ETV Bharat / state

সোমবাৰৰ পৰা "ৰাইজৰ সেৱা ৰাইজৰ পদূলিত" - ASSAM TRANSPORT DEPARTMENT

প্ৰয়োজন হ’লেই বাহনৰ গৰাকীৰ কাষত ঠিয় হ’বগৈ যান-বাহন পৰিদৰ্শককে ধৰি বিভাগৰ সহায়কাৰী বিষয়াৰ দল ।

Raijor sewa raijor padulit scheme
সোমবাৰৰ পৰা "ৰাইজৰ সেৱা ৰাইজৰ পদূলিত" (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 6:38 PM IST

গুৱাহাটী: যান-বাহন ব্যৱহাৰকাৰীৰ বাবে সুখবৰ ! এতিয়াৰে পৰা কামৰূপ মহানগৰ জিলাৰ সম-জিলাসমূহতো থিতাতে সমাধান হ’ব যান-বাহন বিষয়ক সমস্যাৰ । প্ৰয়োজন হ’লেই বাহনৰ গৰাকীৰ কাষত ঠিয় হ’বগৈ যান-বাহন পৰিদৰ্শককে ধৰি বিভাগৰ সহায়কাৰী বিষয়াৰ দল ।

কেতিয়াৰ পৰা আৰম্ভ হ'ব "ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচী:

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ লক্ষ্যৰে যান-বাহনৰ গৰাকীক বিশেষভাবে সহায়ৰ হাত আগবঢ়াবলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে আগন্তুক ১৬ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” শীৰ্ষক পষেকজোৰা অভিলাষী কাৰ্যসূচী গ্ৰহণ কৰিছে । ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ পৰিকল্পনা আৰু তত্বাৱধানত অনুষ্ঠিত হ'ব ।

কেতিয়া ক'ত ক'ত অনুষ্ঠিত হ'ব এই কাৰ্যসূচী:

পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে জনোৱা অনুসৰি," এই জনসেৱা কাৰ্যসূচীত মহানগৰ জিলাখনৰ জালুকবাৰী, ডিমৰীয়া, নিউ গুৱাহাটী আৰু দিছপুৰ সম-জিলাৰ অন্তৰ্গত যিসকল যানবাহনৰ গৰাকীয়ে সময় আৰু কাৰিকৰী অসুবিধাত বাহন চালনাৰ অনুজ্ঞাপত্ৰকে ধৰি বাহনৰ বিভিন্ন নথি-পত্ৰসমূহ অনলাইনযোগে নৱীকৰণ কৰিব পৰা নাই অথবা যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰিব পৰা নাই সেইসকলক বিশেষভাৱে সহায়ৰ হাত আগবঢ়োৱা হ’ব । কাৰ্যসূচী অনুসৰি জালুকবাৰীত ১৬ আৰু ২৩ ডিচেম্বৰত, ডিমৰীয়াত ১৮ আৰু ৩০ ডিচেম্বৰত, নিউ গুৱাহাটীত ২০ আৰু ২৭ ডিচেম্বৰত এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব । ৰাজ্যৰ ৰাজধানী চহৰখনৰ এইকেইখন সম-জিলাৰ কাৰ্যালয়ত পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল উপস্থিত হৈ বাহনৰ গৰাকীৰ বিভিন্ন ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ লগতে বাহনৰ নথি-পত্ৰ বিষয়ক গুৰুত্বপূৰ্ণ সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধানৰ চেষ্টা চলাব ।

কি কি বাহনৰ নথি-পত্ৰৰ সমস্যা নিষ্পত্তি কৰিব:

তেওঁ জনোৱা অনুসৰি,"ৰাইজৰ সেৱা ৰাইজৰ পদূলিত কাৰ্যসূচীৰ সময়ছোৱাত ব্যক্তিগত বাহনৰ উপৰি বিভিন্ন শ্ৰেণীৰ বাণিজ্যিক বাহনৰ লগতে উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থা আদিয়েও বাহনৰ নথি-পত্ৰ বিষয়ক সমস্যাৰ কথা অৱগত কৰিলে পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়াৰ দলে সমাধানৰ ব্যৱস্থা কৰিব ৷ একেদৰে জিলা পৰিবহণ বিষয়াৰ বেতকুছিস্থিত কাৰ্যালয়ত বিশেষভাৱে সাজু কৰা কৰ্মচাৰীৰ দলেও সমান্তৰালভাৱে মহানগৰ জিলাখনৰ সকলো শ্ৰেণীৰ যান-বাহন বিষয়ক সমস্যাৰ সমাধান কৰিব । সকলো শ্ৰেণীৰ যান-বাহন ব্যৱহাৰকাৰীৰ সৈতে পৰিবহণ বিভাগৰ সম্পৰ্ক ওচৰ চপাই আনি সকলোৰে সন্মিলিত প্ৰচেষ্টাত মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাটো এই কাৰ্যসূচীৰ অন্যতম লক্ষ্য ৷"

লগতে পঢ়ক: অসুবিধাত পৰাৰ আগতেই গাড়ীখনৰ নথি-পত্ৰবোৰ ঠিক কৰি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.