ETV Bharat / state

ন্যায়ালয়ৰ হস্তক্ষেপ: শ্বেৰমানৰ বিধায়ক পদ খাৰিজক লৈ বিধানসভাত হ'ব শুনানি - SHERMAN ALI SUSPENSION

MLA Sherman Ali Ahmed: অহা ২৫ অক্টোবৰত শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজক লৈ বিধানসভাত অনুষ্ঠিত হ'ব শুনানি ।

MLA Sherman Ali Ahmed
শ্বেৰমানৰ বিধায়ক পদ খাৰিজক লৈ হ'ব বিধানসভাৰ শুনানি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 3:31 PM IST

গুৱাহাটী,১১ অক্টোবৰ : অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজক লৈ অহা ২৫ অক্টোবৰত অসম বিধানসভাত শুনানি অনুষ্ঠিত হ'ব । এই সন্দৰ্ভত বিধানসভাৰ সচিবে বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়ালৈ এখন পত্র প্ৰেৰণ কৰিছে । পত্ৰখনত উল্লেখ কৰা হয় যে ২৫ অক্টোবৰৰ দুপৰীয়া ১২.৩০ বজাত অধ্যক্ষৰ সভাকক্ষত সেই শুনানি অনুষ্ঠিত হ'ব । গতিকে বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে শ‍ইকীয়াক শুনানিত উপস্থিত থাকিবলৈ পত্ৰখনৰ জৰিয়তে অৱগত কৰা হৈছে ।

শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ বিতৰ্ক

উল্লেখ্য যে দলবিৰোধী কার্যকলাপত লিপ্ত হোৱাৰ অভিযোগত বিধায়ক আহমেদক কংগ্ৰেছ দলে নিলম্বন কৰিছিল । সেই সূত্রেই আহমেদৰ বিধায়ক পদ খাৰিজ কৰিবলৈ ৩ বছৰ পূৰ্বৰ পৰাই কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষক আবেদন জনাই আহিছে । কিন্তু অধ্যক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াৰ মাজলৈ যায় । যোৱা ২ মে'ত বৰ্তমানৰ সাংসদ তথা তদানীন্তন কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজত ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি গুৱাহাটী উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল ।

সেই আবেদনৰ ৰায়ত ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ আদালতে যোৱা ৯ ছেপ্টেম্বৰত শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজক লৈ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই সন্দৰ্ভত অৱগত কৰিবলৈ বিধানসভাৰ অধ্যক্ষ, প্রধান সচিব, সচিব আৰু শ্বেৰমান আলী আহমেদক শপতনামা দাখিল কৰিবলৈ জাননী জাৰি কৰিছিল । সেই অনুসৰি বিধানসভাৰ পৰা ন্যায়ালয়ক জনোৱা হয় যে নৱেম্বৰৰ ভিতৰত বিষয়টোৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ'ব । কাৰ্যতঃ ন্যায়ালয়ৰ এনে স্থিতিৰ বাবেই অৱশেষত অসম বিধানসভাই শ্বেৰমান আলী আহমেদৰ বিষয়টোক লৈ শুনানি আহ্বান কৰিবলৈ বাধ্য হয় ।

কেইবাগৰাকীৰো বিধায়ক পদ খাৰিজৰ আবেদন কংগ্ৰেছৰ

উল্লেখ্য যে কংগ্ৰেছ বিধায়িনী দলে শ্বেৰমান আলীৰ লগতে আন কেইবাজনৰো বিধায়ক পদ খাৰিজ কৰিবলৈ বিধানসভাৰ অধ্যক্ষক আবেদন জনাইছে । কিন্তু এইক্ষেত্রত বৰ্তমানলৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে । বিধায়ক পদ খাৰিজৰ বাবে কংগ্ৰেছ দলে আবেদন জনোৱা আন বিধায়ককেইগৰাকী হ'ল শশীকান্ত দাস, ছিদ্দিক আহমেদ, বসন্ত দাস আৰু কমলাক্ষ্য দে পুৰকায়স্থ । বিৰোধীয়ে অভিযোগ কৰা অনুসৰি শাসকীয় বিজেপিৰ হস্তক্ষেপতে অধ্যক্ষই এইসকল বিধায়কৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । উল্লেখ্য যে কংগ্ৰেছৰ বিধায়ক হোৱাৰ পিছতো শশীকান্ত দাস, ছিদ্দিক আহমেদ, বসন্ত দাস আৰু কমলাক্ষ দে' পুৰকায়স্থই বিজেপিৰ শৰণাপন্ন হৈছে ।

লগতে পঢ়ক :দেবলাল গাৰ্লোচা মুখ্যমন্ত্ৰীৰ এ টি এম: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.