ETV Bharat / state

টাইম কেপচুলৰ জৰিয়তে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব লাগে: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - DR BHUPEN HAZARIKA

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 3:39 PM IST

Bhupen Hazarika's birth anniversary: ৰাজ্যজুৰি উদযাপন কৰা হৈছে ড৹ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন । প্ৰতিবছৰৰ দৰে এইবাৰো দীঘলী পুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপন কৰা হৈছে সুধাকণ্ঠৰ জন্ম দিৱস । সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'ব 'উদ্দীপনা' শীৰ্ষক অনুষ্ঠান ।

BHUPEN HAZARIKA BIRTH ANNIVERSARY
AASU ৰ উদ্যোগত ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন উদযাপন (ETV Bharat Assam)

গুৱাহাটী,৮ ছেপ্টেম্বৰ: আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানৰে উদযাপন কৰা হৈছে সুধাকণ্ঠৰ জন্মদিন । সুধাকণ্ঠৰ গীতেৰে শ্ৰদ্ধাঞ্জলি যাচিছে বিশ্ব শিল্পীগৰাকীলৈ । দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈ আছে । ভূপেন দাৰ গীতে মাতে মুখৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত । ওপজা দিনটোত সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিছে অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক ।

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগতো ভূপেন হাজৰিকাৰ জন্মদিৱসটো দীঘলী পুখুৰীৰ পাৰত উদযাপন কৰা হয় । পুৱা দীঘলীপুখুৰী পাৰত ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা 'উদ্দীপনা' শীৰ্ষক অনুষ্ঠান আৰম্ভ হ'ব ।

ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাই সংবাদ মাধ্যমৰ আগত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "আমি সদায় অসম চৰকাৰক সাতটা দাবী উত্থাপন কৰি আহিছো আৰু আজিও পুনৰ কৰিছো । ভূপেন দাৰ সৃষ্টিক জীয়াই ৰাখিবলৈ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন ।" লগতে আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ গৱেষণাৰ বাবে গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ পোষকতা কৰে আছুৱে ।

ভূপেন হাজৰিকাৰ নামত বিশ্ববিদ্যালয়সমূহত আসন সংৰক্ষণ কৰিব লাগে, টাইম কেপচুলৰ জৰিয়তে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে গণশিল্পীগৰাকীৰ নামত গুৱাহাটী ৰে'ল ষ্টেচন নামাকৰণ কৰাৰ উপৰিও গণশিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ বহল কৰাৰ দাবী জনায় ।

আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "ভূপেন হাজৰিকাক পুৱাৰ ভাগত দীঘলী পুখুৰীৰ পাৰত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে । আবেলি উদ্দীপনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই উদ্দীপনা অনুষ্ঠানত জিলাসমূহৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ শিল্পী, গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ শিল্পী আৰু যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পীসকলে অংশগ্ৰহণ কৰি গীত-মাত পৰিৱেশন কৰি ভূপেন হাজৰিকা লৈ শ্ৰদ্ধাঞ্জলি জনাব ।

লগতে পঢ়ক: সুধাকণ্ঠলৈ সন্মান, প্ৰতিচ্ছবি অংকনেৰে গঢ়িলে ৰেকৰ্ড - Bhupen Hazarika

কোন নবৰ আলী ? ভূপেনদাৰ সৈতে কি সম্পৰ্ক নবৰৰ ? - Bhupen Hazarika

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.