ETV Bharat / state

অশান্ত বাংলাদেশত হিন্দুসকলক‌ সুৰক্ষিত কৰাৰ বাবে হেঁচা প্ৰয়োগৰ আহ্বান মুখ্যমন্ত্ৰীৰ - Assam CM Himanta Biswa Sarma - ASSAM CM HIMANTA BISWA SARMA

Assam CM on Bangladeshi Infiltration : বাংলাদেশত থকা হিন্দুসকল সুৰক্ষিত হৈ আছেনে ? অসমত অনুপ্ৰৱেশ কৰিছে নেকি কোনো বাংলাদেশী ? এইক্ষেত্ৰত চৰকাৰৰ তৰফ পৰা কেনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ? এই বিষয়ত মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

Assam CM on Bangladeshi Infiltration
অশান্ত বাংলাদেশত হিন্দুসকলক‌ সুৰক্ষিত কৰাৰ বাবে হেঁচা প্ৰয়োগৰ আহ্বান মুখ্যমন্ত্ৰীৰ (Photo Source Facebook@himantaBiswaSarma)
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 10:52 AM IST

গুৱাহাটী, ২৪ আগষ্ট : অশান্ত বাংলাদেশৰ পৰা অসমত অনুপ্ৰৱেশ কৰি থকা হিন্দু বাংলাদেশীসকলক সুৰক্ষা প্ৰদান কৰক । বাংলাদেশ চৰকাৰক দেশখনত থকা হিন্দুসকলক সুৰক্ষা প্ৰদানৰ বাবে আহ্বান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

বৰাক ভ্ৰমণৰত মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সাংবাদিকক সম্বোধন কৰি কয়, "বাংলাদেশৰ পৰা আমাৰ ইয়ালৈ হিন্দু লোকক অনাৰ প্ৰশ্নই নাহে ৷ বাংলাদেশ চৰকাৰৰ ওপৰত আমি বা অন্য দেশে হেঁচা বা চাপ প্ৰয়োগ কৰিব লাগিব, যাতে প্ৰতিজন হিন্দু তাত সুৰক্ষিত হৈ থাকে ৷"

বাংলাদেশৰ পৰা কোনো হিন্দু লোক অসমলৈ আহিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "ধৰি লোৱা হ'ল এজন-দুজন লোক আহিল, তেন্তে বাকীসকলৰ তাত কি হ'ব ! সেইবাবে এই প্ৰশ্ন আহিবই নোৱাৰে ৷ অসম চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু বি এছ এফ সকলো সচেষ্ট হৈ আছে যাতে এজনো বাংলাদেশী অসমত প্ৰৱেশ কৰিব নোৱাৰে ৷"

লগতে তেওঁ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই‌‌ ক্ষেত্ৰত নিশ্চিতভাৱে কাম কৰি আছে । বাংলাদেশক হেঁচা প্ৰয়োগ কৰাৰ বাবে আমেৰিকা আৰু ইউৰোপিয়ান ইউনিয়ন আগবাঢ়ি আহিব লাগে ।"

বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "অসমত এইকেইদিনত বাংলাদেশীৰ অনুপ্ৰৱেশ হৈ আছে । কিন্তু আমি সীমান্তত বাধা প্ৰদান কৰি উভতাই পঠিয়াই আছোঁ । বাংলাদেশত বস্ত্ৰ উদ্যোগসমূহ ধ্বংস হৈ যোৱাৰ বাবে তাত কাম কৰা বাংলাদেশীসকলে কাম বিচাৰি ভাৰতত প্ৰৱেশ কৰা‌ বুলি অনুপ্ৰৱেশকাৰীসকলে আমাক কৈছে । তেওঁলোকে কোৱা‌ মতে, তামিলনাডুত থকা বস্ত্ৰ উদ্যোগসমূহত কাম কৰাৰ বাবে তেওঁলোকে অসমেৰে ভাৰতত প্ৰৱেশ কৰিছে ।"

উল্লেখ্য যে যোৱা ৫ আগষ্টত বাংলাদেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ ত্যাগ কৰাৰ পিচত বাংলাদেশত অৰাজকতা তীব্ৰ বৃদ্ধি পায় । আনহাতে, একাংশ দুষ্কৃতিকাৰীয়ে বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত আক্ৰমণ চলোৱাৰো অভিযোগ উঠিছে । যাৰ পৰিপ্ৰেক্ষিতত একাংশ বাংলাদেশী হিন্দু লোকে দেশখন এৰি ভাৰতত প্ৰৱেশৰ বাবে সীমান্তত ভিৰ কৰিছে । অৱশ্যে বি এছ এফৰ তৎপৰতাত দুই-এটা অনুপ্ৰৱেশৰ ঘটনাৰ বাহিৰে তেনে বিশেষ ঘটনা সংঘটিত হ'ব পৰা নাই । অসম-বাংলাদেশ সীমান্ত অতি সংবেদনশীল হৈ আছে । তাৰে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক :ধিং-কাণ্ডৰ মূল অভিযুক্তৰ পানীত জঁপিয়াই মৃত্যু - Dhing rape case
লগতে পঢ়ক :মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব ? ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া - Assam CM reacts on Dhing rape case

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.