব্লক কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

আনকি তেওঁ দলীয় পেড ব্যৱহাৰ কৰি চান্দাৰ বাবে আবেদন জনোৱাৰ লগতে চান্দা সংগ্ৰহৰ ৰচিদো প্ৰদান কৰি চৰকাৰী কাৰ্যালয়ৰ পৰা হাজাৰ হাজাৰ টকাৰ চান্দা সংগ্ৰহ কৰিছে । ইফালে এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিচতে কংগ্ৰেছৰ ভিতৰচ'ৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি হয় । ফলত সংবাদমেলৰ আয়োজন কৰি নিজমুখে চান্দা সংগ্ৰহৰ কথা স্বীকাৰ কৰে পুলক ৰয়ে ।

প্ৰকৃত ঘটনাটো কি

উল্লেখ্য যে ব্লক কংগ্ৰেছ সভাপতি পুলক ৰয়ে উদাৰবন্দৰ বনাঞ্চলিক কাৰ্যালয়ত চান্দা বিচাৰি এখন আবেদন দিয়ে । তাত লিখা আছে যে অহা ১৩ আগষ্টত কাছাৰলৈ কংগ্ৰেছৰ নৱনিৰ্বাচিত দুই সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন আহিব । তেওঁলোকৰ কাছাৰত কেইবাটাও দলীয় কাৰ্যসূচী আছে আৰু তাৰ বাবে বহু ধনৰ প্ৰয়োজন । সেয়ে সাংসদ দুগৰাকীৰ এই কাৰ্যসূচীৰ বাবে চান্দা দি সহায় কৰিবলৈ বনাঞ্চলিক বিষয়াক নিজৰ পেডত আবেদন কৰে সভাপতি পুলক ৰয়ে । আনহাতে, ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীয়ে চান্দাৰ বিনিময়ত প্ৰদান কৰে ২০ হাজাৰ টকাৰ এখন ৰচিদ । এই তথ্য বিতংভাৱে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । যাৰ বাবে ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সংবাদমেলযোগে সমগ্ৰ বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰে ।

লগতে পঢ়ক :গৌৰৱ গগৈ-ৰকিবুল হুছেইনৰ নামত চৰকাৰী কাৰ্যালয়ৰ পৰা কাছাৰত চান্দা সংগ্ৰহ - Assam Pradesh Congress
লগতে পঢ়ক :মৰিগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দুৰ্নীতি; ৱাৰ্ড কমিছনাৰ-চক্ৰ বিষয়াৰ অভিযোগ-প্ৰতি অভিযোগ - Morigaon Circle Office Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.