ETV Bharat / state

মথাউৰিয়েই শেষ ভৰসা: এতিয়াও আপোন ঘৰখনলৈ উভতিব পৰা নাই বহু বন্যাৰ্ত - Assam Flood 2024 - ASSAM FLOOD 2024

Miserable life of flood hits people: বানৰ পিছত দুৰ্বিসহ জীৱন কটাইছে বানাক্ৰান্তই । ডিব্ৰুগড়ৰ খোৱাঙত বুঢ়ীদিহিঙৰ ভগ্ন ৰিং বান্ধক লৈ শংকিত ৰাইজ । মন্ত্ৰীয়ে পাহৰিলে আশ্বাস ।

Miserable life of flood hits people
খোৱাঙত পুনৰ জটিল পৰিস্থিতিৰ আশংকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 9:06 AM IST

মৰাণ, ২৪ জুলাই: ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও বানে বিধ্বস্ত কৰি থৈ যোৱা ডিব্ৰুগড়ৰ খোৱাঙৰ বহু অঞ্চলত এতিয়াও দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে বানাক্ৰান্তই ৷ অলপতে বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে খোৱাং চেনিমাৰীত ৰিংবান্ধৰ বৃহৎ অংশ উটুৱাই নিয়াৰ পাছত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছিল ৷

খোৱাঙত পুনৰ জটিল পৰিস্থিতিৰ আশংকা (ETV Bharat Assam)

খোৱাং চেনিমাৰী, কাৱৈমাৰী, গৰৈমাৰী, দলনিকুৰ, গেৰগেৰী, চমুৱা গাঁও, চেৰেপাখাটীকে ধৰি ১০ খনৰো অধিক গাঁৱৰ কেইবাশ পৰিয়াল আক্ৰান্ত হৈছিল বানত ৷ এতিয়া পানী কমিল যদিও বহু লোকে বিগত ২২ দিনে পথৰ কাষত, মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হৈছে ৷ বানে বহু লোকৰ হেঁপাহৰ ঘৰখন তচনচ কৰি যোৱাত উপায়হীন হৈ পৰিছে বানাক্ৰান্ত ৷

আনহাতে, খোৱাং চেনিমাৰীৰ ভগ্ন ৰিংবান্ধক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । বুঢ়ীদিহিঙৰ পানী পুনৰ বৃদ্ধি পোৱাৰ লগে লগে এই গাঁও সমূহত ভয়াৱহ বানৰ আশংকাই দেখা দিছে । ৰাইজে নদী-দ্বীপৰ মাজত আৱদ্ধ হৈ থকাৰ দৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । এই লোকসকল বৰ্তমান বৰ্হিজগতৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বানৰ ভয়াৱহ পৰিস্থিতিৰ সময়ত পৰিস্থিতিৰ বুজ লৈ পানী কমিলে ভাঙি যোৱা ৰিংবান্ধ নিৰ্মাণ কৰা হ'ব বুলি ৰাইজক আশ্বাস দিছিল । কিন্তু ইয়াৰ পিচত এই ৰিংবান্ধ নিৰ্মাণত কোনো তৎপৰতা দেখিবলৈ পোৱা নাই বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । খোৱাঙত পুনৰ জটিল পৰিস্থিতিৰ আশংকাত ৰাইজে শীঘ্ৰেই এই ভগ্ন ৰিংবান্ধ মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক:বানে কৰিলে সৰ্বস্বান্ত, এতিয়া নাই চিকিৎসাৰ সুব্যৱস্থা : টীয়কবাসীৰ দুৰ্ভোগৰ খবৰ ল’ব কোনে ? - Assam Flood 2024

এটুপি খোৱাপানীৰ বাবে ধেমাজিত বন্যাৰ্তৰ হাহাকাৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.