ETV Bharat / state

সময় মানি নচলিলে বিপদ : শিক্ষকৰ উপস্থিতি সন্দৰ্ভত নিৰ্দেশনা জাৰি - Shiksha Setu Axom - SHIKSHA SETU AXOM

Instruction by Assam education department: সময়ত উপস্থিতি প্ৰদান নকৰিলে দৰমহা কাটিব অসম চৰকাৰে ৷ দুবাৰতকৈ বেছি নিৰ্দেশনা অমান্য কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষাবিভাগে ।

Instruction by Assam education department
শিক্ষকৰ উপস্থিতি সন্দৰ্ভত নিৰ্দেশনা জাৰি অসম চৰকাৰৰ (Shiksha Setu Axom)
author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 9:33 PM IST

গুৱাহাটী, ৮ জুন: সচিবালয়ৰ পিচত এইবাৰ টাৰ্গেট শিক্ষক সমাজ । শেহতীয়াকৈ উপস্থিতিক লৈ সচিবালয়ৰ কৰ্মচাৰীসকলৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ পিচত এইবাৰ চৰকাৰে শিক্ষকসকলৰ বাবে জাৰি কৰিলে নিৰ্দেশনা ।

Instruction by Assam education department:
শিক্ষকৰ উপস্থিতি সন্দৰ্ভত নিৰ্দেশনা জাৰি (ETV Bharat Assam)

নিৰ্ধাৰিত সময় অনুসৰি দায়িত্ব পালন নকৰিলে বিপদত পৰিব শিক্ষক আৰু কৰ্মচাৰীসকল । এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষক সমাজৰ বাবে স্কুল শিক্ষা বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা । এতিয়াৰে পৰা প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিত হোৱাৰ সময় আৰু বিদ্যালয় এৰাৰ সময় আপলোড কৰিব লাগিব শিক্ষাসে‍তু প'ৰ্টেলত ।

নিৰ্ধাৰিত সময়ত উপস্থিতি প্ৰদান নকৰিলে কৰ্তন হ'ব দৰমহা । নিৰ্ধাৰিত সময়তকৈ ১৫ মিনিটৰ পলম হ'লে বা ১৫ মিনিট পূৰ্বে বিদ্যালয় এৰিলে নৈমিত্তিক ছুটী হিচাপে গণ্য কৰিব দিনটো । এমাহত দুবাৰতকৈ বেছি দিন নিৰ্দেশনা অমান্য কৰিলে শিক্ষাবিভাগে গ্ৰহণ কৰিব ব্যৱস্থা । এই নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ স্কুল শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে ।

এই নিৰ্দেশনাৰ পিচতে পুনৰ শিক্ষক সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । লক্ষ্যণীয় বিষয় যে শিক্ষাসেতু এপক লৈ আৰম্ভণীৰ পৰাই শিক্ষক সমাজৰ মাজত অসন্তুষ্টি আছে । প্ৰায়ে এই অসন্তুষ্টি দেখিবলৈ পোৱা যায় । আনহাতে শিক্ষাসেতু এপত বিভাগীয়ভাৱে এটাৰ পিচত আনটো বিষয় সন্নিবিষ্ট কৰাক লৈ ইতিমধ্যেই ক্ষোভিত হৈ আছে শিক্ষক সমাজ ।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ ১২টা শিক্ষক সংগঠনৰ উমৈহতীয়া সন্মিলিত শিক্ষক মঞ্চই শিক্ষক সমাজে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত গুৱাহাটীত অনুষ্ঠিত কৰিছিল কাৰ্যনিৰ্বাহক । য’ত শিক্ষাসেতুৰ বিসংগতি আৰু শিক্ষক সমাজে সন্মূখীন হোৱা সমস্যা সন্দৰ্ভত আলোচনা কৰা হৈছিল । শিক্ষাসেতুৰ বিসংগতি উদঙাই তেওঁলোকে উল্লেখ কৰিছিল যে পুৱাৰ পৰা আবেলিলৈ শিক্ষার্থী আৰু শিক্ষকৰ উপস্থিতি লোৱা শেষেই নহয় ।

এজনৰ উপস্থিতি দিবলৈ বহু সময়ৰ প্ৰয়োজন হয় । ছাত্ৰ-ছাত্ৰীৰ যদি গ্ৰুপ কৰা হয় তেন্তে শিক্ষাসেতুৱে নলয় উপস্থিতি । এপটোক লৈ সন্মুখীন হোৱা সমস্যাসমূহ সংশ্লিষ্ট কর্তৃপক্ষক লিখিতভাৱে অৱগত কৰিবলৈ সন্মিলিত শিক্ষক মঞ্চই শিক্ষকসকলৰ প্ৰতি আহ্বান জনাইছিল ।

লক্ষ্যণীয় বিষয় যে ১৩ মাৰ্চত শিক্ষামন্ত্ৰী, ২১ মাৰ্চত প্ৰাথমিক শিক্ষা সঞ্চালক আৰু ২২ মাৰ্চত মাধ্যমিক শিক্ষা সঞ্চালকক মঞ্চৰ প্ৰতিনিধি দলে আলোচনা কালত শিক্ষাসেতু এপৰ সকলো বিসংগতি অৱগত কৰিছিল । শিক্ষাসেতুক লৈ শিক্ষক সমাজত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে পুনৰ আন এক নিৰ্দেশনা জাৰি কৰা হৈছে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে অসম সচিবালয়ৰ সকলো বিষয়া-কৰ্মচাৰীক পুৱা ৯.৩০ বজাৰ ভিতৰত উপস্থিত হৈ পুৱা ৯.৪৫ বজাৰ ভিতৰত অসম সচিবালয়ত স্থাপন কৰা এফ আৰ এ এছত নিজৰ উপস্থিতি পঞ্জীয়ন কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল । অভ্যাসগত পলমকৈ অহাসকলক উপযুক্তভাৱে অনুশাসনমূলক ব্যৱস্থা লোৱাৰ লগতে নৈমিত্তিক ছুটী কৰ্তন কৰাৰ কথা নিৰ্দেশনাত উল্লেখ কৰা হৈছিল ।

এইবাৰ সময়ৰ মূল্য নুবুজা শিক্ষক-কৰ্মচাৰীক নাকী লগোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে ।

লগতে পঢ়কঃ নিৰ্বিকাৰ ভূমিকাত ৰাজ্যৰ শিক্ষা বিভাগ ! শিক্ষকৰ অভাৱত প্ৰত্যাহ্বানৰ সন্মুখীন শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.