ETV Bharat / state

প্ৰজ্ঞাৰ প্ৰযোজনাত মঞ্চস্থ হ’ব বীৰ চিলাৰায়

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 7:03 AM IST

Updated : Feb 23, 2024, 9:47 AM IST

Bir Chilarai Divas 2024 : দুদিনীয়া কাৰ্যসূচীৰে ফাঁচীবজাৰস্থিত লাচিত ঘাটত মঞ্চস্থ হ’ব "বীৰ চিলাৰায়"। যশস্বী অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই পৰিচালনা কৰা নাটকখনত অসমৰ ১১৭ গৰাকী প্ৰসিদ্ধ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব ।

bir chilarai play to be performed on the occasion of bir chilarai birth anniversary
পৰাক্ৰমী যোদ্ধা বীৰ চিলাৰায়ৰ জন্ম বাৰ্ষিকীৰ প্ৰস্তুতি

গুৱাহাটী, 23 ফেব্ৰুৱাৰী : আগন্তুক ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত মহানগৰীৰ ফাঁচীবজাৰস্থিত লাচিত ঘাটত মঞ্চস্থ হ’ব "বীৰ চিলাৰায়" । অসমৰ অবিস্মৰণীয় মহাবীৰ, সাহিত্য-কলাৰ পৃষ্ঠপোষক কোঁচ ৰাজবংশীয় পৰাক্ৰমী যোদ্ধা বীৰ চিলাৰায়ৰ জন্ম বাৰ্ষিকীৰ বাবেই এই বিশাল আয়োজন কৰা হৈছে ৷

'প্ৰজ্ঞা'ৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ বুকুত এক বিশাল আয়োজনেৰে মঞ্চস্থ কৰা হ’ব এখন ঐতিহসিক নাটক "বীৰ চিলাৰায়" । যশস্বী অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াই পৰিচালনা কৰা নাটকখনত অসমৰ ১১৭ গৰাকী প্ৰসিদ্ধ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব ।

২৪ আৰু ২৫ ফেব্ৰুৱাৰী দুয়োটা দিনতে বিয়লি ৬ বজাৰ পৰা মঞ্চস্থ কৰা হ’ব উক্ত নাটকখন । বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে প্ৰজ্ঞাৰ উদ্যোক্তাসকলে । গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এই সংবাদমেলত উপস্থিত থাকে প্ৰজ্ঞাৰ সভাপতি জিতুল সোণোৱাল, বীৰ চিলাৰায় নাটকখনৰ পৰিচালক পূৰ্ণিমা পাঠক শইকীয়া, লেখক নয়নজ্যোতি ভট্টাচাৰ্যকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

উল্লেখ্য যে, যিসকল লোকে "বীৰ চিলাৰায়" নাটখন উপভোগ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই নাট প্ৰদৰ্শনীৰ প্ৰৱেশ বিনামূলীয়া । অসমৰ মহান বীৰ চিলৰায়ৰ শৌৰ্য আৰু কলাপ্ৰেমৰ অমৰ গাঁথা সকলোৰে মাজত জীয়াই ৰখাৰ লগতে বীৰ চিলাৰায়ৰ বিষয়ে নৱ প্ৰজন্মৰ মাজত প্ৰচাৰৰ বাবে "প্ৰজ্ঞা"ই এই প্ৰচেষ্টা হাতত লৈছে ।

এই নাটখনৰ মঞ্চ ৰূপ উপভোগ কৰাৰ ক্ষেত্ৰত সমগ্ৰ অসমবাসীৰ সহায়-সহযোগিতা কামনা কৰিছে প্ৰজ্ঞাৰ কৰ্মকতাসকলে । কিংবদন্তি যোদ্ধা-শাসকৰ কৰ্মৰাজিৰে অসমৰ ইতিহাস প্ৰসিদ্ধ হৈ আছে ৷ সেই মহান মনিষীসকলৰ মাজত বীৰ চিলাৰায়ক এজন সুদক্ষ সেনাপতি বুলি জনা যায় ৷

1510 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা বীৰ চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ ৷ চৰাই, চিলা আৰু ঘোঁৰাৰ দৰে ক্ষীপ্ৰতাৰে তেওঁ শত্ৰুক বন্দী কৰিছিল বাবে ‘চিলাৰায়’ নামেৰে জনাজাত হৈ পৰিল ৷ 2005 চনত চৰকাৰে তেওঁৰ জন্ম বাৰ্ষিকীটো প্ৰতিবছৰে বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰা হ’ব বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক : ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ ৩৭ সংখ্যক দীক্ষান্ত সমাৰোহ সম্পন্ন

Last Updated : Feb 23, 2024, 9:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.