ETV Bharat / state

অসমত ৮ দিনত বিজেপিত ১৬ লাখ সদস্য ভৰ্তি অতিক্রম কৰিছে : দিলীপ শইকীয়া - MP DILIP SAIKIA

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 5:40 PM IST

BJP membership drive 2024: আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে এতিয়া আৰম্ভ কৰিছে সদস্য ভৰ্তি অভিযান ৷ বিজেপিৰ এই সদস্য ভৰ্তি অভিযান দলটোৱে নমো এপৰ জৰিয়তে অনলাইনৰ মাধ্যমতো অব্যাহত ৰাখিছে ৷ এই অভিযান আৰম্ভ হোৱাৰ ৮ দিনত দলটোত ১৬ লাখ লোকে যোগদান কৰিছে ৷ সাংসদ দিলীপ শইকীয়াই বুধবাৰে বৰপেটাত সদস্য ভৰ্তি অভিযানত অংশগ্ৰহণ কৰি এই কথা ব্যক্ত কৰে ৷

BJP membership drive 2024
বৰপেটাত বিজেপিৰ সদস্য ভৰ্তি অভিযান (ETV Bharat Assam)

বৰপেটা, ১১ ছেপ্টেম্বৰ: বিগত বৰ্ষত অসমত বিজেপিৰ ৪৮ লাখ সদস্য আছিল । সদস্যতা অভিযান আৰম্ভ হোৱাৰে পৰা আজিৰ দিনটোলৈকে বিগত ৮ দিনত বিজেপিত ১৬ লাখ সদস্য ভৰ্তি অতিক্ৰম কৰিছে । বৰপেটাত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ পৰিকল্পনা আৰু পৰ্যালোচনা সভাত অংশ লৈ বুধবাৰে সাংসদ দিলীপ শইকীয়াই এই কথা প্ৰকাশ কৰে ।

দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি সমগ্ৰ দেশজুৰি তীব্ৰগতিত বিজেপিৰ সদস্য ভৰ্তি অভিযান অব্যাহত আছে । বৰপেটা জিলাৰ ১৯ টা মণ্ডল, ১০২৭ টা বুথ আৰু ২৪৬ টা শক্তিকেন্দ্ৰত সদস্য ভৰ্তি অভিযানত দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰি আছে । ইপিনে কংগ্ৰেছক লৈয়ো মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই । শাসনলৈ অহাৰ বাবে দলে কষ্ট কৰিব লাগে । কিন্তু কংগ্ৰেছৰ কৰ্মকাণ্ডবোৰ ৰাজ্যখনৰ প্ৰতি দায়িত্ববোধতকৈ ক্ষমতাকেন্দ্ৰিক বুলিহে তেওঁ অভিহিত কৰে ।

৫৫ বছৰ ৰাজ্য শাসন কৰা কংগ্ৰেছে অসম আৰু ভাৰতবৰ্ষৰ ৰাষ্ট্ৰবাদী আৰু জাতীয়তাবাদী সত্বাটোক যে কুঠাৰাঘাট কৰিছে সেই কথাবোৰ পাহৰি যাব নালাগে বুলি মন্তব্য কৰে দিলীপ শইকীয়াই । কংগ্ৰেছৰ কৰ্মকাণ্ড অসমৰ ৰাইজে ভালকৈ জানে বুলি কৈ দিলীপ শইকীয়াই কংগ্ৰেছৰ দিনত ১৫০০ টকাত 5 দিন ৰৈ গেছৰ চিলিণ্ডাৰ কিনিব লাগিছিল বুলিও মন্তব্য কৰে । পূৰ্ববংগীয় মূলৰ অনুপ্ৰবেশকাৰী লোকক মাটি-বাৰী দি গোজেই গছলৈ ৰূপান্তৰিত কংগ্ৰেছেহে কৰিছে বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে দিলীপ শইকীয়াই ৷

কংগ্ৰেছে তেওঁলোকক ভোটাৰ তালিকা, আধাৰ কাৰ্ডত নাম সোমোৱাই দিয়া, ৰেচন কাৰ্ড দিয়া আদি কামবোৰ অসমৰ ৰাইজে পাহৰি নাযায় বুলি প্ৰকাশ কৰি অসমত অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বিজেপিৰ বিকল্প নাই বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । আনহাতে ধুবুৰীৰ দৰে কিছু অংশত কংগ্ৰেছৰ প্ৰভাৱ আছে বুলিও মন্তব্য কৰি দিলীপ শইকীয়াই কয় যে কংগ্ৰেছে তিনিখন আসন পাই ১১খন আসন পোৱা বুলি ভবাটো মুংগেৰীলালৰ হাচিন স্বপ্নেৰ দৰে ।

লগতে পঢ়ক: নেদেখাজনে তাৰ বিচাৰ কৰিব : কাৰ বিচাৰৰ কথা ক'লে ৰূপজ্যোতি কুৰ্মীয়ে - BJP membership drive in Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.