ETV Bharat / state

তেজপুৰৰ দ-পৰ্বতীয়াত উদ্ধাৰ প্ৰত্নতাত্ত্বিক সমল - Archaeological Monument in Tezpur

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 10:41 PM IST

Updated : Sep 16, 2024, 10:53 PM IST

Historical Tezpur : তেজপুৰৰ দ-পৰ্বতীয়াত পুনৰ উদ্ধাৰ কৰা হৈছে প্ৰত্নতাত্ত্বিক সমল ৷ শিৱলিংগৰে সংপৃক্ত যোনিপীঠ বুলি মন্তব্য কৰিছে ৰাইজে ৷ ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ যাওতেই উদ্ধাৰ কৰা হয় এই সমল ৷

ARCHAEOLOGICAL MONUMENT IN TEZPUR
তেজপুৰৰ দ-পৰ্বতীয়াত উদ্ধাৰ প্ৰত্নতাত্বিক সমল (ETV Bharat Assam)

তেজপুৰ, ১৬ ছেপ্টেম্বৰ : তেজপুৰৰ পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজন ৷ পুৰাতাত্ত্বিক সমলৰে আঢ্যৱন্ত চহৰত উদ্ধাৰ পৌৰাণিক যুগৰ সমল ৷ বিভিন্ন সময়ত পুৰাতাত্ত্বিক তথা প্ৰত্নতাত্ত্বিক সমল উদ্ধাৰ হোৱা তেজপুৰৰ এক ঐতিহাসিক অঞ্চল দ-পৰ্বতীয়া লেঙাচুবুৰিত উদ্ধাৰ হোৱা এক প্ৰস্তৰ খণ্ডক লৈ ৰাইজৰ মাজত গভীৰ উৎসুকতাই বিৰাজ কৰিছে ৷

উল্লেখযোগ্য যে, অঞ্চলটোৰ কাষেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত মাটিত পোত খাই থকা এই প্ৰস্তৰখণ্ডত প্ৰাচীন কালৰ শিল্পকৰ্মৰ চিহ্ন স্পষ্ট হৈ আছে ৷ এই খণ্ডৰ আকৃতিৰ বাবে এয়া এক শিৱলিংগৰে সংপৃক্ত যোনিপীঠ বুলি ৰাইজে মন্তব্য কৰিলেও সেয়া অৱশ্যে এইপৰ্যন্ত নিশ্চিত হোৱা নাই ৷ প্ৰণিধানযোগ্য যে, যোনিপীঠ হিচাপে অভিহিত এই প্ৰস্তৰখণ্ডৰ মধ্যঅংশত এটা সময়ত শিৱলিংগ আছিল বুলি ধাৰণা কৰা হৈছে ৷ স্থানীয় কেইজনমান লোকে ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ যাওতেই লেঙা চুবুৰী ঘাটত এই প্ৰস্তৰখণ্ড দেখিবলৈ পায় আৰু তেওঁলোকে ৰাইজক অৱগত কৰোৱাত ৰাইজে ঘাটৰ পৰা প্ৰাচীন সমলবিধ লেঙা চুবুৰী নামঘৰলৈ লৈ আনে ৷

এই সন্দৰ্ভত তেজপুৰ জিলা সংগ্ৰহালয়ৰ বিষয়া অভিলাষ ৰাজখোৱাই প্ৰকাশ কৰা মতে উদ্ধাৰ হোৱা এই প্ৰস্তৰখণ্ড প্ৰাচীন শিৱ মন্দিৰৰে অংশ হ’ব পাৰে ৷ এই যোনিপীঠখন তেজপুৰ জিলা সংগ্ৰহালয়ত সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, তেজপুৰৰ আন বহু অঞ্চলৰ উপৰি দ-পৰ্বতীয়া অঞ্চলত বহু প্ৰাচীন সমল এতিয়াও দেখিবলৈ পোৱা যায় ৷ এনে প্ৰত্নতাত্ত্বিক গুৰুত্ব থকা ভালেসংখ্যক প্ৰাচীন সমলৰ ভগ্নাৱশেষ এতিয়াও এই বৃহত্তৰ অঞ্চলত সিঁচৰতি হৈ থকাৰ উপৰি মাটিত পোতখাই থকা অৱস্থাতো বহু সমল থকাৰ সম্ভাৱনীয়তাৰ বিষয়ে তথ্যবিজ্ঞ মহলে প্ৰকাশ কৰি আহিছে ৷ পুৰাণবৰ্ণিত কাহিনীৰ পৰা শালস্তম্ভ, বৰ্মন বংশ তথা আহোম ৰাজত্ব কালৰ বিভিন্ন আখ্যান আৰু সমলৰে সমৃদ্ধ তেজপুৰৰ ঐতিহাসিক দ-পৰ্বতীয়াত পুনৰ নতুনকৈ উদ্ধাৰ হোৱা এই প্ৰাচীন সমলে অঞ্চলটোৰ ঐতিহাসিক গুৰুত্বক পুনৰ এবাৰ উদ্ভাসিত কৰা বুলিও ৰাইজে মন্তব্য কৰিছে ৷ ইতিমধ্যে এই বিষয়ে বিশেষজ্ঞসকলে অধ্যয়ন অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : তবলাত নিখুঁত পৰশ দিবলৈ জ্যোতি ভাৰতীত উপস্থিত এজন বিশেষ কাৰিকৰ

জি আই টেগ লাভ কৰা তেজপুৰৰ লিচুৰ সোৱাদ আপুনি বাৰু লৈছে নে ?

Last Updated : Sep 16, 2024, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.