ETV Bharat / state

ভোটগ্রহণৰ দিনকেইটাত বৈতনিক ছুটী ঘোষণা অসম চৰকাৰৰ - Lok Sabha Election 2023 - LOK SABHA ELECTION 2023

লোকসভা নিৰ্বাচন উপলক্ষে ভোটগ্ৰহণৰ দিনকেইটাত পেইড হলিডে' ঘোষণা ৷ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত হোৱা দিনকেইটাত বৈতনিক ছুটী লাভ কৰিব কৰ্মচাৰীয়ে ৷

LOK SABHA ELECTION 2023
পেইড হলিডে' ঘোষণা অসম চৰকাৰৰ
author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 10:17 PM IST

গুৱাহাটী, 13 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগে জাৰি কৰিছে এক অধিসূচনা | সেই অনুসৰি আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে ভোটগ্ৰহণৰ দিনকেইটাত বৈতনিক ছুটী (পেইড হলিডে') ঘোষণা কৰা হৈছে ৷ অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে 19 এপ্ৰিল, দ্বিতীয় পৰ্যায়ৰ বাবে 26 এপ্ৰিল আৰু তৃতীয় পৰ্যায়ৰ বাবে 7 মে'ৰ দিনকেইটাত সকলো কাৰখানা, চাহ বাগিচাকে ধৰি দোকান তথা বাণিজ্যিক প্ৰতিষ্ঠান, ৰাজহুৱা আমোদ-প্ৰমোদ বা বিনোদন প্ৰতিষ্ঠান, ঠিকাদাৰী প্ৰতিষ্ঠান, ফাৰ্ম আৰু এনে আন উদ্যোগ তথা ৱৰ্কশ্বপ, বাণিজ্যিক তথা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বেংক আদিত কৰ্মৰত সকলো কৰ্মচাৰীৰ বাবে পেইড ছুটী ঘোষণা কৰা হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সংশ্লিষ্টসকলে লোকসভা নিৰ্বাচনত নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত হোৱা দিনকেইটাত বৈতনিক ছুটী লাভ কৰিব ৷ উল্লেখ্য যে জনপ্ৰতিনিধিত্ব আইন (আৰ পি এক্ট)ৰ 135 নং (বি) ধাৰা অনুসৰি ভোটগ্ৰহণ অনুষ্ঠিত কৰা সমষ্টিৰ বাবে সেই সমষ্টিৰ বাহিৰত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবেহে এই নিৰ্দেশনা প্ৰযোজ্য ৷ তদুপৰি সেই একে ধাৰা মতে অসমৰ সীমামূৰীয়া জিলাত বাস কৰা চুবুৰীয়া ৰাজ্যৰ ভোটাৰসকলেও নিজৰ সমষ্টিত ভোটগ্ৰহণৰ দিনা পেইড হলিডে'ৰ সুবিধা লাভ কৰিব পাৰিব ৷

পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া হ'লেও ভোটদান অনুষ্ঠিত হোৱাৰ দিনা উপৰোক্ত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব ৷ সেই অনুসৰি প্ৰথম পৰ্যায়ত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টি, দ্বিতীয় পৰ্যায়ত দৰং- ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আৰু তৃতীয় পৰ্যায়ত কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দিনটোত সমষ্টিৰ বাহিৰত থকা কৰ্মচাৰীসকলৰ বাবে এই বৈতনিক ছুটী প্ৰযোজ্য হ'ব ৷

একেখন আইন অনুসৰি প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু পশ্চিমবংগৰ ক্ষেত্ৰত- অৰুণাচল প্ৰদেশৰ বাবে দৰং-ওদালগুৰিত বাস কৰা ভোটাৰ, নাগালেণ্ডৰ বাবে ডিফুত বাস কৰা ভোটাৰ, মিজোৰামৰ ক্ষেত্ৰত কৰিমগঞ্জ আৰু শিলচৰত বাস কৰা ভোটাৰ, মেঘালয়ৰ ক্ষেত্ৰত ডিফু, শিলচৰ, নগাঁও, গুৱাহাটী, ধুবুৰীত বাস কৰা ভোটাৰ আৰু পশ্চিমবংগৰ ক্ষেত্ৰত কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত বাস কৰা ভোটাৰে ভোটদানৰ ক্ষেত্ৰত পেইড হলিডে'ৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ পিচতে সালসলনি হ’ব মন্ত্ৰীসভাৰ :মুখ্যমন্ত্ৰীৰ ঘোষণা - Reshuffle Of Assam Cabinet

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.