ETV Bharat / state

ডলাৰ বগৰীৰ দৰে চাহ জনগোষ্ঠীৰ বিধায়কসকলক ব্যৱহাৰ কৰিছে চৰকাৰে: আটছাৰ ক্ষোভ - AATSA REACT ON SANJOY KISHAN

সঞ্জয় কিষাণৰ পদত্যাগ নে প্ৰকৃততে পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছে ? প্ৰশ্ন আটছাৰ । চাহ জনগোষ্ঠীয় নেতাক অধিক গুৰুত্ব প্ৰদানৰ দাবী ৷

AATSA Expressing anger against govt
চাহ জনগোষ্ঠী ছাত্ৰ সন্থা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 10:10 PM IST

তিনিচুকীয়া: “সঞ্জয় কিষাণ আউট, ৰূপেশ গোৱালা ইন ৷ ডলাৰ বগৰীৰ দৰে চাহ জনগোষ্ঠীৰ বিধায়কসকলক ব্যৱহাৰ কৰিছে চৰকাৰখনে ৷” এই মন্তব্য সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ নেতৃত্বৰ । আজি তিনিচুকীয়াত বিধায়ক সঞ্জয় কিষাণৰ মন্ত্ৰিত্ব কৰ্তনৰ বিৰুদ্ধে সৰৱ হৈ পৰে চাহ জনগোষ্ঠী ছাত্ৰ সন্থা চমুকৈ আটছা ।

এই সন্দৰ্ভত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বই কয়, "চাহ জনগোষ্ঠীৰ কিমানজন বিধায়ক আছে আমি আঙুলিৰ মূৰত গণিব পাৰো ৷ তাৰ পাছতো সঞ্জয় কিষাণৰ মন্ত্ৰিত্ব কৰ্তন কৰিছে । এয়া পদত্যাগ নে প্ৰকৃততে পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছে সেয়া ৰহস্যৰ আৱৰ্তত । উন্নয়নৰ কথা কোৱা শাসকীয় চৰকাৰখনে জনগোষ্ঠীটোক চৰম প্ৰতাৰণা কৰিছে ।"

চাহ জনগোষ্ঠী ছাত্ৰ সন্থা (ETV Bharat Assam)

তেওঁলোকে পুনৰ কয়, "ৰূপেশ গোৱালক মন্ত্ৰিত্ব প্ৰদান কৰিছে তাক লৈ আমি সুখী, ৰূপেশ গোৱালাক আদৰণি জনাইছো । আগন্তুক দিনসমূহত আমি কৰ্মক্ষেত্ৰত জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে সহযোগিতা কৰিম, কিন্তু সঞ্জয় কিষাণক কৰ্তন কৰি ৰূপেশ গোৱালাক দায়িত্ব দিয়াটো দুখজনক ।"

চাহ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে কয়, "ডলাৰ বগৰীৰ দৰে ব্যৱহাৰ কৰিছে চাহ জনগোষ্ঠীৰ বিধায়কসকলক । আমি আশা কৰিছিলো সঞ্জয় কিষাণৰ লগতে আৰু এজনে আমাৰ জনগোষ্ঠীটোৰ পৰা মন্ত্ৰিত্ব লাভ কৰিব । সঞ্জয় কিষাণৰ মন্ত্ৰিত্ব কৰ্তন কৰাক লৈ চাহ জনগোষ্ঠীৰ ৰাইজ মুঠেই সন্তুষ্ট নহয় ৷ গতিকে চৰকাৰে কোৱা সম-উন্নয়নৰ দৃষ্টিৰে চাহ জনগোষ্ঠীক চাবলৈ অনুৰোধ জনাইছো ৷"

ইফালে, উক্ত ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে চিন্তিত হোৱা বুলি মন্তব্য কৰি আটছাৰ নেতৃত্বই লগতে কয়, "চাহ জনগোষ্ঠীৰ উন্নয়ন এটাই মন্ত্ৰী আছে নেকি যি মন্ত্ৰী চাহ জনগোষ্ঠীৰ বিধায়কসকলক দিব পাৰে । আমি এইখন চৰকাৰৰ পৰা আশা কৰিছিলো অসম চৰকাৰৰ যিসমূহ দপ্তৰ আছে তাৰে বিভিন্ন দপ্তৰ চাহ জনগোষ্ঠীৰ বিধায়কসকলে লাভ কৰিব, কিন্তু তেনে নহয় । বিগত দিনসমূহতো একে ফলাফল পাই আহিছো আৰু এতিয়াও পুনৰ একে ফল দেখিছো এইখন চৰকাৰৰ পৰা । একেটা মন্ত্ৰীয়েই ইজন বিধায়কক দুবছৰ, সিজনক দুবছৰ ডলাৰ বগৰীৰ দৰে ব্যৱহাৰ কৰি আহিছে । গতিকে যিসকল বিধায়ক আছে সেইসকলৰ লগত সম-মৰ্যাদা দিবলৈ আহ্বান জনোৱাৰ লগতে সঞ্জয় কিষাণক উচিত ৰাজনৈতিক মৰ্যদা দিবলৈ আটছাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো ।"

আজিৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ সময়ত উপস্থিত থাকে আটছা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি কনক কুৰ্মী, সম্পাদক অনুজ তাঁতী, কেন্দ্ৰীয় নেতৃত্ব মৰম তাঁতী, যতীন বৰাইকৰ লগতে কেইবাগৰাকীও জিলা সমিতিৰ বিষয়ববীয়া ।

লগতে পঢ়ক:সঞ্জয় কিষাণৰ পদত্যাগ; ৰূপেশ গোৱালাই শপত ল’ব হিমন্ত কেবিনেটৰ মন্ত্ৰীৰূপে

কোনে কি ভাও ল’বা আহা সময় যে তাকৰ...মন্ত্ৰিত্ব লাভৰ আনন্দত গীত জুৰিলে প্ৰশান্ত ফুকনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.